Is this America?

 দ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা ক্ৰমশ: শক্তিশালী ৰূপে থিয় দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে গণতন্ত্ৰৰ সবল ৰখীয়া বুলি গৌৰৱ কৰি আহিছিল। মুক্ত চিন্তা, অগ্ৰণী ভাৱধাৰা, নতুনত্বৰ পথ প্ৰৱৰ্তক বুলি সততে দোহাৰিও আহিছিল। পক্ষপাত দুষ্ট সংবাদ মাধ্যমে পশ্চিমীয়া সভ্যতা আৰু জীৱন যাত্ৰাক শ্ৰেষ্ট বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই আছিল/ আছে। প্ৰভাৱশালী আৰু ধনী সংবাদ মাধ্যম সমূহৰ এই প্ৰৱণতাক প্ৰাচ্যৰ দেশ আৰু সংবাদ মাধ্যমে western bias হিচাপে চিহ্নিত কৰি মিডিয়া শিক্ষাৰ অংগ হিচাপে চিহ্নিত কৰি পেলাইছে। ইমান দিনে আমেৰিকা মুক্ত চিন্তা আৰু স্বাধীন গণতন্ত্ৰৰ ধ্বজাবাহক হৈ আছিল। কেৱল সেয়াই নহয়, আমেৰিকা মোৰ দৰে স্বপ্নাতুৰৰ বাবে সপোনৰ দেশ হৈ আছিল।গল্প, উপন্যাস, ভ্ৰমণ কাহিনীয়ে গঢ় দিয়া সেয়া যেন এখন ভূ-স্বৰ্গ!

দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীয়ে প্ৰচাৰ কৰা 'বিদেশত আপোন মানুহ' নামৰ ধাৰবাহিক খন আৰম্ভ হলেই টিভিৰ অাগত বহাটো যেন সৰুতে এটা নিয়মহে হৈ পৰিছিল! জীমণি চৌধুৰীয়ে লিখা আৰু চাজুৱে কণ্ঠ দিয়া শীৰ্ষ গীতটি মোৰ আজিও প্ৰিয় । ধাৰাবাহিক খনে মোক স্বপ্ন বিলাসী কৰি তুলিছিল। কি সুন্দৰ সেই পথবোৰ! মানুহবোৰে ইজনে সিজনক কিমান শ্ৰদ্ধা কৰে! নিয়মবোৰৰ প্ৰতি সকলো কিমান যে শ্ৰদ্ধাশীল!যিমানেই ডাঙৰ হৈছিলো, সিমানেই আমেৰিকাই মোক স্বপ্নবিলাসী কৰি তুলিছিল।


বিয়াৰ পাছত,আমেৰিকাৰ পশ্চিমাঞ্চলৰ য়ুটাত গৱেষণাৰত স্বামীৰ সৈতে আহি থাকি যিটো কথাত আচৰিত হৈছিলো, সেয়া হৈছে, আমেৰিকাও আমাৰ দৰেই সমস্যা জৰ্জৰ দেশ।অসমৰ বাংলাদেশী সমস্যা আৰু আমেৰিকাৰ মেক্সিকানৰ সমস্যাৰ হুবহু মিল আছে। তথাকথিত ধনী, আমেৰিকান সকলৰ বাবে সামাজিক ভাবে নিম্ন স্তৰৰ কামবোৰ কৰিবলৈ শ্ৰমিকৰ অভাৱ। ফলত মেক্সিকান আৰু আন প্ৰব্ৰজনকাৰী সকলে সেইবোৰ অভাৱ পূৰণ কৰি আমাৰ ৰাজ্যৰ বিদেশী সমস্যাৰ দৰেই পৰিস্থিতিৰ উদ্ভৱ কৰিছে। এইসকল লোকৰ প্ৰতি আকৌ খিলঞ্জীয়া আমেৰিকাৰ আছে অৱজ্ঞাৰ ভাৱ! সেয়েহে, KFC, McDonald, Dominos জাতীয় তেওলোকৰ সস্তীয়া দোকানত খালে স্থানীয় আমেৰিকান সকলে খুব এটা সম্ভ্ৰমৰ দৃষ্টিয়ে নাচায়!পশ্চিমাঞ্চলৰ মৰ্মৰ খ্ৰীষ্টিয়ান সকল ধৰ্মৰ সন্দৰ্ভত বহু ভাৰতীয়ৰ দৰেই গোড়া, উগ্ৰ আৰু ৰক্ষণশীল! দেশখনৰ মিডিয়াই এইবোৰ কথা কবলৈ বেয়া পায়। 

বহু ৰিপাব্লিকানে আজিও বিশ্বাস কৰে, পৃথিৱীখন চেপেতা! জলবায়ু পৰিবৰ্তন হেনো হোৱা নাই! সেয়েহে ট্ৰাম্প প্ৰশাসনে পেৰিচ চুক্তি নামানো বুলি সদম্ভে ওলাই আহিব পাৰিছিল।

তাতোকৈ আচৰিত কথা, সমতাৰ দেশ আমেৰিকাত প্ৰব্ৰজিত সকলে আন দেশত সন্মুখিন হোৱাৰ দৰেই অসুবিধা, অবজ্ঞাৰ মুখামুখি হয়। বৰাক অবামাই এই বিধিৰ সংশোধন ঘটাবৰ চেষ্টা কৰিছিল যাতে প্ৰব্ৰজিত ব্যক্তি এজনে ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিব লগীয়া নহয়! ট্ৰাম্প প্ৰশাসনে সেয়া নস্যাৎ কৰি 'America First' নীতি গ্ৰহণ কৰিলে।

তীব্ৰ  পুঁজিবাদী দেশ আমেৰিকাত স্বাস্থ্য বিধি আমাৰ  দেশৰ দৰে সুলভ নহয়; নহয় শিক্ষা ব্যৱস্থাও। সেয়েহে ল'ন লৈ পঢ়া অ'বামাই ৰাষ্ট্ৰপতি হোৱাৰ পাছতহে শোধ কৰিব পাৰিছিল শিক্ষাৰ ঋণ।

তেওঁলোক যেন খুব নিসংগও!সাধাৰণ সৌজন্যতামূলক কথাৰ ব্যতিৰেকে তেওলোকৰ ব্যক্তিগত কোনো কথাত যেন আনকি মাক দেউতাকেও প্ৰবেশ কৰিব নোৱাৰিব!ফলত ভাগ বতৰা নহয় কোনো সমস্যাৰ!দিনক দিনে সেই কাৰণেই কিজানী বাঢ়িছে হতাশা!অত্যধিক হতাশাৰ চাপ সহিব নোৱাৰা বাবেও বহুতে যেতিয়াই তেতিয়াই গুলি চালনা কৰি অস্থিৰ কৰি পেলাবৰ যত্ন কৰে আমেৰিকাৰ সাধাৰণ জনজীৱন।

ডনাল্ড ট্ৰাম্পে আহি আমেৰিকাৰ চিকুণ সাজ জোৰৰ আঁৰৰ ফোপোলা স্বৰূপ এটা উদঙাই দিলেহি। ট্ৰাম্পৰ অনুৰাগী সকলে গণতন্ত্ৰৰ ৰাজহাড় ভাঙি আমেৰিকাৰ আত্মাৰ অন্ধকাৰ দিশটোক প্ৰতিবিম্বিত কৰি নিজৰ দম্ভ আৰু অহংকাৰক নি:শেষ কৰি পেলালে। নিজৰ শিক্ষা আৰু 'উচ্চতা'ক পাহৰি তৃতীয় বিশ্বৰ 'অনুন্নত' , 'অশিক্ষিত', দুখীয়া', 'পিছপৰা '( তেওলোকৰ মিডিয়াৰ ভাষাৰ ) দেশৰ লোকৰ সমপৰ্যায়লৈ নামি আহিল ।যিসমূহ দেশক ইমানদিনে আমেৰিকাই হাঁহিছিল সেইবোৰ দেশেও এতিয়া আমাৰেকিকাক সান্তনা (উপলুঙা?) দিছেহি। বিশ্বৰ শীৰ্ষ নেতা সকলে আমেৰিকাৰ গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিবলৈ বাধ্য হ'ল।ইটালীৰ এখন কাকতে শিৰাণামেই দিলে 'Once upon a time, there was America'. নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে ক্ষোভেৰে প্ৰকাশ কৰিলে, ' The world is watching us'. আমেৰিকাৰ উচ্চ শিৰ নত হোৱাৰ কাহিনী পৃথিৱীৰ ইতিহাসত ক'লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰব । 

সেইদিনা সংসদত অতপালি কৰা উন্মত্ত জনতাক ৰোধ কৰিবলৈ প্ৰ্থমেই সক্ষম নোহোৱা আমেৰিকাৰ আৰক্ষীক দেখি দু:খ লাগিছিল- অনভিজ্ঞ তেওঁলোক। ভাৰতবৰ্ষত হোৱা হ'লে- আৰক্ষী, সামৰিক, অৰ্ধসামৰিক বাহিনীয়ে অধিক কুশলতাৰে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰি সংসদত এজনো লোকক প্ৰৱেশেই কৰিবলৈ নিদিলেহেতঁন! কোনো লোক হয়তু নিহতও নহ'লহেতেঁন!সেই মুহুৰ্তৰ ভিডিঅ'বোৰত দেখিলো আমেৰিকাৰ আৰক্ষীৰ হাতত কোনো লাঠী নাছিল যাৰ বাবে গুলি চলোৱােৰ বাদে তেওলোকৰ হাতত  আন উপায় নাছিল! আমেৰিকান সকলো যদি অপ্ৰত্যাশিতভাৱে তৃতীয় বিশ্বৰ দেশৰ লোকৰ সমপৰ্যায়লৈ নামি আহে, ভাল লাগিবনে? 

NASA

নালাগে! কাৰণ, এইখন আমেৰিকা নহয়!আমেৰিকাক লাগে বিজ্ঞাপন আৰু জনসম্পৰ্কৰ নিদৰ্শন শিকিবলৈ , অনাকাংক্ষিত আন শক্তিৰ উত্থান ৰুধিবলৈ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় জয়কাৰ কৰিবলৈ আৰু স্বাধীনতা -সমতাৰ  গান গাবলৈ ( যদিওবা এই ঘটনা আন দেশত হোৱা হ'লে আমেৰিকাই অযথা সামৰিক শক্তিৰ অপপ্ৰয়োগ কৰিলেহেতেঁন)। কাৰণ, ৰাজনৈতিক আৰু সামাজিক অস্থিৰতা দেশ এখনৰ মুক্ত চিন্তা, কলা আৰু বিজ্ঞানৰ চৰ্চাত হেঙাৰ হৈ পৰে। উচ্চ সভ্যতা একোটা তেতিয়া হাজাৰ যোজন পিছুৱাই যাব পাৰে আৰু আন নতুন শক্তিৰ জন্ম আৰু অগ্ৰগতিৰ সমানে ফেৰ মাৰিব নোৱাৰি মৃতপ্ৰায়, প্ৰাচীন , ইতিহাসেও পাহৰি পেলোৱা সভ্যতা হৈ পৰিব পাৰে! 

সহস্ৰবাৰ বিদেশীৰ আক্ৰমণে জুৰুলা কৰা, বিদেশীৰ শাসনে দমন কৰা বিশাল ভাৰতবৰ্ষ তাৰ জলন্ত প্ৰমাণ! সেয়া আমেৰিকাত হ'ব নালাগে!আমেৰিকাৰ গণতন্ত্ৰক সুস্থিৰতা লাগে,  যাতে আৰু কোনেও প্ৰশ্ন কৰিব নোৱাৰে , Is this The America?




Post a Comment

0 Comments