বাঁহী ... (The Flute)

গাঁওবোৰ তেতিয়া সোনকালেই শুই পৰিছিল।  চাৰে ন বজা মানে বহু নিশা। আমি কুমলীয়াবোৰ তেতিয়া বিছনাত থাকো।আমাৰ বিছনাখনৰ কাষতে কাঠৰ খিৰিকিখন । শৰতকালৰ এনে সময়ত বা গ্ৰীস্মৰ উতলা গৰমৰ পৰা হাত সাৰিবলৈ কেতিয়াবা খিৰিকিখন খুলি দিও। আৰু তেতিয়াই জোনৰ পোহৰবোৰে আহি মোৰ বিছনাত খেলা আৰম্ভ কৰে। কাষতে থকা নাৰিকল গছৰ পাতবোৰ জোনৰ পোহৰত চিকমিকাই উঠে। বিদ্যুতৰ কৃত্ৰিম পোহৰ নথকা দিনবোৰত, জোনৰ পোহৰত মই হৈ পৰিছিলো স্বপ্নাতুৰ....



ঠিক তেনেকুৱা দিন এটাতে হঠাৎ বাজি উঠিছিল বাঁহীৰ অমিয়া সুৰ এটা। নিশাৰ ভাতৰ পাছতে গাৱৰ দাদা এজনে বাঁহীটো বজাই বজাই ৰাস্তাৰে বহুদূৰ যায়গৈ আকৌ উভটি আহে। চহা জীৱনৰ কষ্টই পৰিশ্ৰান্ত কৰিব নোৱাৰা শিল্পী গিৰিন্দদাই গাঁওবাসীক বাঁহী বজাই নিদ্ৰামগ্ন কৰি তুলিছিল। গাওখনৰ পৰা তেতিয়া আৰু কোনো শব্দ ভাহি নাহে।যেন মোৰ দৰে সকলোৱে বাট চাই ৰয় গিৰিন্দ দাৰ সুৰলৈ! সেই সুৰৰ ধ্বনিয়ে মোক যেন ক্ৰমশ: লৈ যায় সপোনৰ এখন মায়াবী জগতলৈ...জোনবাই আৰু বাঁহীৰ সুৰে সৃষ্টি কৰা পৃথিৱীখনে মোৰ কিশোৰী মনলৈ কঢ়িয়াই আনিছিল মুখাবয়বহীন এজন সপোন কোঁৱৰক....মই যেন বিচাৰি আনিম এজনী চিত্ৰলেখাক- যিয়ে ৰূপ দিব পাৰিব মোৰ অনিৰূদ্ধক! অথবা, মই যেন শিকি ল'ম কুন্তিৰ গোপন মন্ত্ৰক আৰু আৱাহন জনাম  গোলাকাৰ হৈ আকাশত ঘৰ বান্ধিও মোক আমনি কৰা চন্দ্ৰদেৱক....বাঁহীৰ সুৰে মোক বাউলি কৰিছিল...ঠিক ব্ৰজধামৰ গোপীৰ দৰেই....

ৰাসৰ কৃষ্ণ সাজত ভণ্টি আৰতি 

এয়া যে ৰাসৰ সময়। মু্ৰুলিধৰৰ ভূৱনভোলোৱা বাঁহীয়ে সন্মোহিত কৰাৰ সময়!সত্ৰ সংস্কৃতিত বংশীধৰে এই সময়ত সাকাৰ ৰূপ ধাৰণ কৰে। কেতিয়াবা ল'ৰা আৰু কেতিয়াবা ছোৱালীয়ে ৰাসৰ কৃষ্ণ আৰু শংখচূড়ৰ ভাও লৈছিল। সৰু ডাঙৰ ছোৱালীহঁতে গোপীনি সাজে। মাকৰ মেখেলা চাদৰক সৰু কৰি, লগতে ভাৰাকৰি অনা জিলিকমিলিক চূৰ্ণীৰে মূৰত কিলিপ নতুবা চেফটি পিন লগাই পিন্ধে। হাতে কানে ৰাসৰ বেশভূষাৰ সৈতে মিলোৱা কেৰু-মণি। মুখত মেক আপৰ লেপন। 

ৰাসৰ বাবে বাঁহৰ পেণ্ডেল দিয়া হয়। বৰ্গাকাৰ বা আয়তাকাৰকৈ সজা হয় মঞ্চ। মাজে মাজে এটা পথ ৰখা হয়। সেই পথৰে খোল-তাল- মৃদংগৰ ছেৱে ছেৱে গোপিনীহঁতে নাচি বাগি কৃষ্ণ ৰসত বিভোৰ হয়। তাৰ মাজতে আকৌ গাৱৰ খুৰা-দাদাহঁতে বিকৃত সাজ-সজ্জাৰে হাতত লেম্প এটা লৈ আহি 'মোৰ মানুহজনী ক'ত গ'ল ' বুলি গোপিনীহঁতৰ স্বামীৰো ভাও দিছিলহি! মাজে মাজে আন অসুৰ- ৰাক্ষসীহঁতৰ আগমনো চলি থাকে। মঞ্চৰ একোণত এজোপা গছৰ ব্যৱস্থাও হৈছিল। তাকেই কদমগছ হিচাপে ৰূপায়িত কৰা হৈছিল; আৰু বনমালীয়ে তাতেই দুভৰি নচুৱাই বনৰংগ কৰে!(মই অৱশ্যে কেতিয়াও ভাও লৈ নাপালো। ৰাসৰ প্ৰয়োজনীয় সংগীতৰ দিশতহে থাকিছিলো । গছত বহি ৰোৱা মানুহ কৃষ্ণৰ হাতত backgroundৰ পৰা আৰু ঠিক মোৰ কাষৰ পৰাই বাজি থকা বাঁহীৰ সুৰত মই তন্ময় হৈ ৰৈছিলো; মই যেন কৃষ্ণৰ প্ৰেয়সী হৈ পৰিম; ৰাধাকো যেন ইৰ্ষাহে কৰিম!)

নামনি অসমৰ ৰাস অৱশ্যে পৃথক। ইয়াত মৃৎ কৃষ্ণই মোহিত কৰে ৰাইজক। দেখাত প্ৰাণহীন গোপালে অদৃশ্য হৈয়েই বজাই ৰয় যাদুকৰি সুৰ!ভক্তৰ হৃদয়ৰ সেই অনুৰণনে আকুলতালৈ পৰিণত হৈ বৈ যায় প্ৰজন্মলৈ! টি ভি, ইণ্টাৰনেটেও ম্লান কৰিব পৰা নাই সেই আবেগ!আৰু মই- 'অসীমত  যাৰ হেৰাল সীমা'ৰ চম্পাজনীক বুকুত জীয়াই ৰাখি মাটিৰ মূৰ্তিত প্ৰাণ সখাৰ বাঁহীৰ সুৰৰ সন্ধান কৰো!

কেতিয়াবা ভাব হয়, পঢ়িবলৈ হোষ্টেললৈ অহাৰে পৰা মই যেন হেৰুৱাবলৈ আৰম্ভ কৰিছিলো সেই স্নিগ্ধতা! গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি ৩নং ছাত্ৰী নিৱাসৰ কোঠাত নিশাৰ আহাৰৰ পাছত হঠাতে এদিন আকৌ বাজী উঠিছিল বাঁহীৰ সেই সুৰ! আস....কোনে বজায়? এদিন, দুদিন নহয়- প্ৰতিদিন। খবৰ লৈ গম পালো; সেয়া বন্ধু জয়ন্তৰ ভাতৃ দিগন্ত মাধৱ গোস্বামী! শিল্পী দিগন্তৰ সুৰৰ মোহনাত ভাস্বৰ হৈ উঠিছিল মোৰ এটা বছৰ! সকলো কাম সামৰি মই ৰৈ থাকিছিলো বাঁহীৰ ছিদ্ৰবোৰৰ ফাঁকে ফাঁকে কোনো আজন্ম শিল্পীৰ আঙুলিৰ লহৰত ঢৌ খেলা স্বৰগমৰ নাছোনৰ উলাহলৈ....

বাঁহীৰ সুৰে কিজানী লক্ষ্মীনাথ বেজবৰুৱাকো সন্মোহিত কৰিছিল! সেয়ে বোধহয়, বেজবৰুৱাদেৱে তেখেতৰ আলোচনীখনৰ নাম দিছিল 'বাঁহী'! ৰূপকোঁৱৰো মতলীয়া হৈছিল বাঁহীৰ সুৰত। 'কাৰেঙৰ লিগিৰী' নাটকত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে  অমৰ গীত এটিৰে প্ৰকাশ কৰিছিল কিদৰে বাঁহীয়ে তেওক পিন্ধাই দিছিল সুৰৰ জিঞ্জীৰি! পাৰ্বতি প্ৰসাদ দেৱৰ কলিজাত কোনোবা গৰখীয়াৰ সুৰৰ ধ্বনিয়ে কঁপনি তুলিলে...। বিউটি শৰ্মা বৰুৱাৰ কণ্ঠই যুগমীয়া কৰিলে - মাহ-হালধিৰে নোৱাই- ধোৱাই কইনা সজোৱা কোনোবা দাপোনমতিৰ বুকুত খলকনি তোলা গৰখীয়াৰ সুৰৰ কাৰুণ্যক... কোনাবা অচিন বাদকে  বজোৱা  বাঁহীৰ সুৰে বোৱাই দিয়া চকুপানীবোৰক  চাৰু গোঁহাইদেৱেও সযতনে সামৰিলে....

বাঁহীৰ সুৰে কেৱল জানো আমাকেই সন্মোহিত কৰে? তেনে হোৱা হ'লে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীবাদনে গোটেই পৃথিৱীক মোহিত কৰিব পাৰিলেহেতেঁন জানো? বাঁহীৰ সুৰে যে সৌ তাহানিৰ সনাতন যুগৰ পৰাই বিমুগ্ধ কৰি আহিছে বিশাল ভাৰতীয় সভ্যতাক!

কেনেকৈ? 

নাজানো! নুবুজু! কেৱল অনুভৱ কৰো জুবিনৰ কণ্ঠৰ গীতৰ সেই মাদকতাক-

"হেৰ', বাঁহী/তোক বৰ ভাল পাও দেহি/ তোৰ সুৰৰ আঁচল ধৰি/ বহুদূৰ যাও গুছি/ কোন পূৰ্ণিমা ৰাতি...."

.......





Post a Comment

0 Comments