দুচকুত হাজাৰ সপোন লৈ উনৈশ বছৰীয়া ছোৱালীজনীয়ে আমেৰিকাত ভৰি থৈছিলহি। উচ্চ শিক্ষাৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰা, সুদূৰ ভাৰতৰ স্বাধীনচিতীয়া ছোৱালীজনীয়ে এদিন লগ পাই গ'ল জামাইকাৰ পৰা অহা প্ৰতিবাদী কৃষ্ণাংগ যুৱকজনক।মানৱ অধিকাৰৰ সংগ্ৰামৰ দিনবোৰত ক্ৰমশ: আকৰ্ষিত হ'ল দুয়ো । সপোন দেখা ছোৱালীজনীয়ে ঘৰত নজনোৱাকৈয়ে তেওঁক আকোৱালী ল'লে।
আৰম্ভ হ'ল নৱ-জীৱন। কোলালৈ আহিল দুটি দেৱকন্যা। সপোনৰ আকাৰো বাঢ়ি গ'ল। স্বামীৰ সৈতে বিচ্ছেদিত হোৱা শ্যামলা গোপালন নামৰ সেই ছোৱালীজনীয়ে দুয়োজনী জীয়েকক অকলেই ডাঙৰ কৰিলে। স্তন কেন্সাৰৰ গৱেষণা কৰি থাকোতে কেতিয়াবা শ্যামলাই সিহঁত দুইজনীকো গৱেষণাগাৰলৈ লৈ যায়।
পৃথিৱীখনে প্ৰদান কৰিব পৰা সাম্ভাৱ্য বাধা সমূহ উফৰাই সদম্ভে থিয় দিবলৈ, পুৰণি সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত নহৈ সেই বাধা প্ৰতিহত কৰাৰ উপায় বিচাৰিবলৈ,নিজৰ ব্যক্তিত্বৰে উচ্চ শিৰে থিয় হৈ থাকিবলৈ আৰু আনে নেদেখা সপোন দেখিবলৈ শ্যামলা গোপালনে দুয়োগৰাকী কন্যাক অনুপ্ৰাণিত কৰিবলৈ ধৰিলে। গোপালনে সপোন দেখিছিল; সংগ্ৰাম কৰিছিল।
বৰ জীয়ৰীয়ে আপোন কৰিলে মাকৰ প্ৰেৰণাক । নিজৰ পৃথিৱীখনত নিজাকৈ সপোন আকিবলৈ ধৰিলে। এটা প্ৰজন্মৰ পাছত, প্ৰব্ৰজিত ছোৱালীজনীৰ সপোনৰ শিপা ডালে গছৰ আকাৰ ধৰি নতুন ডাল পাতৰ সৃজন কৰিলে! বৰ কন্যাই সচাঁকৈয়ে শ্যামলাৰ সপোনক বহুদূৰ বিশাল কৰি সকলো নিয়মেই ভাঙি পেলালে! তাই হৈ পৰিল আমেৰিকাৰ প্ৰথম গৰাকী মহিলা উপৰাষ্ট্ৰপতি!যেন এটি অকল্পনীয় কাহিনী কথনহে!
মাকে তাইৰ নাম থৈছিল কমলা। দেউতাকৰ উপাধিৰে তেওঁ এতিয়া বিশ্ববাসীৰ বাবে চিনাকী নাম কমলা হেৰিছ- যি ইতিহাসক নতুনকৈ লিখি আমেৰিকাত স্বাধীনতা আৰু নাৰী সমতাৰ এটি নতুন অধ্যায়ৰ সূচনা কৰিলে।
কমলা হেৰিছৰ এই যাত্ৰা কেৱল এগৰাকী ব্যক্তিৰ যাত্ৰা হৈ থকা নাই- এয়া হৈছে আমেৰিকাৰ সমগ্ৰ নাৰীজাতীৰ সমতা আৰু গৌৰৱৰ কাহিনী! কোৱা হৈছে আমেৰিকাৰ মহিলাৰ বাবে এয়া এক উজ্জ্বল চানেকি। দুশ বছৰৰ আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত পুৰুষৰ আধিপত্যৰ প্ৰায় যবনিকা পেলাই কমলা হেৰিছ উপৰাষ্ট্ৰপতি হোৱাৰ ঘটনাক বিশ্ব সম্প্ৰদায়ে সেয়েহে প্ৰশংসাৰে উপচায় পেলাইছে।
হেৰিছক লৈ গৌৰৱান্বিত হোৱাৰ লগে লগেই কৰবাত মনটো যেন সংকুচিতও হৈ পৰিছে। আমেৰিকাৰ দৰে বিশ্বৰ শীৰ্ষ দেশ এখন- য'ত সমতা আৰু ব্যক্তি স্বাধীনতাৰ প্ৰতি সকলো ভীষণ শ্ৰদ্ধাশীল, তেনে এখন দেশত ক্ষমতাৰ মুৰব্বী স্থান এটাত এগৰাকী নাৰীয়ে আসন গ্ৰহণ কৰিবলৈ তৃতীয় বিশ্বৰ দেশবোৰতকৈও অতি পলম হোৱাটোৱে যেন দেশখনৰ মুক্ত চিন্তা আৰু অগ্ৰণী ভাৱধাৰাৰ প্ৰতি এটি প্ৰশ্নবোধক চিনহে নিদৰ্শন কৰে! আমেৰিকাৰ নাৰীয়ে ভোট দিয়াৰ অধিকাৰ লাভ কৰিছিল ১৯১৯ চনত( তাৰ আগলৈকে আমেৰিকাৰ ৰাজনীতিত নাৰী সক্ৰীয় অৱদানৰ পৰা বঞ্চিত হৈ আছিল! )।আমেৰিকাৰ জনগণে আজিকোপতি এগৰাকী নাৰীক দেশ নেত্ৰীৰ পদত অধিস্থিত কৰা নাই!অথচ, ভাৰতকে ধৰি এছিয়াৰ দেশ সমূহে (পাকিস্তান, বাংলাদেশ, শ্ৰী লংকা আদি) কিমান আগৰে পৰা নাৰীক দেশৰ নেতৃত্ব প্ৰদান কৰি আহিছে!ইতিহাস ( ৰেজিয়া চুলতানা, ফুলেশ্বৰী কুঁৱৰী, ঝান্সীৰ ৰাণীৰ দৰে বীৰাংগণা) অথবা পৌৰানিক কাহিনী সমূক (চিত্ৰাংগদা?) নহ'লে ধৰ্তব্য বুলি নধৰিলোৱেই!অথচ এছিয়াৰ মহিলাৰ এই গাথাক উন্নত দেশ সমূহে প্ৰকাশ্যে স্বীকাৰ কৰি ল'ব নুখুজে!
আচৰিত কথা যে, ডনাল্ড ট্ৰাম্পৰ দৰে মহা অভিযোগ আনিবলগীয়া ৰাজনীতিকাৰীক আমেৰিকান সকলে নিৰ্বাচন কৰিলে কিন্ত্ত তেওঁতকৈ বহু গুণে আগবঢ়া হিলাৰী ক্লিণ্টনক প্ৰাধান্য নিদিলে! নাৰীৰ প্ৰতি তেওলোকৰ অৱিশ্বাস যেন ৰৈয়ে গৈছে!আৰু সেইবাবেই কমলা হেৰিছৰ জয় স্বৰ্ণিল আৰু ভাস্বৰ হৈ উঠিছে। উপৰাষ্ট্ৰপতি সকলে এটা সময়ত ৰাষ্ট্ৰপতি হোৱাৰ পৰম্পৰা আমেৰিকাত আছেই। গতিকে, কমলা হেৰিছে আমেৰিকাৰ ৰাজনৈতিক ইতিহাস সমূলি সলাই পেলাব বুলিয়েই দেশখনৰ নাৰীবাদী তথা অগ্ৰণী চিন্তাবিদ সকলে ধাৰণা কৰি পেলাইছে!
সেয়াই হওক।আজিৰ তাৰিখতো অতি ৰক্ষনশীল, গোড়া দেশৰ দৰে নাৰীক প্ৰথম আসন দিবলৈ আমেৰিকাই আচলতে আৰু কুণ্ঠাবোধ কৰা অনুচিত!
(মাতৃৰ স্বাধীন চিন্তাৰ দ্বাৰা নিজৰ জীৱনত উদ্বুদ্ধ হৈছে বুলি কমলা হেৰিছে প্ৰায় সমূহ সাক্ষাৎকাৰত দোহাৰিছে।প্ৰথম কথাখিনি হেৰিছৰ সাক্ষাৎকাৰ সমূহৰ আধাৰত লিখা হৈছে)
0 Comments