তোলনী বিয়া(১)- পৰম্পৰা (CELEBRATION OF FIRST MENSTRUAL CYCLE OF ASSAMESE GIRL- O1)

 এটা পৰম্পৰা- ছোৱালীৰ প্ৰথম  ঋতুস্ৰাৱৰ ঘটনাটোক বিয়া হিচাপে আমাৰ পালন কৰা হয়- নাম টোলনী বিয়া/ সৰু বিয়া! 



মোৰ মনত আছে- বাৰ বছৰৰ কোনোবা  এটা সন্ধিয়াত যেতিয়া মোৰ শৰীৰৰ  আজৱ পৰিবৰ্তনটো ঘটিছিল ; মায়ে খবৰটো দিয়াৰ পাছতে দেউতা দৌৰ মাৰিছিল লক্ষী গোঁসাইৰ তাত চোৱাবলৈ। জন্ম-মৃত্যুৰ দৰে এই প্ৰাকৃতিক ঘটনাটোৰো হেনো বিধান আছে!মাই কান্দিছিল- "ছোৱালী ডাঙৰ হ'ল" বুলি। মামী আৰু চুবুৰিৰ বৰমা - খুৰীহঁত উধাতু খাই আহিছিল। মোক  এটা কোঠাত সোমোৱাই দিয়া হ'ল ! মাটিত খেৰ পাৰি তাৰ ওপৰত বিছনা চাদৰ দিলে। মামীয়ে হাতত অনা তাতশালৰ ৰাচ কোঠাটোৰ দুয়োখন দুৱাৰদলিত লগাই দিলে ।শিতানত  এবাটি চাউলত তামোল পাণ আৰু দুনৰিত  এগছি চাকি জ্বলোৱা হ'ল। মই হেনো সাতদিন তেনেকৈয়ে থাকিব লাগিব! অকলে!স্কুললৈ যোৱাও নিষেধ হ'ল!

পুৱা গাখীৰ এগিলাচ , দিনটোত তিওৱা বুট, সন্ধিয়া চাগু আৰু তাৰপাছত   একো নাই!ভাত-ৰুটী একোৱেই নহ'ব! নিত্ত -নৈমিত্তিক কামৰ বাহিৰে বাহিৰলৈও যাব নোৱাৰিম!সন্ধ্যা ভগাৰ পিছত  ওলাব নোৱাৰিম!!উস! অশান্তি লাগিছিল।

:কিতাপ পঢ়িব পাৰিমনে?

:পাৰিবি; একো নহয়। কোনোবা আহিলে লুকুৱাই থবি।

মোবাইল নোহোৱা সময়ত বা-ই মনে মনে যোগান ধৰা কিতাপেই সাৰথি হৈছিল।কোনো পুৰুষ; আনকি দেউতাৰো প্ৰবেশ নিষেধ আছিল সেই কোঠাত (বোধহয়, অপৰিস্কাৰ হৈ থকাৰ ভয়!)।

চতুৰ্থদিনা মোক উলিয়াই নি কেইগৰাকীমান আঁয়তিয়ে গা ধোৱালে। তাৰ পাছত, আকৌ মোক কোঠাটোত সোমোৱাই দিয়া হ'ল! যেন quarantine !

পঞ্চম দিনাৰ পৰা এচিডিটিৰ সমস্যা আৰম্ভ হৈ মই বমি কৰিবলৈ ধৰিলো! মৃতকৰ ঘৰত খোৱাৰ  দৰে (?)  সিজোৱা ভাত আৰু আলু পিটিকা খাবলৈ অনুমতি দিয়া হ'ল- তাকো এবাৰ-সন্ধিয়া!

"তোমালোকে মই বিয়া হোৱাৰ যোগ্য হৈছো বুলি সকলোকে জনাই আছা নেকি!কিহৰ বাবে ইমান শাস্তি? কিয় এই কঠোৰ নিয়ম? এয়া মই নিজে কৰিছো নেকি? প্ৰকৃতিৰ নিয়ম অনুসৰি হোৱা নাইনে?" -যন্ত্রনাত মই চিঞৰি উঠিছিলো।

মা মৌন হৈ ৰৈছিল। " সমাজত বসবাস কৰিলে সামজিক ৰীতি- নীতিবোৰ মানি চলা দৰকাৰ। তাইক কোৱা। " দেউতাই কাষৰ  কোঠাটোৰ পৰা উত্তৰ দিছিল।

নিয়ম? দেউতাৰ সৈতে তৰ্ক কৰাৰ সাহস নাছিল! কিয় এই কঠোৰতা?ছোৱালী   ঋতুমতী হ'লে উদ্ যাপন  কৰাটো ভাল কথা। কামাখ্যাৰ দেশৰ মানুহ আমি। কামাখ্যা ঋতুমতী হ'লে আমি 'অম্বুবাচী' মানো! দেৱীৰ পাদ-দেশৰ ছোৱালীয়ে মানিব লাগিব! কিন্ত, ইমান কঠোৰতা?

"দৰাটোৰ বাহিৰে এইখন বৰ বিয়াই"।মোক জনোৱা হ'ল।পুৰুষে দেখিব নোৱাৰা 'সৰু বিয়া' এইখন!সাত দিনৰ দিনা মোক বৰবিয়াৰ দৰে মাহ-হালধিৰে গা ধুওৱা হ'ল। দৈয়ন দিলে, চেলেং চাদৰৰে বেঢ়ি লৈ বৰপীৰা চাৰিওফালে সাত বাৰ ঘুৰুৱা হ'ল।গা ধুই উঠি সূৰ্য প্ৰণাম কৰিব লাগিব; ভৰা তামোল বা নাৰিকল গছলৈ চাব লাগিব (যাতে সন্তান হয়!!)। তাৰ পাছত যোৰা তামোলক ৰুমালৰে গাঠি দি তাক সন্তানৰ প্ৰতিক হিচাপে ধৰি গোপিনী আৰু মা ক হঁতে ধেমালী আৰম্ভ কৰে! মনত আছে - লাজত মোৰ কাণ গৰম হৈ পৰিছিল। তাৰ পাছত চোতালত সাজু কৰি ৰখা ৰভাৰ তললৈ মোক কোলাত লৈ আহোতে মামী ধমহ কৰি বাগৰি পৰিল ( পুস্পিতা ছোৱালীজনীক ৰভাতললৈ হেনো কোলাত নিব লাগে)!




ৰভাতলত মোক কইনাৰ দৰে নতুন পাট-মূগাৰ সাজেৰে সজোৱা হ'ল (সেই যোৰেই বৰ বিয়াত ছোৱালীৰ সম্পতি হয় তেতিয়া। আজিও সাচি থৈছো তাক!)। আকৌ খেল ধেমালি!কোনোৱে পিঠাগুৰিৰে মা ক সজালে; কোনোৱে পুৰুষৰ  ভংগী দি নাছিলে- মুঠৰ ওপৰত দৰা আৰু পুৰুষ নোহোৱা 'সৰু বিয়া'খনত নিৰ্দোষ ধেমালী চলিল। 


মোৰ কোনোধৰণৰ ব্ৰতৰ বিধান নাছিল। ফলত মোৰ অধ্যায়ৰ তাতে যবনিকা ঘটিছিল ।কিন্ত যাৰ ব্ৰত ৰাখিব লগীয়া হৈছিল। সিহঁতক পুৰুহিত আনি প্ৰয়াচিত্ত কৰিব লগীয়া হৈছিল! এটা প্ৰাকৃতিক ঘটনাত পাপ কৰাৰ দৰে প্ৰয়াচিত্ত কৰিব কিয় লাগে? ই সচাঁকৈয়ে ছোৱালীৰ ভবিষ্যত ভাগ্য নিৰ্ণয় কৰিবলগীয়া ঘটনা হয় নে ? টোলনি বিয়া তেনেহলে উল্লাসৰ বিষয় হৈ থাকিল নে? শৰীৰত ঘটা অপূৰ্ব পৰিবৰ্তনক লৈ গৌৰৱান্বিত হোৱাৰ পৰিবৰ্তে মই দিনে দিনে লজ্জিত আৰু সংকুচিত হৈ পৰা নাচিলোনে?.... লগৰ ল'ৰাই মাত দিলে বদনাম হয় বুলি ভাবি  ভয় খাবলৈ ধৰা নাছিলোনে? 



----------------------------------------------------------------

I don’t know if this tradition of celebrating the first menstrual cycle of a girl exists in any other part of the world other than the Assamese culture.  When a girl attains her first menstrual cycle, the custom is to make her isolated for seven days and keep away from all the male family members. She will not be allowed to attend school for those days. The girl has to follow certain strict rules like having a glass of milk, fruits, soft chickpea in the daytime, and Tapioca (Sabudana) in the evening. She will not be allowed to have chapati or rice for these seven days!

On the fourth day, ladies of the community will come and will make her bath in traditional ways. After that, she will be again shifted to her room (like quarantine these days). She will have to do her works in the daylight and will not be allowed to go out after sunset.

On day seven, all the women of the community and family members come to the girl’s home and make her bath in the way, as if it’s her marriage (of course, without the bridegroom). After having the bath with Turmeric(haldi) the girl would have to pray to the Sun (the God of Energy) and trees with fruits (particularly betelnut) representing a request to have children in her future! Then, the ladies will prepare the girl like a bride and will have fun at the courtyard. If a girl is a fortunate one, she will not have any further rituals, but if he has any misfortune during her first occurrence of the cycle there will be a process of sudhi or purification! (In Assam, Goddess Kamakhya, is too considered to have this cycle of women hood. Hindus considered it  a pious occasion and celebrate Ambubachi as a sign of the menstrual cycle of the goddess Kamakhya and symbol of the fertility of nature every year. )

But why? Is it so necessary to have strict rules for attaining the first menstrual cycle? While it is good to celebrate the event as a part of women hood, at the same time questions arise: - Won’t this entire process of Tuloni biya make a girl feel shy of the menstrual cycles for the rest of her life? Instead of feeling proud of the changes that happened to her body, won’t she start to hate the changes from then? Probably a sense of insecurity and inferiority as a girl would start to emerge from those seven days of isolation for the rest of her life. 

(Acknowledgement: Adrita Chakrabarty)

 




Post a Comment

3 Comments

  1. Yes this is the feelings of every girl.. But we have to think for that so called society who never ever try to understand your situation/feelings or even respect a girl /women....

    ReplyDelete
  2. kokai bhai bapek usorot thoka joruri yat kunu laaj nai

    ReplyDelete