গণৰাজ্য দিৱস আৰু দূৰদৰ্শনে দিয়া আনন্দ


এতিয়াৰ গণৰাজ্য দিৱস আৰু আমাৰ শৈশৱৰ গণৰাজ্য দিৱস উদযাপনৰ মাজত আকাশ- পাতালৰ পাৰ্থক্য আছে। আমাৰ সময়ত গণৰাজ্য দিৱস আছিল আনন্দ  আৰু ভয়ৰ মিশ্ৰিত এটি অনুভূতি। আশীৰ দশকৰ শিশু আমিবোৰ আৰু নব্বৈত আছিল আমাৰ কৈশোৰ আৰু যৌৱন। 
আনন্দৰ কাৰণ অৱশ্যে বহুত আছিল। তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন। একেবাৰে সৰুতে, গণৰাজ্য দিৱসৰ দিনা , দেউতা নহ'লে মাই পুৱাই উঠি খুলি দিয়া টি ভিটোৰ দুৱাৰখনৰ মাজৰ পৰা ওলাই অহা ৰঙীন ছবিবোৰ দেখিলেই সেইদিনা মনটো উৎফুল্লিত হৈ উঠিছিল (সেই সময়ত আমাৰ ঘৰত Western Company ৰ টি ভি এটা আছিল। টিভি টো চাবৰ হ'লেই ৰজাৰ ঘৰৰ দুৱাৰ খোলা দি স্ক্ৰীন খনৰ সন্মুখৰ দুৱাৰ দুখন দুফালৰ পৰা খুলি দিব লাগিছিল)। বছৰত এই এটাই দিন আছিল যেতিয়া মা- দেউতাই টিভি চাবলৈ পুৱাৰে পৰা মাতি থাকিছিল। পুৱাৰ গাখীৰ গিলাচো আনকি টি ভি ৰ সন্মুখতে খোৱাৰ অনুমতিও আছিল সেইদিনা। টি ভি মানেই তেতিয়া যে আছিল- মাথো দূৰদৰ্শন।

মনত আছে, সেই সময়ত 'ৰামায়ণ' চাবলৈ আমাৰ ঘৰৰ টি ভি থকা  কোঠাটোত গাৱৰ দৰ্শক ভৰি গৈছিল!আমাৰ দৰে 'খুচুৰা পইচা'ৰ জোখৰ দৰ্শক বিলাকৰ বাবে ঠাই হৈছিলগৈ আমাৰ সেই কোঠাৰ 'চাজা' খন! বেয়া নালাগিছিল; বৰঞ্চ ভীষণ ৰোমাঞ্চিতহে হৈছিলো।আকৌ current গ'লেই সকলোৱে 'কৃষ্ণ', 'কৃষ্ণ' কৰিছিল যাতে current আহে আৰু সকলোৱে ধাৰাবাহিকখন উপভোগ কৰিব পাৰে!অৱশ্যে, ৰংগোলি, চিত্ৰহাৰ জাতীয় অনুষ্ঠান চাবলৈ অনুমতি নাছিল।সেইবোৰ লুকাই লুকাই, দুঃসাহসিক কাৰ্য কৰাৰ দৰে চাব লগা হৈছিল। ধাৰাবাহিক বুলিলেই Turning Point, Earth Matters, Bharat Ek Khoj, Surabhi আদিহে চাইছিলো।  আনকি Shaktimaan বা Shanti আদিও সমজুৱাকৈ চাব পৰা নাছিলো। অৱশ্যে  সেইসময়ত দূৰদৰ্শনে প্ৰচাৰ কৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিনেমাবোৰ চাবলৈ মা হঁতে আমাক অনুমতি দিছিল; তেওঁলোকে নিজেও চাইছিল।এনেকৈ আমি কিমান যে চিনেমা চালো! 

মোক আকৌ Knight Rider নামৰ ধাৰাবাহিক খনে যে ইমান আকৰ্ষণ কৰিছিল! নাই! সেইখনৰ বাবেও অনুমতি নাছিল! 

সেই কাৰণেই ২৬ জানুৱাৰীৰ দিনটোত টি ভি চাবলৈ পোৱাটো আমাৰ বাবে আছিল মৰুৰ মাজৰ মৰিচিকা !তাতে আকৌ সেইদিনা বন্ধৰ দিন!বন্ধ মানে অসম বন্ধৰ নিছিনা কাৰবাৰ; আজিৰ নিছিনা দোকান পোহাৰ খোলা থকা, পথত গাড়ী মটৰ চলিব পৰা দিন নাছিল; শিশুৰ বাবে কোনো পতাকা বা আন সামগ্ৰী কিনাৰো প্ৰশ্ন নাছিল। কাৰণ তেতিয়া আছিল আলফাৰ ভয়!

সেই সময় খিনিত জীৱনৰ কোনো নিশ্চয়তা নাছিল । কোন সময়ত ক'ত বোমা ফুটে তাক কোনেও নাজানিছিল । মা - দেউতা যিহেতু শিক্ষক আছিল- সেইদিনা তেওঁলোক ওলাই গ'লেই মোৰ বৰ ভয় লাগি থাকিছিল- দুয়োজন যদি মৰি থাকে আমাৰ কি হ'ব!

এই ভয় কিজানি কেৱল মোৰ নাছিল; সকলোৰেই আছিল! আৰু সেই কাৰণেই বোধহয় বিদ্যালয়ৰ আশে পাশে থকা সকলহে গণৰাজ্য দিৱসৰ দিনা বিদ্যালয় যাব লগা হৈছিল! অৱশ্যে মেখেলা চাদৰ পিন্ধাৰ বয়স হোৱাৰ পাছত  দুবাৰ মান মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পথিওৱা গাড়ীত উঠি আমি চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো । আকৌ সকলো বিদ্যালয়ৰ  নিৰ্বাচিত এই ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী গাড়ী যোগে সুকলমে ঘৰত থৈ অহাও হৈছিল (ধেমাজীৰ দু:সহ সময় আজি যে পাহৰণিত!) ।


এইবোৰ কাৰণতে দূৰদৰ্শন হৈ পৰিছিল আমাৰ বাবে আনন্দৰ ৰং কঢ়িওৱা একমাত্ৰ মাধ্যম। গণৰাজ্য দিৱসত, দিল্লীৰ পথত দেখুওৱা দেশৰ শক্তি প্ৰদৰ্শনৰ আৰ্হিবোৰ, সেনা-জোৱানৰ দু:সাহসিক প্ৰদৰ্শন, ভাৰতৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিৰ প্ৰতীকপটবোৰ আৰু মন্ত্ৰালয়সমূহৰ নিদৰ্শন তথা ল'ৰা-ছোৱালীবোৰৰ নাচোন চাই কিমান যে ভাল লাগিছিল!বাইদেৱে পুণে বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ পোৱা অভিজ্ঞতাৰ পাছতহে জানিছিলো, দেশৰ অন্য প্ৰান্তত সেইদিনা হেনো মানুহে মিঠাই খায়!! 

তথাপি ভয়বোৰৰ মাজতো আমাৰ সেইদিনা ভাল লাগিছিল। নীলা আকাশৰ মাজত উৰি থকা তিনি বৰণীয়া জাতীয় পতাকাখন দেখি নজনাকৈয়ে আমিবোৰ দূৰ্ঘোৰ দেশপ্ৰমিক হৈ উঠিছিলো; দূৰদৰ্শনে বাৰে বাৰে দেখুওৱা 'মিলে সুৰ মেৰা তুমহাৰা' গানটো মুখস্থ হৈ গৈছিল আৰু টি ভিৰ পৰ্দাত ভাঁহি থকা ৰাষ্ট্ৰীয় সংগীতৰ লহৰত আমিবোৰ ঘৰৰ ভিতৰতে থিয় হৈ দিছিলো! আজিৰ দৰে শান্ত পৰিৱেশৰ উল্লাস নাথাকিলেও বুজি উঠাৰ বয়সৰে পৰা গণতান্ত্ৰিক ব্যৱস্থা এটা আমাক প্ৰদান কৰাসকলৰ প্ৰতি নতজানুও হৈছিলো । 

দূৰদৰ্শনে তেতিয়া আমাৰ  গোমা দিনটোক সচাকৈয়ে মধুৰ কৰি পেলাইছিল!


------

Post a Comment

0 Comments