সজীৱ শ্ৰেণীকোঠাবোৰ ( The Classrooms!)

 সময়বোৰ যেন ৰৈ হে গৈছিল! যোৱাবছৰৰ এই সময়খিনিত  আমিবোৰে বিভাগত বহি বহি চীনত আৰম্ভ হোৱা নতুন ৰোগবিধৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে কথা পাতি আছিলো । ইমান অসুবিধাৰ মাজতো তেওলোকে শিক্ষা প্ৰচেষ্টা চলাই আছিল !আমি আচৰিত হৈছিলো, অন লাইন শিক্ষাই সকলোকে স্পৰ্শ কৰিব পাৰিছেনে?তেতিয়া আমি অৱশ্যে কল্পনাও কৰিব পৰা নাছিলো যে খুব সোনকালেই আমিও এই অভিজ্ঞতাৰ সন্মুখিন হ'ব লাগিব!

সমগ্ৰ দেশজুৰি মাৰ্চ মাহত আৰম্ভ হোৱা লকডাউনৰ প্ৰথম অৱস্থাৰ বন্ধখিনিক খুব এটা জটিল বুলি ভাৱ হোৱা নাছিল। শ্ৰমিকৰ পদযাত্ৰা আৰু ৰোগীৰ দুৰ্দশাই বুকু কপাইছিল যদিও আমি যে অনিশ্চিত ভবিষ্যতৰ গহ্বৰ এটালৈ সোমাই গৈ আছো, সেয়া ভাবিবও পৰা নাছিলো! যিমানেই বুজিবলৈ আৰম্ভ কৰিছিলো, সিমানেই শিক্ষক হিচাপে অসহায় অনুভৱ কৰিবলৈ ধৰিছিলো। আমাৰ ছাত্ৰহঁতৰ কি হ'ব এতিয়া? উন্নত দেশৰ দৰে আমাৰ যে ইণ্টাৰনেটৰ প্ৰসাৰ ইমান নাই! নাই ইণ্টাৰনেটৰ সাক্ষৰতা!

শিক্ষক হিচাপে আন বহুতৰ দৰেই ময়ো নতুন পথৰ সন্ধান আৰম্ভ কৰিলো...নতুনকৈ বহু কাৰিকৰি কথা শিকিবলৈ আৰম্ভ কৰিছিলো! ছাত্ৰসকলে শ্ৰেণীকোঠা আৰু বিভাগটো 'মিছ' কৰাৰ দৰে মইও সজীৱ শ্ৰেণীবোৰ  মিছ কৰিছিলো! ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহী মুখবোৰে বৰকৈ আমনি কৰিবলৈ লৈছিল!কেতিয়া যে সিহঁতক সচাকৈ লগ পাম!- এই ভাবেও খুন্দিয়াবলৈ লাগিল। 

লকডাউনৰ পৰিসৰ ক্ৰমে দীঘলীয়া হোৱা হেতুকে বিভাগৰ পৰা অনলাইন পদ্ধতিৰে শ্ৰেণীবোৰ আৰম্ভ কৰা হ'ল যাতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ধাৰা অব্যাহত থাকে। প্ৰথমে  এই ধৰণৰে ক্লাছ কৰি ভালেই লাগিছিল। পিছলৈ পিছে যথেষ্ট অসুবিধাৰ সন্মুখিন হ'লো। 

ইণ্টাৰনেটৰ সংযোগ ঠিক নাথাকিলে ক্লাছ কৰা সম্ভৱ নহয়। প্ৰায়ে যোগাযোগ বিচ্ছিন্ন হয়; আকৌ join হ'ব লাগে। আকৌ, ডাটা বেছি খৰছ হোৱাৰ ভয়ত আৰু নেটৱৰ্ক লেহেমীয়া হোৱাৰ আশংকাত ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'বোৰ বন্ধ কৰি থয়। শব্দ প্ৰদূষণ হোৱাৰ ভয়ত অডিঅ'বোৰো বন্ধ থাকে। ফলত, অকলে অকলে কথা কৈ থকা যেনহে ভাব হৈছিল। কম্পিউটাৰৰ মনিটৰত গোল গোলকৈ ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ জিলিকি থাকিছিল যদিও সঁহাৰি নাপালে কোনো সময়ত অত্যন্ত দু:খ লাগিছিল।কেতিয়াবা মোৰ নেটৱৰ্ক বেয়া থাকিলে সিহঁতে নুশুনে; শব্দবোৰ ভাঙি ভাঙিহে শুনে। ফলত সিহঁতে মোৰ কথা একো বুজি নাপায়। সেয়েহে একেখিনি কথাকে আকৌ বুজাবৰ যত্ন কৰো। কেতিয়াবা এই ঘটনাৰ কেবাবাৰৰলৈকে পুনৰাবৃত্তি ঘটি থাকিছিল। সেয়া যে কেনে আমনিদায়ক হয়, তাক শিক্ষকজন আৰু একেখিনি কথাকে পুন:পুন: শুনি থকা ছাত্ৰহঁতেহে বুজিব পাৰিছিল!

কেতিয়াবা অনুভৱ হৈছিল - সকলো ইমান নিৰৱ: মই যে কথাবোৰ বুজাই আছো; সিহঁতে বাৰু সঁচাই শুনিছেনে? বুজিছেনে? নে অতিমাৰীৰ সময়ত আৰম্ভ হোৱা ৱেবিনাৰবোৰত অংশগ্ৰহণকাৰী প্ৰায়সকল ব্যক্তিয়েই join কৰিয়েই অ'ডিঅ'- ভিডিঅ' সকলো বন্ধ কৰি আন কাম কৰি থকাৰ দৰেই ছা্ত্ৰহঁতেও কৰে নেকি বাৰু? পিছত পঢ়াবোৰ সুধিলে, নোৱাৰিলে , আন কাৰিকৰী সমস্যাৰ লগতে সিহঁতে উত্তৰ দিয়া হ'ল -সিহঁতৰ অনলাইন ক্লাছত মনোযোগ নবহে হেনো! 

PC: Julie

নৱেম্বৰ মাহত শিক্ষানুস্থান খোলাৰ অনুমতি দিয়া হৈছিল যদিও তেতিয়াও অনলাইন ক্লাছেই চলি আছিল। এদিন মই ক্লাছ কৰি আছো। হঠাৎ power point presentation টো আতৰাই দেখিলো, ক্লাছটোত কেৱল মাত্ৰ এগৰাকী ছাত্ৰী আছে আৰু তাইৰো কোনো সঁহাৰি নাই! অলপ হতাশ হৈ  মোৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লৈছিলোহে, সিহঁতৰ প্ৰায় কেবাজনো আহি বিভাগত, মোৰ সন্মুখত উপস্থিত হ'লহি। তাৰমানে, মই বুজাই থকাৰ  সময়ত সিহঁতে যাত্ৰাহে কৰি আছিল?? একমুহুৰ্তৰ বাবে মই বুজি পোৱা নাছিলো যে মই আচলতে সুখী হ'ম নে খং কৰিম!

: মই যে বুজাই আছিলো!!

:আকৌ এবাৰ বুজাই দিয়কনা মেম!

সিহঁতৰ সুখী মুখবোৰ দেখি মইও আনন্দিত হৈছিলো। অৱশ্যে, মোৰ সন্মুখত স্পষ্ট হৈছিল দুখন পৃথিৱী-ক'ভিড ১৯ ৰ আগত ইণ্টাৰনেটৰ ভাৰ্চুৱেল  পৃথিৱীখনকে নতুন প্ৰজন্মই আপোন কৰি  লব বুলি আমি সকলোৱে ভয় খাইছিলো। পৃথিৱীজুৰি সকলোৱে ভৱিষ্যতবাণী কৰিছিল যে ইহঁতে মানুহৰ পৃথিৱীখনক গ্ৰহণ নকৰিব! নভেল ক'ৰণা ভাইৰাছে সিহঁতৰ  দৃষ্টিভংগী সলনি কৰি দিছে! সিহঁতক পুৰণা পৃথিৱীখন নতুনকৈ চাবলৈ সক্ষম কৰিলে এই ভাইৰাছবিধে। সিহঁতক হেনো আৰু অনলাইন ক্লাছ নালাগে!

ময়ো বৰ সকাহ অনুভৱ কৰিলো আন এটা দিশৰ পৰাও-মই যিহেতু দুটা সৰু সৰু সন্তানৰ মাতৃ, সেয়েহে পঢ়াই থকাৰ মাজত সিহঁতে কৌতুহলবশতঃ আমনি দিছিলহি....ছাত্ৰ-ছাত্ৰীৰো মনোযোগ বিচ্ছিন্ন হৈছিল...ভাৰাঘৰত যিহেতু থাকো, কোন ঠাইত বহিলে মোৰ ঘৰৰ ভিতৰখনৰ বেয়া অংশ ছাত্ৰ ছাত্রী আৰু সিহঁতৰ অভিভাৱকে নেদেখা হৈ থাকিব, সেয়াও অদৰকাৰী, ভাবিবলগীয়া এটা মূৰৰ কামোৰত পৰিণত হৈছিল! ক্লাছৰ নামত প্ৰায়ে মোবাইল বা কম্পিউটাৰত বহি থাকিবলগীয়া হোৱাত মোৰ ক্লাছ সমূহ নব্বৈৰ কাষ চপা বুঢ়া শহু্ৰৰ বাবে অজীৰ্ণ-অখাদ্য বিষয় এটাতহে পৰিণত হৈছিল। পৰিণতিত মাজে সময়ে এই বিষয়ত মোৰ সাংসাৰিক বদহজমী এটাইও উক নিদিয়াকৈ নাথাকিল! চাকৰি আৰু নিয়মাৱলীৰ বাবে সিহঁতৰ দেউতাক যিহেতু মোৰ ওচৰত নাছিল সেয়েহে মোৰ বাবে এই বদহজমৰ চোক কোনো সময়ত গাঢ়ও হোৱা যেন ভাৱ হয়!

এতিয়া পূৰ্বৰ দৰে সন্মুখা সন্মুখিকৈ ক্লাছ সমূহ আৰম্ভ হোৱাত শ্ৰেণীকোঠাবোৰ পুণৰ আগৰ দৰে সজীৱ হৈ পৰিছে; বিভাগটোলৈ যেন হেৰুৱা ছন্দ উভটিহে আহিছে! শ্ৰেণীকোঠাসমূহ যে পুথিগত শিক্ষাৰ মঞ্চতকৈ বহু উৰ্ধত- ই যে ছাত্ৰৰ মানসিক , সামাজিক আৰু ব্যৱহাৰিক দিশ নিৰ্মাণৰ আকৰ সেয়া যেন প্ৰতিস্থিত হোৱাতোও প্ৰয়োজনহে হৈ পৰিছিল! সজীৱ শ্ৰেণীকোঠা এটাৰ আচলতে কোনো বিকল্পই নাই!

(অতিমাৰীৰ সময়ছোৱাত  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক হিতৰ বাবে অসীম কষ্ট কৰা, কেতিয়াবা technology শিকিবলৈ বয়সে ভাটি দিয়া শিক্ষক এজনেও পুনৰ নিজে ছাত্ৰৰ  দৰে নতুনকৈ বহু কথা শিকা, ঘৰ-সংসাৰৰ সকলো দায়িত্ব শিৰ পাতি লৈও ছাত্ৰৰ মংগল চিন্তা কৰি হাঁহিমুখে ক্লাছ কৰা প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ বাবে উৎৰ্গিত এই অনুভৱ...)





Post a Comment

1 Comments

  1. As you said our feelings. A natural and spontaneous read.Good.

    ReplyDelete