যিটো কথাই মোৰ শৈশৱৰ সুখৰ সময় কাঢ়ি নিবৰ প্ৰায়ে যত্ন কৰিছিল - সেয়া হৈছে: মোৰ চেহেৰা । বাইদেউ, ভন্টি, সমনীয়া কোনো মোৰ সমান শকত নাছিল। ফলত চুবুৰীয়া, লগৰীয়া , আত্মীয় সকলোৱে মোক জোকাইছিল। স্বাভাবিকতেই মোৰ খং উঠিছিল আৰু প্ৰত্যুত্তৰবোৰো গোজোৰা মৰাই আছিল।মোৰ খঙাল উত্তৰত সকলোৱে বৰ ৰস লৈছিল! (আজিৰ তাৰিখত ভাবো এয়া আছলতে bullying আছিল!)
এদিন এটা ঘটনা ঘটিল।মা ৰ পৰিয়ালৰ ঘনিষ্ঠ দাদা এজনে আমাৰ ঘৰলৈ অাহোতে সকলো সময়তে কৰাৰ দৰে সেইদিনাও জোকাইছিল। মোৰ হঠাতে ইমান খং উঠিল যে মই "অঁ, মই পেটেলী হয়। হয়। হয়।।।" বুলি পিছফালৰ কলৰ পাৰলৈ দৌৰ মাৰিছিলো। খং কমাবলৈকে, নে নিজৰ ওপৰত বিৰক্ত হৈয়েই, নে ওলোটাই একো কৰিব নোৱাৰিয়েই নাজানো, মই সমস্ত শক্তিৰে ঘটং ঘটংকৈ দমক'লটো মাৰিবলৈ ধৰিছিলো! 'ঔ, আই, এই সন্ধ্যা সময়ত কলৰ ৱাচাৰ পৰিলে কি হ'ব ঔ? তোৰ হৈছে নো কি ?"বুলি দৌৰি অহা মা ক দেখি মই ঘৰৰ ৱালৰ কাষত বহু দেৰিলৈকে নিঃশব্দে থিয় দি ৰৈছিলো। মা, বা সকলোৱে কাকূতি কৰাৰ পাছতো মই গোমোঠা মাৰিয়েই আছিলো।কি ভাবি নাজানো, দেউতাই এটাও শব্দ নোকোৱাকৈ মোক ঘৰ ৰ ভিতৰলৈ লৈ আহিছিল( সাধাৰণ দৃষ্টিত মোৰ ব্যৱহা্ৰ ৰ বাবে দেউতাৰ পৰা এটা বকনি বা দুচাটমান প্ৰাপ্য আছিল। কিন্ত তেনে নহ'ল। দেউতাই কোনো দিনেই এচাটো দিয়া নাছিল। )
সেইদিনা কোনেও মোক একো নকলে। যেন একো হোৱাই নাই! মই বৰ অপমানিত অনুভব কৰিলো। ক্ষোভৰ জন্ম হ'ল। মই যেন প্ৰতিশোধ ল'ম!কিন্ত্ত, কাৰ ওপৰত, কিয় ল'ম -সেয়া ভবাৰ মোৰ সামৰ্থ নাছিল। সেয়ে ক্ষীণ- মীণ গগনে প্ৰাথমিক বিদ্যালয়ৰ ঢাপটোত থিয় হৈ থকাৰ সময়ত এদিন তাক গটা মাৰি পেলাই দিলো। উবুৰি খাই নাৰিকল গছজোপাৰ তলত পৰা গগনক দেখি মই বৰ ত্ৃপ্তি (আসুৰিক!) পালো। নিজকে 'বীৰ'যেন অনুভৱ হ'ল। ঘটনাটোৰ পুনৰাবৃত্তি হৈ থাকিবলৈ ধৰিলে। কথাটো বোধহয় প্ৰধান বাইদেউ আৰু বিদ্যালয়খনৰে শিক্ষয়িত্ৰী মামীৰ চকুত পৰিছিল আৰু মাৰ পিটৰ অধ্যায় প্ৰাথমিকত তাতেই অন্ত পৰিছিল।
পিছে শকত বুলি মোক উপলুঙা কৰা প্ৰক্ৰিয়াটো শেষ হোৱা নাছিল! কৈশোৰ যৌৱনতো সি লগ নেৰিলে। ক্ৰমশঃ মই অৰ্ন্তমুখী হৈ পৰিছিলো। কথাটো দেউতাই লক্ষ্য কৰিছিল। "কি হৈছে আই"? এদিন দুপৰীয়া দেউতাই কৰা প্ৰশ্নটোত মই ভাগি পৰিছিলো। " সকলোৱে মোক হাতী বুলি জোকাই, দেউতা"! মই প্ৰাণখুলি কান্দিছোলো সেইদিনা। সন্মুখত মেট্ৰিক পৰীক্ষা।
দেউতাই মিচিকিয়াইছিল, 'এস, এইটোহে কথা নেকি? মই আকৌ কিবা বৰ ডাঙৰ প্ৰেম ত্ৰেমৰ ঘটনা বুলিহে ভাবিছিলো!"
দেউতাৰ উত্তৰত মই হতবাক হৈছিলো- মোৰ আবেগ, অপমানবোৰ ইমান মূল্যহীন নে? নে ...নে দেউতাইও মোক পাত্তা নিদিয়ে?
"ভালহে, হাতীৰ চকুজুৰি চাবাছোন; কেনে মনোমোহা!হাতীৰ ধীৰ গতিত কোনে শিৰ নত নকৰে? শিয়ালবোৰ নপলায়নে? তুমিও হাতীৰ দৰে হ'বা। আৰু শুনা- উলাহত নাচিলে হাতীৰ নাচো সুন্দৰ হয়।এটা কথা কও তোমাক- তুমি পেটেলী, শকত একো নোহৱা- তুমি এজনী গাঠলু ছোৱালী। ইতিহাসে কয়, অসম, উত্তৰ -পূৰ্বৰ ছোৱালীবোৰ প্ৰায়ে গাঠলু হয়। "
বহু বছৰৰ আগৰ ঘটনাটোক সংপৃক্ত কৰি দেউতাই মোৰ হৃদয়ত এলানি শিলৰ লেখা বৰ সযতনে লিখি থৈ গ'ল। মই বৰ পাতল অনুভৱ কৰিছিলো!
পিছলৈ নগাঁও কলেজত পঢ়োতে দীপাবা ৰ আৰু এম এ পঢ়াৰ সময়ত অলপ দিনৰ বাবে লগ পোৱা কৰবী বা ৰ মই আদৰৰ 'হাতী পোৱালী' হৈ পৰিছিলো! (খংবোৰ নোহোৱা হৈ পৰাত চিনিয়ৰৰ পৰা চেনেহৰ সুবিধা নোলোৱাকৈও নথকা নহয় বাৰু ! )জুনিয়ৰ হৈ থাকোতে, Versity Week ত AT 7 boys hall ৰ দলীয় নৃত্যৰ বাবে প্ৰতিমা পান্ডেৰ বিখ্যাত 'হস্তীৰ কণ্যা' গীতটি গাই পুণৰবাৰ হস্তীৰ কন্যা হৈ পৰিছিলো! কটন কলেজত চাকৰি কৰাৰ সময়তো, এজন ছাৰে প্ৰায়ে মোক 'পাহাৰ' বুলিছিল- " ভাৰতী সন্মুখত থিয় দিলে পিছত থকা কাকো দেখা নাপায়"! মই সহজ ভাবে লব পৰা হৈছিলো! দেউতাৰ প্ৰতি কৃতজ্ঞতাত শিৰ নত হৈছিল প্ৰায়ে!
আমেৰিকাত গৈ অৱশ্যে মোৰ ব্যতিক্ৰমি অভিজ্ঞতা হৈছিল।Smiths ত বজাৰ কৰিবলৈ যাওতে, লোকেল ট্ৰেন -বাছত উঠোতে, কাপোৰ কিনোতে দেখা অতি শকত, ভীমাকায় চেহেৰা বোৰত মোৰ মুখ মেল খাই গৈছিল। মইছোন ইহঁতৰ আধাৰো আধা!! চিনেমা-Advertisement এ দেখুওৱা ক্ষীণ মানুহবোৰ ক'ত?সাধাৰণ মানুহৰ প্ৰায় সকলেই দেখোন অতিকায় চেহেৰাৰ!
কথাবোৰ কওতে কোনেও বিশ্বাস কৰা নাছিল! বিজ্ঞাপন আৰু চিনেমাৰ শকত নোহোৱা মানুহবোৰৰ বৈপৰীত্যত ইউৰোপ, আমেৰিকাত যে 'অবেছিটি'ৰ ভয়াবহতা!!সেয়ে প্ৰাক্তন ফাৰ্স্ট লেডী মিছেল অ'বামাই ইয়াৰ নিয়ন্ত্ৰণৰ বাবে সজাগতা আৰম্ভ কৰিছিল !সেয়া আমাৰ মিডিয়াই প্ৰকাশ নকৰে- ফলত যুৱ চাম হতাশ হয়; চিকমিকনিক সোণ ভাবি নিচাত্মিকতাত ভোগে। প্ৰতি বছৰে নতুন ছাত্ৰ ছাত্রী সকলৰ মাজত মই এগৰাকী হ'লেও ছাত্ৰীক লগ পাও যাৰ চকুত দেখা পাও মোৰ মাজৰ সেই সৰু ছোৱালীজনীক!
সিহঁতে কয়-লগৰ বোৰে tease কৰে-" তোক কোনে ভাল পাব? শকত ছোৱালীক কোনেও বিয়া নাপাতে?" মাক হতেঁও চিন্তাত ভোগে!
মই সিহঁতৰ মুখলৈ ৰ লাগি চাও।ভাল পাবলৈ, বিয়া হ'বলৈ কেৱল শৰীৰৰ প্ৰয়োজন জানো? ক'তা মই দেখোন প্ৰেমত পৰিলো; বিয়াও হ'লো!জীৱনৰ দীঘলীয়া বাট সদায় একে থাকে জানো? শৰীৰ যে তেনেই ক্ষণস্হায়ী ! প্ৰেমিক, স্বামীক মই সিহঁতৰ বেদনাৰ কথা কৈ সুধিছিলো, "তুমি মোক কিয় ভাল পালা, বিয় কৰালা? মই ইমান শকত!" তেওঁ মোক চিৰ শ্বাশ্বত এষাৰ কথা কৈছিল-" Beauty lies in the eyes of the beholder!"
"মই তোমাৰ ধুনীয়া চকুজুৰি আৰু তাতোকৈ ধুনীয়া মনটোৰ প্ৰেমত পৰিছিলো। শৰীৰ আজি আছে ; কাইলৈ নাই। ইচ্ছা কৰিলেই মানুহ শকত হ'ব পাৰে; ক্ষীণাব পাৰে- কিন্ত্ত ইচ্ছা কৰিলেই ধুনীয়া মন এটা পাব নোৱাৰি!"
মই সন্মোহিত হৈছিলো! আকৌ এবাৰ!
(শকত বুলি ভাগি পৰা মোৰ প্ৰতি গৰাকী ছাত্ৰীৰ হাতত!
আমাৰ 'গাঠলু' ছোৱালীবোৰে আচলতে নিৰোগী হৈ থকাৰ যত্ন কৰাহে উচিত। আনৰ দৃষ্টিৰে নিজক চাই হেয় ভবা অনুচিত)
------
My childhood was traumatized by memories of ‘fat-shaming’ by friends, relatives, village folks. Almost all of them used to deride me as peteli meaning ‘fat’ in Assamese language. It used to hurt me a lot emotionally. Once, in my childhood, one of our relatives mocked me as he always used to do. That day, I still remember, I was so hurt that I ran to our backyard and started pumping the tube well furiously. Seeing this, my mother ran to me and stopped me from doing that. I stood there in the backyard for several hours until it was dark. Surprisingly, my father neither punished me for my bad behaviour nor he said anything. I felt violated as if my very existence was denied. I wanted to take revenge...but how was not clear to me. I wanted to do something to assuage my pain. Gagan, one of my friends at lower primary school, became a victim of my bullying! One day, I pushed him and felt happy! This bad behaviour continued until it was noticed by the school Principal.
But ‘fat-shaming’ continued like a never-ending ordeal. Gradually, I became an introvert girl. I started to withdraw myself and started to prefer solitude. My parents noticed the changes in my behaviour. When my father asked why I am becoming reclusive…I said that everyone teases and calls me 'elephant'! With a smile he said, have you ever noticed how elegant an elephant looks when she walks? An elephant is regarded as the wisest of all animals…it creates paths in a jungle for others to follow and use…He said, let your work define you, not your looks. Since that day, I started to feel comfortable with my body. The taunts failed to hurt me anymore. Instead, I reconciled with my inner self and tried to enjoy my life as I am. I vividly remember how my friends and seniors in college and university used to tease me. I never reacted badly and took everything in my stride. We are good friends to this day. Even, when I was working at Cotton College, one of the teachers used to call me 'Himalaya-The Mountain'! But I never took offence. I always remembered those golden words spoken by my father decades ago and trained myself not to trouble myself with the societal approach towards a fat person.
This is not my story alone. I find at least one student each year in PG courses that I teach who has a similar story to mine! By and large, media has always portrayed overweight characters as one to be ridiculed and joked about. Wafer-thin girls in advertisements are negatively influencing young girls. They start hating their physical appearance, they want to look better, slimmer and fairer. The power of visual media has limited their perception towards the body, making them an object only. For them, all people in Europe and the US are slim. But media does not project issues of obesity that the youths and children are facing in those advanced countries. Michelle Obama’s (the lady I love and respect so much) ‘Let’s Move!’ campaign for solving childhood obesity in the US points to the fact that obesity is a global concern. Unfortunately, media frames a different world for the audience – a hyper-reality!
For those girl students who have developed self-doubt due to body-shaming, I say, do not give a damn! To be loved by someone, it is your inner beauty that matters! My fiancé (now my loving husband!), when I asked if he is bothered with me being fat, quoted “beauty is in the eye of the beholder”!! To me it doesn't matter whether you are fat or slim, you should remain healthy and fit! You should never feel pity for yourself because some fool told you that you are fat!
16 Comments
পঢ়ি ভাল পালো । হয় মই শকত।
ReplyDeleteThank you...
DeleteThank you😊
ReplyDeleteভাল লাগিল পঢ়ি বা😗
ReplyDeleteThank you Kuhisikha
DeleteKhub bhal lagil Parhi Bharati ba...xadharanata ami koneo man nakara manasik stiti ati xundar bhabe upastapan korise....Bhswati
ReplyDeleteThank you Bhaswati...
DeleteI can so relate myself in this story ma'am.. I was in depression this and still struggling myself with the statement 'akou agor dore petli hoiso toi'.. Wonderful writing ma'am..loved it.
ReplyDeleteThank you dear....Don't feel depressed...just try to be healthy.
DeleteI have felt much motivated after reading this.. these days I'm gaining weight super fast..! Was a bit stressed because of that.. now it feels like kinu dangor kotha it's alright..! Agoloi apunar aaru anuprerona aaru xikar aakhare.... Much love Ma'am...
ReplyDeleteRegards,
Ruksana
Thank you dear...
Deleteবহুত বেছি ভাল লাগিল পঢ়ি মেম 🥺❤️
ReplyDeleteGood. You have that honesty, hardwork, intelligence and good human being within you. Your character, thought and work already made you beautiful and cute.
ReplyDeleteThis is true for every one like you.
My best student and colleague will be always best in our eyes.
Good. You have that honesty, hardwork, intelligence and good human being within you. Your character, thought and work already made you beautiful and cute.
ReplyDeleteThis is true for every one like you.
My best student and colleague will be always best in our eyes.
Thank you so much Sir...
Deleteপঢ়ি বহুত ভাল লাগিল মে'ম। Eternal beauty is the real beauty ❤
ReplyDelete