ভূপেন হাজৰিকাৰ নামটো সৰুতে আমাৰ বাবে আছিল কৌতুহলৰ বিষয়। কেতিয়াবা বিদ্যালয়ৰ পৰা আহিয়েই দেখিছিলো, দেউতাই স্কুটাৰখন লৈ ওলাই গৈছেগৈ। ইমান দৌৰা দৌৰিকৈ ক'লৈ গৈছে দেউতা?
: দুণ্ডী বৰতাৰ ঘৰলৈ।- কোনোবা এজনে হয়তু উত্তৰ দিছিল।
:ভূপেন হাজৰিকা আহিব নেকি?
:ও
:প্ৰায়ে নলতলীত, দুণ্ডী বৰদেউতাৰ ঘৰত (বিশিষ্ট নাট্যকৰ্মী ঁদেৱেন ভূঞাই 'চিৰাজ' চিনেমাখনত অভিনয় কৰিছিল), আন কেতিয়াবা কুঠৰীত (হাজৰিকাদেৱৰ নিজা ঘৰত অথবা 'শিল্প প্ৰাণ' চন্দ্ৰ শৰ্মাৰ ঘৰত) অন্যথা আন কোনো ব্যক্তিৰ ঘৰলৈ তেখেত আহিলেই সংস্কৃতিৱান দেউতা গুছি গৈছিল। তেতিয়া মোবাইল নাছিল, নাছিল কেমেৰাও; নহ'লে সাঁচি থলো হেতেন দুণ্ডী বৰদেউতাৰ খেৰনিত তেওলোকে সজা ৰসাল মুহুৰ্তৰ কাহিনীবোৰক...
মা ৰ কাৰণে ভূপেন হাজৰিকা আছিল Star...মা আছিল শিল্পী গৰাকীৰ গীতৰ অনুৰাগী।
আৰু মোৰ বাবে?
স্বচক্ষে দেখিলেও, কোনোদিনে লগ নোপোৱা, আকাশৰ দৰে বিশাল মানুহজন আজিও যে কিমান আপোন!
শৈশৱত আমাৰ কাৰনে তেওঁ আছিল সংস্কৃতিৰ বৰঘৰ। বিদ্যালয় সপ্তাহত গালো ' কহুৱা বন মোৰ অশান্ত মন'।আৰু তাৰপাছত, সেই অশান্ত মনটো বুকুত বান্ধি মই সত্যজিত ৰায়ৰ সৈতে চিনাকী হ'লো! কহুৱা ফুল দেখিলেই মই আজিও গুনগুনাই উঠো সেই গীত! আছেনে আৰু কোনো কহুৱাৰ এনে মনোমোহা গীত?
ভূপেন হাজৰিকা যে আমাৰ বাবে উৎসৱলৈ ৰূপান্তৰিত হৈছিল! তেতিয়াও জীৱন্ত মানুহজনে আমাৰ সৰু মন বোৰলৈ লৈ আনিছিল ৰঙৰ মোনা! কলিয়াবৰ ৰ সাংস্কৃতিক অনুস্থান 'মঞ্চ'ৰ উদ্যোগত তেতিয়া আয়োজন কৰা হৈছিল ' সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা।
সৰুৰ শাখাটোত পাই গ'লো এটা পুৰস্কাৰ, গালো- 'স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাষাৰ বৃষ্টিৰ প্লাৱন আনে'(আজিও প্ৰিয় এই গীত)।তাৰপাছত? আৰম্ভ হৈছিল গুৰু অতুল বৰা ছাৰৰ তত্বাৱধানত সংগীত শিক্ষাৰ লগতে, ভূপেন্দ্ৰ সংগীত শিকাৰ পৰ্ব...কামপুৰ, নগাঁও, তেজপুৰ- য'তেই প্ৰতিযোগিতা হয়,তালৈকে যাও- মা ই মোক লগ দিয়ে। কোনোবা এখন প্ৰতিযোগীতাত পুৰস্কাৰ হিচাপে পাই গ'লো এখন যাদুকৰী কিতাপ- দিলীপ দত্তৰ, 'ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ'। আৰম্ভ হৈছিল শিল্পীৰ গীত আৰু জীৱন যাত্ৰাৰ অন্বেষণ কৰাৰ মোৰ অভিলাষা- বয়স তেতিয়াও পৈণত হোৱা নাছিল। মানুহজনৰ ছবিখন আৰু চহীটোত আঙুলি বোলাই অনুভৱ কৰিবৰ যত্ন কৰিছিলো এটি সত্বাক। পাৰিছিলো জানো? ওহো!
গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহি প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় সংগীতৰ মিউজিক শুনি চমকি উঠিছিলো-আস্ , এই সুৰ যে মোৰ ভীষণ চিনাকী!পানীখোৱা ছুটীৰ সময়ত প্ৰাথমিক বিদ্যালয়ৰ পৰা ধুলি উৰুৱাই দৌৰি দৌৰি ঘৰলৈ যোৱাৰ সময়ত (ঠিক দুপৰীয়া চাৰে বাৰ মান বজাত) কাজলহঁতৰ ঘৰত বাজি থকা ৰেডিঅ'টোৰ পৰা এই সুৰেই বাজি অহা নাছিল নে? ধুলিৰ গোন্ধ যেন পুনৰ এবাৰ মোৰ নাকত লাগিছিলহি!
প্ৰেমৰ দূৰ্দান্ত দিনবোৰত ভূপেন হাজৰিকা আৰু অধিক কাষ চাপি আহিছিল ।বিয়াৰ পাছৰ ৰোমান্তিকতাত প্ৰায়ে গোৱা নাছিলোনে - 'ভাল কৰে তুমি চেয়ে দেখ'; দেখত চিন তে পাৰ কি না'? বিমূৰ্ত নিশাৰ মৌনতাবোৰে মোৰ সন্মুখত খাজোৰাহোৰ নান্দনিকতাৰ দৰেই যেন ধৰা দিছিলহি!
ক্ৰমশঃ , শিল্পীগৰাকীক জানিবলৈ, বুজিবলৈ চেষ্টা কৰিছিলো। এদিন, হঠাতে আবিস্কাৰ কৰিছিলো- ভূপেন হাজৰিকা মোৰ বাবে কেৱল শিল্পী হৈ থকা নাই; প্ৰেৰণাৰ মহান উৎস হৈ পৰিছে!
পদে পদে উজুটি খাইও সদম্ভে থিয় দি থকা ভূপেন হাজৰিকাৰ অৱয়বলৈ চাই প্ৰায়ে নতজানু হও- কিমান দঢ়তা আৰু আত্মবিশ্বাস থাকিলে এজন মানুহে সন্মুখিন হোৱা অৱহেলা, অপমান আৰু অৱজ্ঞাক তুচ্চ জ্ঞান কৰি জীৱনক জয় কৰিব পাৰে? কেতিয়াবা দুঃখত ভাগি পৰিলে , হতাশ হ'লে, দৌৰ মাৰি যাও; জালুকবাৰীত থকা তেওঁৰ সমাধি ক্ষেত্ৰলৈ। কিজানিবা আপোন এই মানুহজনে মৌ সনা ভাষাৰে মোক প্ৰেৰণা যোগাব পাৰেই ! তেওঁৰ সমাধিস্থলত বহি মই মাৰ্ক টোৱেইন বা গৰ্গিৰ কথা নাপাতি তেওঁৰেই গীত শুনি ৰও।
১৯৫০ ৰ দশকতে Mass Communication ত PhD ডিগ্ৰী লাভ কৰিছিল তেখেতে (অথচ বিষয়টো আজিও আমাৰ ৰাজ্যত অচিনাকী!) কত আগবঢ়া চিন্তাৰ মানুহ আছিল! সেই বিষয়টোকে মোৰ বিষয় হিচাপে বাছি লওতে গৌৰৱান্বিত হোৱা নাছিলোনে? আমেৰিকাৰ University of Utah ৰ Marriot Library ত সোমাওতে জীৱন সংগীৰ সৈতে একেলগে সন্ধান কৰিবৰ যত্ন কৰিছিলো কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সেই আপুৰুগীয়া থেচিচখনৰ!কেৱল সেয়াই জানো? পেৰিছৰ এয়াৰপৰ্টত অকলে বহি থকাৰ সময়ত মই গৌৰৱ অনুভৱ কৰা নাছিলোনে?..ভূপেন হাজৰিকাৰ গীতটেই যে প্ৰথম শুনিছিলো মায়ানগৰীখনৰ কথা...
ভাৰত ৰত্ন গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বহি থাকোতে কেতিয়াবা কৈ উঠো-নিবিচৰাকৈয়ে তুমি আমাক সকলো দিলা; জাতিটোক নতুন পৰিচয়ো দিছা; বুঢ়া লুইতক বিশ্বলৈ লৈ গ'লা। কিন্ত্ত বন্ধু, তুমি যে নকলা কি দৰে অলিয়া-বলিয়া যাদুকৰ হৈ গৰল পান কৰি নীলকণ্ঠ হ'ব পাৰি অথবা পৰাভূত কৰিব পাৰি জীৱনৰ কালনাগিনীৰ সমস্ত অশুভ শক্তিক!
তুমি নিশিকালা, সাগৰ সংগমৰ অন্তহীন জোৱাৰত সাতুৰি নাদুৰিও ক্লান্ত নোহোৱাৰ গুপুত মন্ত্ৰটি...
সেয়ে, মই যাও- কেতিয়াবা পানবজাৰলৈ আৰু কেতিয়াবা জালুকবাৰীলৈ-
মই আকৌ যাও-
দুনাই দুনাই যাও-
কিজানিবা বুজিব পাৰোৱেই মানুহৰ গান গাব পৰা দিপ্ত সূৰ্য শিখা সদৃশ তোমাৰ মহান দৰ্শনক-
হৃদয়ত অনুৰণিত হয় জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতৰ কলি-
" শিল্পী মোৰ মনৰে তই
শিল্পী মোৰ প্ৰাণৰে"........
1 Comments
অসমৰ সংগীত-সূৰ্য ড৹ ভূপেন হাজৰিকাদেৱক সোঁৱৰণ কৰি লিখা আপোনাৰ লেখাটো পঢ়ি বহুত ভাল লাগিল । সঁচাকৈয়ে ড৹ ভূপেন হাজৰিকা সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব । তেখেতৰ কণ্ঠত প্ৰতিটো অসমীয়া শব্দতেই নিভাঁজ তথা শুদ্ধ অসমীয়া উচ্চাৰণ শুনিবলৈ পাওঁ ।
ReplyDelete