"আপোনাৰ ল'ৰা নাই? তিনিজনী ছোৱালী? ইচ্, পিছলৈ কোনে চাব?"- মই জনা-বুজা হোৱাৰে পৰা দেখি অহা আৰু বেয়া পোৱা কথাটোৱেই আছিল এইটো!যেতিয়াই ঘৰলৈ নতুন আলহী আহিছিল; ক'ৰবাত উৎসৱ-পাৰ্বনলৈ গৈছিলো তেতিয়াই প্ৰায়ে মা এই প্ৰশ্নৰ সন্মুখিন হৈছিল। মা শান্ত প্ৰকৃতিৰ ব্যক্তি আছিল।সেয়ে তেওঁ নিৰৱে মিচিকিয়াইছিল মাথো(অপমানিত অনুভৱ কৰিছিল নে চাগৈ?)।ডাঙৰ হোৱাৰ পাছৰে পৰা কেতিয়াবা মই হে গোজোৰা মাৰি উত্তৰ দিছিলো-"মই চাম নহয়। আপোনালোকে নাভাবিলেও হ'ব।"
প্ৰায়ে দেখিছিলো, মা ৰ নিছিনা অকল 'ছোৱালীৰ মাক' বোৰৰ বাবে সমাজৰ কোনো শুভ কামত আগস্থান নাছিল; লাগিলে তেও উচ্চ শিক্ষিতাই নহওক কিয়!অকল সেয়াই নহয়, বাইদেউ বিবাহ যোগ্যা হৈ উঠাৰ পাছত ইকান-সিকানকৈ শুনিছিলো মানুহৰ কথাবোৰ - 'ল'ৰা নাই! তিনিজনী ছোৱালী। কোনে বিয়া পাতিবহে?' যেন ল'ৰা নোহোৱাতো এটা ভয়ংকৰ অপৰাধহে!
"সত্য -নাৰায়ণ পূজা পাতিলে, ঘৰত ৰাঘ পঢ়ালে ল'ৰা হয়েই। বাপু সামাজিক মানুহ। এইবিলাকত ভাগ লৈয়েই থাকে;নিজৰ ঘৰতোনো এভাগ নাপাতা কিয়?"
বহুলোকে মা ক উপদেশ দিছিল। আমাৰ ঘৰত কোনোদিনেই অৱশ্যে এই পূজা হোৱা নাছিল (পূজা-পাতলৰ পৰিমাণ বৰ সেৰেঙাই আছিল; নামঘৰত শৰাই হে দিয়া হৈছিল) । মাথো মা ৰ মৃত্যু গুৱাহাটীত হোৱাত, গাৱৰ সামাজিকতাৰ পাছত, ভাৰাঘৰত নাৰায়ণ পূজা হৈছিল।
নৱম নে দশম শ্ৰেণীত অৱশ্যে বুজি উঠিছিলো পুৰুষৰ দেহত থকা y নামৰ ক্ৰম'জমডালেই আচলতে যত কূটৰ ঘাই! নিষেচনৰ সময়ত y ক্ৰম'জমে যদি নাৰীৰ x ক্ৰম'জমক আকোৱালী লব পাৰে তেনেহ'লে xy যুটিৰে ভ্ৰুণটিয়ে পুৰুষৰ আকাৰ ধাৰণ কৰে আৰু পুৰুষৰ x ক্ৰম'জম ডালে যদি নাৰীৰ x ক্ৰম'জমক পছন্দ কৰে তেনেহ'লে xx ক্ৰম'জমৰে ভ্ৰুণটিয়ে ছোৱালী হয়। অথচ পুৰুষ সৃষ্টিৰ কাৰক y ধাৰণ নকৰা সত্বেও যুগে যুগে নাৰীয়েই পাই আহে অপমান!
:যিয়েই নোহোৱা কিয়, ভাল মানুহ হ'বা। সফলতা,সজ আচৰণ আৰু মানৱীয় গুণে নাৰী-পুৰুষৰ ভেদ নাৰাখে ।-দেউতাই বুজাইছিল।
ছোৱালী হ'লে হেনো বংশ ৰক্ষা নহয়!বংশ ৰক্ষা কিহে কৰে? কৰ্মই নহয় নে? যি ক্ৰম'জম মই মোৰ পিতৃ- মাতৃ ৰ পৰা লাভ কৰিছো সমাজৰ হাজাৰ নিয়মে তাক ধুই নোহোৱা কৰিব পাৰিব নে? মই ময়েই হৈ নাথাকিমনে?সকলোৰে 'বিধান' আছে- সময়ৰ লগে লগে পুৰণি 'বিধান' সলনি কৰি নতুন 'বিধান' বিচৰাৰ সময় হোৱা নাই নে?
মা ই আমাৰ তিনিজনীৰ নাম ৰাখিবলৈ বিচাৰিছিল- গাৰ্গী, মৈত্ৰেয়ী আৰু অত্ৰেয়ী: বৈদিক যুগৰ তিনি মহীয়সী; পুৰুষৰ সমানে মন্ত্ৰোচ্চাৰণ কৰা তপস্বীনি!দেউতাই অস্বীকাৰ কৰিছিল।"সিহঁত নিজৰ নামেৰে ভাস্বৰ হওক; আনৰ পোহৰ ৰে নহয়"। দেউতাৰ কাম্য আছিল। মা দেউতাই সেয়ে আন নামৰ বিচাৰ কৰিলে।দুয়োজনে লাহে লাহে আমাক কেতিয়াবা পুৰণি ভাৰতীয় বিদুষী সকলৰ সৈতে আৰু আন কেতিয়াবা বিশ্বৰ আন প্ৰান্তৰ নাৰী সকলৰ সৈতে পৰিচয় কৰাবলৈ ধৰিলে।আমাৰ সন্মুখত মুকলি হৈছিল পোহৰৰ এখন দুৱাৰ...পিতৃহাৰা দেউতাক মাকে ডাঙৰ কৰাৰ কাহিনী আৰু মা ৰ নিজা কথাবোৰ আমাৰ বাবে সাধু হৈছিল আৰু দুয়োগৰাকী শিশু মনৰ বাবে 'পৰী' হৈ পৰিছিল!আমাক ডাঙৰ দীঘল কৰোতে মা দেউতাই কোনোদিন কোৱা নাছিল, 'ছোৱালীয়ে অমুক কৰিব নাপায়, তমুক কৰিব নাপায়'।কোনো বৈষম্য নাছিল; তেনেহ'লে আন মানুহে মূৰ ঘমোৱাৰ প্ৰয়োজন আছিল নে বাৰু?
এয়া প্ৰায় ৩০-৪০ বছৰৰ আগৰ গাৱৰ কথা।পুৰণি হোৱা বুলি ভাবিছিলো। পিছে, সঁচাই পুৰণি হৈছে জানো?
গুৱাহাটীত থকা মোৰ ডাঙৰ জাই সিদিনা দুঃখ কৰিলে-কোনো এগৰাকী ব্যক্তিয়ে হেনো কৈছে সেই একেই পুৰণি কথাষাৰ- "তোমাৰটো ল'ৰা নাই; বেয়াই লাগে! কোনেনো চাব?"
মা ৰ হাঁহিটো সেইদিনা বোধহয় মোলৈ বিয়পিছিল-" যি গৰাকী নাৰীয়ে সেইষাৰ কথা কৈছে, তেওঁ পাহৰি গৈছে তেওঁ নিজেও যে নাৰী! এই কথাৰে আচলতে তেও নিজকো অপমান কৰিছে। আৰু তেও নাজানে বোধহয়, আইনে এতিয়া ছোৱালীক সম্পত্তিৰ সমান অধিকাৰ প্ৰদান কৰাৰ লগতে বিৱাহিত ছোৱালীকো বুঢ়া মা ক দেউতাকক চাৱলৈ দিছে। সিহঁতক পঢ়াই- শুনাই মানুহ কৰক। নাৰী বা পুৰুষ নহয়।" মই তেওঁক বুজাবৰ যত্ন কৰিছিলো।
পূজাৰ কলৰোলত মই ভাবিছো মাথো-কত ৰূপে যে ভাৰতীয় সভ্যতাই নাৰীক পূজিছে!ধন-ঐশ্বৰ্য, শক্তি, বিদ্যা বুধিৰ গৰাকী স্বয়ং নাৰী! অথচ তেওঁ হেনো পুৰুষৰ অধীন! কোন দুঃশাসনৰ হাতত পৰি যে নাৰী ডেউকাবিহীন হৈ কেনেকৈ কোনো দ্বৰকাপতিৰ শৰণাপন্ন হ'ব লগা হ'ল! অথবা চিৰ মুক্তা গংগা কেনেকৈ যে বন্দিনী হৈ পৰিল মহাদেৱ নামৰ পুৰুষৰ জঁটাত?
যি পুৰুষে মৃন্ময় মূ্ৰ্তিৰ পূজা কৰে; আশিস বিচাৰি যি সকলে দেৱীৰ চৰণ বন্দনা কৰে সেই ল'ৰা/পুৰুষ সকলে তেজ মঙহৰ ছোৱালীজনীকো সন্মান দিব জনা হ'লে 'নিৰ্ভয়া'ৰ নিছিনা ঘটনাবোৰ ঘটিব পাৰেনে?
:ইন্দু, তুমি ভাগ্যৱান। ছোৱালীহঁতে তোমাৰ যেনেদৰে যত্ন লৈছে; বহু ল'ৰাইও নলয়!মা ৰ অসুখৰ সময়ত খবৰ লওতে এগৰাকী বৰমাই কৈছিল।
:তই জন্ম হওতে তেওঁ কৈছিল, 'ইয়ে, এইবাৰো ছোৱালীহে হ'ল নেকি'? ভনীয়েৰৰ জন্মৰ সময়ত বৰদেউতাৰ জনে মোক 'বাজী' বুলিছিল। -ফোনটো থৈ মা ই কৈছিল।
:তুমি কিজানী তেতিয়াও মনে মনেই ৰৈছিলা? মই বিদ্ৰোহী হৈ উঠিছিলো
: ছাগলীটোক কোনোবাই কুকুৰ বুলি কওতেই তাক মানি লোৱাজন মূ্ৰ্খ নাছিলনে? মই কিয় মানি ল'ম? তহঁত মোৰ আশা আৰু সপোন। ল'ৰা- ছোৱালীক ডাঙৰ কৰোতে মাক-দেউতাকে সমাজ বা পৰিয়ালৰ কথা শুনি সিহঁতক পৃথক নকৰিলে শিশুৱে ল'ৰা- ছোৱালীৰ পাৰ্থক্য বুজি নাপায়। শিশুৰ মনটো উকা কাগজৰ দৰে। সিহঁতৰ কোমল মগজুত যি লিখিবা সেয়েই সিহঁতৰ ব্যক্তিত্য হ'ব!
মা ই মোৰ হাতটো খামুছি ধৰিছিল।"জীৱনত উৰিবলৈ শিকা। চিলনীজনীৰ দৰে। নীলা আকাশত আপোনমনে উৰি থাকিব পাৰিবা। দৰকাৰ হ'লে অকলেই উৰিবলৈ শিকা। তলৰ চকুবোৰে তেতিয়া তুমি ল'ৰা নে ছোৱালী সেয়া চাই নাথাকে। বুজিবও নোৱাৰে! নিজক বিশ্বাস কৰিবলৈ শিকিবা।"
হয়। হয়। প্ৰতি পিতৃ - মাতৃয়ে বিশ্বাস কৰা উচিত নিজক। সন্তানক। বহু ছোৱালীয়েও নোৱাৰা তাঁতৰ ফুল যে কত অসমীয়া ল'ৰাই উঠাব জানে সেইকথা বাৰু নকলে ভুল নহ'বনে?ছোৱালীহতঁক আত্মবিশ্বাস আৰু আত্মৰক্ষাৰ বিষয়ে শিকোৱাৰ লগতে ল'ৰাহতঁকো সমতা, দক্ষতাৰ আৰু বহল মন এটাৰ অধিকাৰী হ'বলৈ সৰুৰে পৰা শিকাও আহকছোন ।
........
(পুৰুষ-নাৰী নিৰ্বিশেষে ওখ আৰু বহল মনৰ প্ৰতি গৰাকী ব্যক্তিৰ হাতত সমৰ্পিত এই লেখা)
18 Comments
বহুত ভাল লাগিল
ReplyDeleteThank you!
Deleteবহুত ভাল লাগিল
ReplyDeleteবৰ ভাল লিখিছে বা
ReplyDeleteThank you!
Deleteভাল লাগিল ।
ReplyDeleteঅতি সুন্দৰ....বিয়াৰ ফটোখন..বাৰুৱাৰীৰ ঘৰটোত নেকি....
ReplyDeleteyes😊
Deleteঅতি সুন্দৰ....বিয়াৰ ফটোখন..বাৰুৱাৰীৰ ঘৰটোত নেকি....
ReplyDeleteঅতি সুন্দৰ লেখা ।হৃ হৃদ চুই গৈছে!
ReplyDeleteThank you so much!
DeleteThis comment has been removed by the author.
ReplyDeleteশ্ৰদ্ধেয়া অধ্যাপিকা বাইদেউ,
Deleteআপোনাৰ লেখাটো পঢ়িলোঁ... সমাজ জীৱনৰ বৈষম্যমূলক-পৰম্পৰাগত ধাৰণাক সুন্দৰকৈ উপস্থাপন কৰিছে । বৰ্তমান সমাজত কেৱল কেইবাজনীও ছোৱালী থকা পিতৃ-মাতৃয়ে কেনেদৰে অন্তৰত নীৰৱে একুৰা দুঃখ লৈ জীৱন অতিবাহিত কৰিব লগা হয়, সেই কথা সমাজত প্ৰত্যক্ষ কৰিছোঁ । মোৰ দাদাও তিনিজনী ছোৱালীৰ পিতৃ যদিও, মই কেতিয়াও দুঃখ অনুভৱ কৰিবলৈ নিদিওঁ । আপোনাৰ লেখাটো অনুপ্ৰেৰণাৰ উৎস । আপোনাৰ পিতৃ-মাতৃৰ উপদেশে চিৰস্মৰণীয় হৈ বহুজনক প্ৰেৰণা যোগাব । ভৱিষ্যতলৈ এনেধৰণৰ অনুপ্ৰেৰণামূলক লেখা আশা কৰিলোঁ... মাজে-সময়ে আপোনাৰ লেখাসমূহ বাতৰি-কাকততো পঢ়িবলৈ পাওঁ। আন্তৰিক ধন্যবাদ জনাইছোঁ ।
মোৰ লেখা/অভিজ্ঞতা যদি এজন ব্যক্তিৰো অনুপ্ৰেৰণা হয়; তেনেহ'লে মই ধন্য! আশাকৰো আমাৰ মনৰ পৰা ল'ৰা-ছোৱালীৰ এই ভেদ নোহোৱা হ'ব। আপোনাৰ অভিমত পাই আনন্দিত হ'লো!
DeleteKhub bhal likhisa Bharati... Bohut bhal lagil porhi!😄👌
ReplyDeleteভাল পালো পঢ়ি
ReplyDeleteThank you!
DeleteMotivational write up
Delete