আমাৰ চোতালখন (The Courtyard)


চোতালখন বুলিলেই মনত পৰে শৈশৱৰ ধেমালীবোৰলৈ। আমি কেৱল আমি তিনিজনী বাই-ভনীয়েই নাছিলো- বাবমুনুদাহঁত, বাছা, আইমণী বা..আমি সকলোৱে বৃহৎ চোতালখনত  উমলি জামলি ডাঙৰ হৈছিলো। বাৰান্দাৰ শেষ আৰু চোতালৰ আৰম্ভণিতে থকা আমাৰ ঘৰৰ বহিব পৰা সেই ঠাইখিনিতে মা আৰু কুন্তল বাইদেৱে ( সম্বোধন হ'ব লাগিছিল জেঠাই ; পিছে স্কুলৰ বাইদেউ হোৱাত কোনোদিন আৰু জেঠাই নহলগৈ!) বহি বহি কথা পাতি আমাক চাই থাকিছিল। চোতালৰ বন আৰু চুকৰ  ঢেকীয়া শাক বুটলাও মাজে মাজে আমাৰ খেলৰ অংশ  হৈছিল।

ডাঙৰ হোৱাৰ  পাছত, সেই বিশাল চোতালখন সৰাৰ সময়ত কিমান যে খং উঠিছিল! 

 চোতালখন আমাৰ বাবে কেৱল চোতাল আছিল জানো? আহল বহল মনবোৰৰো যেন পৰিচয় আছিল চোতালখন। তাতে অসমীয়া সংস্কৃতিয়ে আহি বৰপীৰা পাৰিছিলহি। বহাগ বিহু আহিলেই অকনিহঁতে হুচৰি গাইছিলো । মা ৰ ৰিহা আৰু ককালতে ৰচী বান্ধি দুভাজ কৰি পিন্ধা মেখেলা- মূৰত কপৌ ফুল, হাতত বাঁহৰ টকা, সুতলি আদি লৈ চোতালে চোতালে হুচৰি গাবলৈ যাও। প্ৰায় সকল গৃহস্থই চাউল অথবা সিকিৰে শৰাই আগবঢ়াইছিল- যেন কোনো দেৱশিশুহে  আমি!যি সকল   ওলাই নাহিছিল,  তেওলোকৰ চোতালত চিঞৰি চিঞৰি গাইছিলো-"এইঘৰ মানুহ ক'লৈ গ'ল/চৰায়ে ধান খালে/ পইচা দিব লাগে বুলি দুৱাৰ মাৰি থলে।"আৰু যেতিয়া সন্ধিয়া হুচৰিৰ বাবে ৰাইজ আহিছিল- দুঘৰমান কাষত নাম- কীৰ্তন চলি থাকোতেই সাজু কৰা হৈছিল পাণ- তামোল-শৰাই- ধূপ-ধূনা, চাকি- বন্তি। খোল, তাল, নেগেৰাৰে মুখৰ হৈ পৰিছিল পৰিবেশ। হৰিনাম ৰসৰ সেই সময়ছোৱাত প্ৰতিঘৰ মানুহৰ চোতাল যেন পৰিণত হৈছিল বৈকুণ্ঠলৈ! গুৰুজনাৰ 'নাম অমৃতৰ ধাৰা' ব্ৰহ্মাণ্ডক ভেদি যেন সঁচাকৈয়ে নামি আহিছিল ধৰালৈ...।মাঘ বিহুৰ উৰুকাৰ নিশা আক' কোনে আহি কাৰ চোতালত হাল বাই থৈ যায়- তাৰ বাবে সজাগ থাকিব লাগিছিল!আৰু কাতি বিহুত? চোতালতে থকা তুলসী জোপাৰ তলৰ চাকি গছে যেন আকাশ বন্তিগছিক চুবলৈ বিচাৰিছিল...(জীৱনৰ শেষত, তুলসীজোপাৰ তলত, চোতালখনতে শুৱাই দিবলৈ মা ই ক'ত যে কৈছিল!)

সেয়াই জানো? চোতালখনত মেলি দিয়া ধান শুকুৱা চাই থাকি বান্দৰ, কুকুৰৰ পৰা ৰক্ষা কৰিবলৈ চম্পাৱতীজনী যে হৈছিলো...টুল খনকে টেবুল সজাই বন্ধৰ দিনত বহিছিলো যদিও অবাধ্য দুচকু থাকিছিল পদূলিত! অহা যোৱা কৰা গঞাই খবৰ লৈছিল- "বোলো, ভালনে ঔ ,আইজনী"।চুবুৰিৰ পোণা বাইদেউহঁতে তাঁত- বাতি লগালে উঘা আৰু যঁতৰ আমাৰ বুকুতো ঘূৰিবলৈ ধৰিছিল! দৌৰ মাৰিছিলো আমি!সম্বন্ধবোৰ তেনেকৈয়ে দৃঢ় হৈও থাকিছিল...চোতালখনৰ ৰ'দখিনি অসমী আইৰ ৰ'দলৈ ৰূপান্তৰিত হৈ মহম্মদ  ৰ'ফিৰ কন্ঠলৈ বাগৰি গৈছিল..

অতিমাৰীৰ সময়ত চোলাতখনলৈ মনত পৰিছে।মহানগৰীৰ পাৰ বাহটোৰ অকণমানিকা বাৰান্দাৰ পৰা বাহিৰলৈ আকুলতাৰে চাই থকা শিশু সন্তানলৈ চাই ভাগি পৰিছো..."আগচোতালৰ কৰবী জোপা" চুব নোৱাৰা  বাবেই মোৰ সন্তানবোৰৰ মনবোৰো আজি ভংগুৰ হৈ পৰিছে নেকি বাৰু? ডুগডুগহঁতৰ দৰে ইহঁতবোৰও চোতাল  এখনত খেলিবলৈ পোৱা হ'লে!!চোতালখনে যেন অহৰহ "মাতে মোক হাত বাউলী...






Post a Comment

2 Comments