তোলনি-বিয়া : পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা (The need for change)

 ঠিক ১৪  বছৰ  মান বয়সলৈকে তোলনি নোহোৱা ছোৱালীৰ মানসিক চাপ আৰম্ভ হয়। সেই চাপ কেৱল তাইৰ হৈ নাথাকি ঘৰ খনৰ হৈ পৰে; চুবুৰিলৈ বাগৰি যায়!ঋতুমতী নোহোৱাটো ছোৱালীজনীৰ বাবে অভিশাপ হৈ পৰে!

তাহানিৰ তোলনি-বিয়াত আঁয়তিসকলে ঋতুমতী ছোৱালী এজনীক হয়তু জীৱনৰ বাবে সাজু কৰিছিল- কষ্টকৰ জীৱনত নাচি বাগি তেওলোকেও ক্ষণিক আনন্দ কৰিছিল- কলগছক স্বামী সজাই ছোৱালীজনীৰ ভবিষ্যতৰ আখৰা কৰিছিল! চিৰা - দৈ, লুচি-চবজিতে সামৰা হৈছিল পৰ্ব! ৰাতিলৈ কেৱল জ্ঞাতিৰ বাবেহে মাছ- মাংসৰ আয়োজন কৰা হৈছিল! 

আজিকালি তেনে নহয়! চোতালৰ ৰভাৰ পৰা বিবাহ-ভৱন আৰু  হোটেললৈ ধাবিত হৈছে বিয়াৰ পাৰ্টি।বৰবিয়াৰ দৰেই বিধে বিধে ব্যঞ্জন- বুফে - নিজে লৈ খাব লাগে! তোলনি-বিয়া এতিয়া খৰচৰ বাঁহ- অভিভাৱকৰ নিদ্ৰা হৰণৰ বিষয়! "সেই কাৰণে ছোৱালী জন্ম হ'ব নাপায়!ল'ৰাৰ লগত এনে খৰছ নহয়!" এজনী ছোৱালী জন্ম হোৱাৰ নিচাত্মিকতা সমাজে তাইৰ ওপৰত ক্ৰমশঃ জাপিবলৈ আৰম্ভ কৰে ঠিক তেতিয়াৰে পৰা!

সমাজৰ পৰিবৰ্তন হৈছে। মানুহ আধুনিক হৈছে!তোলনি-বিয়া কিন্ত্ত পূৰ্বতকৈ অধিক ধুমধামৰে উদ্ যাপন হোৱাহে দেখা গৈছে। এনে হ'ব লাগিছিল নে?

আজিৰ তাৰিখত চেনিটেৰি পেড ওলাইছে। বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ দিনত ছোৱালী এজনিক প্ৰাকৃতিক প্ৰক্ৰিয়াটোৰ বিষয়ে সহজকৈ বুজাই দিলেই নহয়নে বাৰু?

তোলনি-বিয়াৰ বিষয়ৰ প্ৰথম লেখাটি পঢ়ি প্ৰায় সকলোৱেই ইয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে! এয়া নিশ্চয় শুভ কথা। আজিৰ ছোৱালী এজনীকো যেতিয়া অযুক্তিকৰ পৰম্পৰাৰ নামেৰে বন্দী বনোৱা হয় নতুবা তাইৰ পুস্পিতা হোৱাৰ ঘটনাটোক বিজ্ঞাপনৰ দৰে প্ৰচাৰ কৰা হয়; তেতিয়া ভাব হয় এয়া যেন নাৰীত্বৰ ইতিকিং! দেহৰ শাৰিৰীক মানসিক পৰিবৰ্তনৰ প্ৰতি ভ্ৰুকুটি !অতি আধুনিক, উচ্চ শিক্ষিত মহিলা এগৰাকীয়ে যেতিয়া ছোৱালীৰ তোলনি-বিয়া 'খাবলৈ'  'ঘৰৰ সকলোকে' নিমন্ত্ৰণ দিছিল;মই নুসুধি নোৱাৰিলো 

"এৱো যাব?-তোলনি-বিয়াত টো মই জনাত পুৰুষৰ প্ৰবেশ নিষেধ!"

:এস, দাদাইনো আৰু নিয়ম চাবলৈ যাবনে? খাবলৈহে যাব!

তেওঁৰ উত্তৰত মই হতবাক হৈছিলো।পৰম্পৰা বা সংস্কৃতিয়েই যদি ইয়াৰ নাম হয়, তেনেহ'লে তোলনি-বিয়াৰ বিকৃতিকৰণ হোৱা নাই নে? নে সময়ৰ সোঁতত হোৱা সংস্কৃতিৰ উৎপৰিবৰ্তন?

ছোৱালীজনীৰ কষ্টৰ কথা বাদেই দিলো!সাতদিনৰ ঋতুস্ৰাবৰ পাছত দূৰ্বল হৈ পৰা শৰীৰটোৱে সকাহ আৰু বিশ্ৰাম লোৱাৰ পৰিবৰ্তে যেতিয়া 'কইনা' সাজি অতিথি আপ্যায়ন কৰিব লাগে, পৰিয়ালটো আৰু তাইলৈ মোৰ দুঃখ লাগে! ক্লান্ত- অৱসাদ শৰীৰে যেতিয়া বিছনা বিছাৰে তেতিয়াও থাকি যায় নিয়ম!

বহুজনী ছোৱালী্য়ে ৰাতি কান্দোনত ভাগি পৰে! স্কুলত আন ছোৱালীৰ আগত লজ্জানত হোৱা যায়...

নাৰী শৰীৰৰ এই অদ্ভুত পৰম্পৰাৰ পৰিবৰ্তে ছোৱালীজনীক পৰিবৰ্তনৰ  বাৱে লাহে লাহে সাজু কৰা উচিত; ইন্টাৰনেটৰ আধিপত্যৰ যুগত ব্যখ্যা কৰা উচিত কি দৰে সিহঁতৰ শৰীৰ উৰ্বৰ হৈ উঠিছে ।নিজৰ অকনমান অসাৱধানতা-অজ্ঞতাই সিহঁতৰ জীৱন বিষময় হৈ পৰিব পাৰে! সামাজিক মাধ্যম, বিজ্ঞাপন , চিনেমাৰ দ্ৰুত প্ৰসাৰৰ দিনত সিহঁতৰ পৰিবৰ্তিত কোমল মনত যাতে অবাস্তব ধাৰণাই খোপনি পুতিব নোৱাৰে- এই সময়ত তাকেই বুজুৱা উচিত নহয়নে?

নাৰীৰ শৰীৰৰ এই পৰিবৰ্তন মোহনীয় !প্ৰকৃতিৰ অপূৰ্ব দান। এয়া বান্ধোনৰ শিকলি নহয়- এয়া লাজৰ বা দুঃখৰ কথাও নহয়- আনক জনোৱাৰ কথাও নহয়!

গছৰ পুলিটোৱে ফল দিয়াৰ পূৰ্বে ফুল ফুলোৱাৰ দৰে; এয়া যে নাৰীৰ দেহত প্ৰকৃতিয়ে বচা ৰঙা ফুল- জীৱনৰ  আঁচুফুল- ভবিষ্যত প্ৰতিশ্ৰুতিৰ সম্ভাৱনা-এয়া নিজক ভালপোৱা আৰু শৰীৰৰ দূৰ্বলতাৰ মুহুৰ্তক বুজি উঠি আকাশত উৰাৰ; সপোন দেখাৰ সময় ----

ছোৱালীজনীৰ শৰীৰটোক ভালপাবলৈ শিকাও আহক-পৰিবৰ্তন খিনিক দূৰ্বলতা আখ্যা নিদি শক্তি বুলি কও আহকছোন!

'তোলনি-বিয়াৰ' পৰম্পৰাত পৰিবৰ্তনৰ প্ৰয়োজন হৈছে বুলি আপুনিও নাভাৱেনে? নিয়ম থাকিলেও সেয়া ঘৰৰ ভিতৰতে সামৰি বাহুল্য কৰাৰ পৰা আতৰিব নালাগেনে? স্বাভাবিক প্ৰক্ৰিয়া এটাক অস্বাভাবিক কৰাৰ প্ৰয়োজন আছেনে বাৰু?



-----

A girl who is not menstruating at fourteen or fifteen years of age is in for a big shock of her life in Assam! The family and the girl would be ostracised by society. Friends would begin to question her! The ritual would turn into a curse for the girl. Society never cares about the adolescent girl who is going through physical and psychological changes. 


Even a decade earlier, tuloni biya used to be a mundane ceremony attended only by the women of the community. Feast used to be plain and simple with traditional food items like chira-doi (poha and curd), luchi-sobji (chapati and vegetables) being served to the invitees. These days, tuloni biya is celebrated almost like a marriage of a girl! The simple traditional atmosphere has been replaced with artificial lights at the marriage and banquet halls. Traditional foods have disappeared from the plate and the multi-cuisine buffet is the norm of the day. Once, men were not supposed to attend the ceremony, but today, the entire family is invited to attend the lunch/dinner! Isn’t this a cultural metamorphosis? Do we need such rituals that do not allow a girl to warmly embrace the changes in her body and feel proud of it and to enjoy it in her way? With the increasing influence of social media, advertising and cinema, it is necessary to make her understand, how to be careful about her body and to prepare herself to realise her dreams?


Today we have sanitary napkins, I could not even imagine how hard it would have been for our mothers and grandmothers… We should let a girl feel that menstruation is a power of womanhood – a symbol of fertility, a process that brings the news that she too has been blessed by mother nature to procreate if and when she chooses… Let’s not restrict her in the names of customs…







Post a Comment

2 Comments

  1. Ata prakitik kotha belegog jonuwa dorkar aru atia sobai gom pua hol atia luk dhak kori lav nai laj kori lav nai sob open hobo lage aru suwali jonir jibon noloi poisa joma kori rakim aru tuloni
    Khon dangor koi pata hobo.

    ReplyDelete
  2. yat change koribo loga aku nai agor pora soli ase eneke soli thakibo agot ke poriborton hoise bhal e kotha yar pora je kiman fyada hoi prakitik niyam ata sobe jona tu dorkar ase je hetu yat laaj r kotha aku nai suwali hole koribo lagibo compulsory aru yat lorar kotha kio kua hoise loror logot ai sob nohoi no aitu suwali r karone.

    ReplyDelete