আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?!(Don't you have faith on Astrology? Why!)

 বিজ্ঞান   সংযোগীকৰণ (science communication) ৰ শ্ৰেণীত  এজন ছাত্ৰই মোক এটা প্ৰশ্ন সুধিছিল- "আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?" তেওঁৰ এই প্ৰশ্নটোত উত্তৰ দিবলৈ মই সঠিককৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা নাছিলো- যিহেতু জ্যোতিষ সম্পৰ্কে মোৰ পূৰ্বৰ সকলো অভিজ্ঞতা হয়তো হাস্যকৰ নহয়টো তিক্ততামূলক!

জ্যোতিষ শব্দটোৰ সৈতে মোৰ চিনাকী অৱশ্যে খুব পুৰণি নহয়। গাৱত থকালৈকে শুনাই নাছিলো। মঙলতিয়ে মঙল চাই বুলিয়েই জানিছিলো। পৰম্পৰাগত ৰিতি- নীতিৰ কাম হ'লে জেষ্ঠজনে হয়তু গোঁসাই ঘৰত চোৱাবলৈ গৈছিল; গোঁসাইদেৱে পঞ্জিকাখন চাই 'বিধান' দিছিল। জন্মপত্ৰিকা বনোৱা  নিয়ম আছিল যদিও, সেয়া যে জ্যোতিষ চৰ্চা- বহু পিছতহে জানিছিলো। এতিয়া শুনিছো, মানুহে নিজৰ কোষ্ঠীখন হেনো পঢ়ে; আমাৰ মায়ে 'নাপায়' এটা লগাই দি গোলাপী ৰঙৰ চুঙা সদৃশ কাগজৰ টোপোলাটো বাকচৰ একোণত যি ভাবে পেলাই থলে, সেয়া একেবাৰে বিয়াৰ সময়ত দৰাঘৰৰ আব্দাৰতহে খোলা হ'ল আৰু প্ৰতিলিপিৰ কাম শেষ হোৱাৰপাছত মায়ে পূৰ্বে বন্ধা সুতাডালৰেই তাক আকৌ বান্ধি থোৱা হ'ল (বাইদেউৰ ঘৰৰ কোনোবা এটা আলমাৰিত সি এতিয়াও কিজানি বৰ কষ্টত পৰি আছে)।মা-দেউতাই কোনো দিন আগ্ৰহ নেদেখুৱাত আমিও বৰ বিশেষ  'কিবা এটা' বুলি ইয়াক কোনোদিনে ভবাই নহ'ল! বহু লোকে বহাগৰ বিহুৰ সময়ত 'বছৰটো কেনে যাব' বুলি মঙল চোৱায় যদিও আমাৰ সেয়াও নহৈছিল। এই পদ সামগ্ৰী যে 'বৰ মূল্যবান', সেয়া গম পাইছিলো আত্মীয় বাইদেউ এগৰাকীৰ বিয়া সংক্ৰান্ততহে। বাইদেউগৰাকী দেখাই শুনাই ৰূপৱতী; কামে কাজেও ভাল । পিছে  'সোঁৱৰণী' নামৰ দীঘল কাগজখন ওলালেই তাইৰ বিয়াৰ সম্ভাৱনা ছুটি হৈ পৰিছিল- তাইৰ হেনো সিংহ ৰাশি ; ৰাক্ষস গণ......আৰু কিবা কিবি....বিয়াবোৰ ভাগি যায়- বিয়া কৰোৱাৰ পিছতে তাই হেনো বিধৱা হ'ব! এই কথা জানি কোন মাকে পুতকলৈ তাইক বিয়া কৰাই নিব? উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে দেউতাৰ পৰামৰ্শ বিচাৰিলেহি! দেউতাই তেখেতৰ বন্ধু শৰ্মা খুৰাক (নামটো উহ্য ৰাখিলো) সোঁৱৰণী খন গটাই দি ক'লে- "মই এইবোৰ নামানো। তুমি জানায়, নবৌয়েৰা আৰু মোৰ -এজনৰো কোষ্ঠী নোহোৱাকৈয়ে বিয়া হ'ল;  তথাপি সংসাৰ  ঠিকেই কৰি আছো দেখোন! হেৰা, পলুৱাই নিয়াসকলৰ থাকে জানো? তেওঁলোকৰো দেখোন ঠিকেই থাকে!এইখন তোমাকে গটালো; যি ভালদেখা কৰা'।


খুৰাই কি কৰিলে নাজানো; কিন্ত্ত পৰবৰ্ত্তী বিয়াখন হৈ গ'ল আৰু আজি বিশ বছৰে তাই দুটি সন্তানৰে সৈতে ভিনদেউৰ ঘৰৰ 'লখিমী বোৱাৰী' হৈ আছে! ডাঙৰ হৈ শুনিছিলো, তাইক reject কৰা দৰাসকলৰ কোনোবাই তাইৰ কোষ্ঠীৰ কথা  ভিনদেউৰ ঘৰত জনাওতে বাইদেউৰ শাহুৱে হেনো  মাকক কৈফিয়ত লোৱাৰ দৰে সুধিছিল। মাকে বোলে ভেকাহি মাৰি উত্তৰ দিছিল- 'মানুহে যি কয় আপুনি তাকে মানে নেকি? কতই কত ৰকমে বিয়া ভাঙিবলৈ বিচাৰে, আপুনি জানো নাজানে?" শাহুৱেকেও মানি ল'লে-'হয়ছোন'! আমিও বুজিলো যে গোলাপী কাগজৰ নুৰাৰ বৰ বিশেষ শক্তি  আচলতে নাই!!দৰকাৰ হ'লে তাক পৰিবৰ্ত্তনো কৰা যায়।

স্নাতক পৰ্যায়ত পঢ়োতে প্ৰথম বাৰৰ বাবে জ্যোতিষ শব্দটোৰ সৈতে মুখামুখি হ'লো। ল‍গৰ , ছিনিয়ৰ দাদা- বাইদেউ কিছুমানৰ হাতত ভিন্নৰঙী পাথৰ দেখা পাই আচৰিত হৈছিলো। পাথৰবোৰে হেনো বিপদৰ পৰা ৰক্ষা কৰে ।শনি- মংগল-ৰবি আদি গ্ৰহৰ কু প্ৰভাৱ হ্ৰাস কৰা, ব্য‍ৱসায়- পঢ়া-শুনা ভাল কৰা, চাকৰিৰ পদোন্নতি দিব পৰা ইত্যাদি বহুধা গুণ সম্পন্ন হেনো পাথৰ সমূহ। কথাবোৰত মোৰ  বৰ খোকোজা লাগিল। পাথৰৰ ধাৰণাক গ্ৰহণ কৰিবলৈ গ'লে  মানুহৰ কৰ্মফলক অস্বীকাৰ কৰিব লাগিব!অথচ, গীতাৰ কৰ্মযোগত স্বয়ং ভগৱানেই দেখোন কেৱল কৰ্মতহে বিশ্বাস কৰিবলৈ কৈছে!বৌদ্ধ ধৰ্মইও কৈছে- আমি পৃথিৱীলৈ যি  এৰি দিও; সিয়েই আমালৈ উভটি আহে!



পাথৰ বুলিলেই মোৰ দুটা আচহুৱা অভিজ্ঞতালৈ মনত পৰে- 

চিনাকী ভাইটি এজন তেতিয়া অংকৰ ছাত্ৰ।পঢ়া-শুনাৰ খৰচ উলিয়াবলৈ  টিউচন কৰিছিল। এবাৰ এজন ছাত্ৰৰ ঘৰত পঢ়াবলৈ গ'ল। প্ৰথম তিনিমাহমান সকলো ঠিকেই আছিল। তাৰপাছত এদিন  সি  জনালে তাৰ পইছাৰ নাটনি হৈছে। মই আচৰিত হ'লো- সি ইমানদিনে অভাৱ নোহোৱাকৈয়ে চলি আছিল ; এতিয়া নতুন ছাত্ৰজনৰ জ্যোতিষী দেউতাকে হেনো কেইটামান আঙঠি দিছে- সেই পাথৰ আৰু আঙঠিৰ দাম তেওঁ হেনো টিউচনৰ মাননিৰ পৰা মিলাই আছে।

:কি?!-  মই হতবাক হৈছিলো- "তুমি মানি ল'লা"? মোৰ হাঁহিম  নে কান্দিম অৱস্থা হ'ল। বিজ্ঞানৰ ছাত্ৰ এজনকেই যদি জ্যোতিষৰ ভ্ৰমে(illusion) আভুৱা ভৰাব পাৰে, সাধাৰণ মানুহৰ কি অৱস্থা হয় সেয়া নিশ্চয় বোধগম্য! বিজ্ঞানে যে মানুহক যুক্তিযুক্ততাৰ বিচাৰ কৰিবলৈ শিকায়!

মোৰ নিজৰ জীৱনতো এনে এটা দু্ৰ্ঘটনা হ'বলৈ গৈছিল! সকলো প্ৰেমিক প্ৰেমিকাৰ হোৱাৰ দৰে আমাকো কিছু অনিশ্চয়তাৰ ভয়ে এটা সময়ত আগুৰিছিলহি।যদিও আমাৰ এজনৰো জ্যোতিষৰ  ওপৰত বিশ্বাস নাছিল;  প্ৰেমিকৰ অন্তৰংগ বন্ধু এজন নাচোৰবান্দা হ'ল- আমি এজন জ্যোতিষীৰ ওচৰলৈ যাব লাগে- সি লৈ যাব; তেওঁৰ ওচৰলৈ যোৱাৰ পিছৰ পৰা হেনো তাৰ ভাগ্য সলনি হৈ গৈছে! অৱশেষত আমি গ'লো!আমাৰ বিশদ তথ্য লৈ বিয়াগোম জ্যোতিষীজনে কম্পিউটাৰত কিবা কিবি চাই যিবোৰ কথা ক'লে, আশংকাত মোৰ চকু চলচলীয়া হ'ল- আমাৰ হেনো বিয়া নহ'ব; প্ৰেমিকৰ চাকৰিৰ কোনো 'যোগ' নাই; বিদেশত শিক্ষাৰ কোনো লক্ষণ নাই (তেতিয়া তেওঁ  এটা ফেল'শ্বিপৰ বাবে আবেদন কৰিছিল)......মোৰ দূৰ্বলতা দেখি মহাশয়ে ক'লে - "চিন্তা কৰিব নালাগে। উপায় আছে।" এইবুলি তেখেতে  পাথৰৰ এখন দীঘলীয়া তালিকা দিলে। তাৰ লগতে কোন পাথৰৰ লগত কোন ধাতু মিলিব (সোণ/ৰূপ/পিতল/লো) তাৰো সংযোজন ঘটালে।মুঠৰ ওপৰত দুয়োজনৰ হিচাপ মিলি লাখ টকাৰ বাজেট হ'ল।মই প্ৰমাদ গণিলো।

: 'হ'ব চাও' বুলি তেওঁ উঠি আহিল। কথাৰ সুৰত বুজিলো তেওঁৰ খং উঠিছে। 

: মোৰ যি হ'ব লগা আছে; সি হ'বই। মানা যদি এষাৰ কথা কও- বিধিৰ বিধান ;নহয় খন্ডন। এনে হোৱা হয়, সীতা আৰু ৰামেও পাথৰৰ আঙঠি পিন্ধি একেলগ হৈ থাকিব পাৰিলেহেতেঁন, অসুৰবোৰে পাথৰ পিন্ধি সদায়ে জয়ী হ'ব পাৰিলেহেঁন আৰু মহাভাৰতৰ প্ৰতিটো চৰিত্ৰই নিজৰ ভাগ্যচক্ৰ সলাই পেলালেহেতেঁন। কথাবোৰ ভাবি চাবাছোন।

মই যিমান অস্থিৰ হ'লো, প্ৰেমিকে সিমানে গহীন , ধীৰ-স্থিৰ ব্ৰহ্মপুত্ৰৰ ৰূপ ধাৰণ কৰিলে। জ্যোতিষীক ভুল প্ৰমাণ কৰি তেওঁ ইংলেন্ড, আমেৰিকাত গৱেষণাৰ দীঘলীয়া সময় কটালে, আমাৰ বিয়াও সুকলমে হৈ গ'ল আৰু  চাকৰিও হ'ল। 

জ্যোতিষীয়ে আচলতে মানুহৰ ভয় আৰু দুঃচিন্তাবোৰ লৈ খেলা কৰে, মনৰ দূৰ্বলতাক সাৰথি কৰে। মঙলতি বা জোত্যিষীয়ে কেনেকৈ সাঁথৰ ৰচে, উপস্থিত বুধিৰে মানুহক বুৰ্বক বনাব পাৰে তাৰ সৰস বৰ্ণনা অনুভৱ কৰিব পাৰি ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ 'বুঢ়ি আইৰ সাধু'ৰ 'সৰৱজান' পঢ়িলে!

জোত্যিষ বিজ্ঞান নহয়- ছদ্ম বিজ্ঞান (pseudo science)।বিজ্ঞানৰ কোনো শাখাই জোত্যিষক স্বীকৃতি দিয়া নাই। আৰ্যভট্টৰ জ্যোতিৰ্বিদ্যাৰ দেশত জোত্যিষ শাস্ত্ৰৰ দপদপনি সঁচাকৈয়ে ভাবিবলগীয়া বৈপৰীত্য ! জ্যোত্যিষ সম্বন্ধে পঢ়ি থাকোতে / YouTube ত বিচাৰোতে চমৎকৃত হৈছিলো যে প্ৰায়কেইগৰাকী মাৰ্গ দৰ্শক বক্তাই জোত্যিষক নস্যাৎ কৰি কৰ্মতেই বিশ্বাস কৰিবলৈ আহ্বান কৰিছে!অথচ তাৰ পাছতো, চন্দ্ৰ গ্ৰহণ, সূৰ্যগ্ৰহণ বা মহাজাগতিক পৰিঘটনাৰ প্ৰভাৱ (!) ব্যখ্যাৰ বাবে টেলিভিছনপৰ্দাত জ্যোতিৰ্বিদ, বিজ্ঞানী  বা বিজ্ঞান সংযোজকৰপৰিবৰ্তে বহি থাকে জোত্যিষ বিশেষজ্ঞ। যি ভাৰতবৰ্ষই জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰখনত পৃথিৱীক পথ দেখুৱাইছিল সেই দেশত psychological illusionist ৰ মায়াৰ খেলা! ভাবিলে দুঃখ লাগে।মই ভাবো,  জোত্যিষ- ব্যক্তিৰ কেৱল নিজৰ বিশ্বাস হৈ থকালৈকে আপত্তিৰ কথা নাহে; কিন্ত্ত  যেতিয়াই ই ঠগ ব্যৱসায়লৈ পৰিণত হয়, সমাজলৈ কুসংস্কাৰ হিচাপে বাগৰি জনজীৱনত প্ৰভাৱ পেলায় (সুলক্ষণা -কুলক্ষণী!!) তেতিয়াই ই বৰবিহ হৈ পৰে। 

Science Museum, Planaterium, চৰকাৰী বিজ্ঞান সংস্হা  আৰু অসম বিজ্ঞান সমিতিৰ দৰে সংস্হা সমূহে বিভিন্ন অন্ধ বিশ্বাস আতৰাবলৈ নিৰহ নিপানী প্ৰচেষ্টা চলাই আছে। ( কেতিয়াবা এই সংস্হাৰ সৈতে জড়িত  কোনো ব্যক্তিয়েও যেতিয়া পাথৰৰ আঙঠি পৰিধান কৰা দেখা পাও, তেতিয়া দুঃখ লাগে!)

মানুহে কিয় জ্যোতিষ মানে তাৰ ব্যাখ্যা দি মনোবৈজ্ঞানিক গ্ৰাহাম টাইচনে কৈছিল- "Under conditions of high stress, the individual is prepared to use astrology as a coping device even though under low stress conditions he does not believe in it" , মানৱ মনৰ  এই বিপৰীত সংঘাত আজিৰ তাৰিখতো আচৰিত হ'বলগীয়া ৰহস্য !দৈনন্দিন জীৱনত বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈয়ো আমি আচলতে বিজ্ঞানক আস্থাত নলও; নিজক বিশ্বাস নকৰো!

জ্যোতিষীৰ ভবিষ্যতবাণী সঁচা হোৱাহেতেঁন আজি জ' বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নহ'লহেতেঁন! জোত্যিষীৰ কথা শুনিয়েই ইন্দিৰা নামৰ ছোৱালীজনীক মাক- দেউতাকে মাৰি পেলোৱা হ'লে আমি মামণি ৰয়চম গোস্বামীক  বাৰু পালোহেতেঁন নে?












Post a Comment

2 Comments

  1. বিজ্ঞানসন্মত লেখা । পঢ়ি কিছু কথা জানিব পাৰিলোঁ । ধন্যবাদ থাকিল ।

    ReplyDelete
  2. ধন্যবাদ আপোনালৈও!

    ReplyDelete