প্ৰতিদিনে বাঢিছে ধৰ্ষণৰ বাতৰিবোৰ ৷ সৰু-সুৰা নহয়- দলবদ্ধ ধৰ্ষণৰ ঘটনাও বাঢ়ি আহিছে প্ৰতিদিনে৷
অসমত জন্ম লৈছো বাবে ছোৱালী হিচাপে সুৰক্ষিত বুলি এসময়ত নিজে কৰা অহংকাৰক যেন মই নিজেই দিনে দিনে সন্দেহহে কৰিম! কিয় এনে হৈছে? এখন ক্ষয়িষ্ণু সমাজে যেন মোক ভয়াৱহ ভবিষ্যতৰ অন্ধকাৰকহে আঙুলিয়াই দিছে!
অৱশ্যে তাৰমাজতো, কিছুমান সাহসী নাৰীৰ কাহিনীয়ে মোক প্ৰায়ে চমকিত কৰি তোলে।
আগৰ দিনত হ'লে, ধৰ্ষণৰ ঘটনা প্ৰায়ে লুকুওৱা হৈছিল। অসমৰ ইতিহাসৰ অন্ধকাৰ সময়ছোৱাত আলফাৰ সন্ধানত ঘূৰি ফুৰা সামৰিক বাহিনীৰ হাতত কিমানজনী ছোৱালী- বোৱাৰী যে ধৰ্ষিতা হৈছিল- সেয়া প্ৰায়সমূহ অপ্ৰকাশিত হৈয়ে ৰ'ল। (সাহিত্যক সকলে সেইবোৰ কাহিনী ধৰি ৰাখিবৰ যত্ন কৰিছিল, অৱশ্যে।)কোনোৱে যদি আৰক্ষীৰ কাষ চাপিছিলো, তেনেহ'লে বহু সময়ত আৰক্ষীয়ে এনে তথ্য হেনো গ্ৰহনো নকৰিছিল!( তথ্যচিত্ৰ নিৰ্মাতা মৌলিনাথ সেনাপতিৰ Measure of Impunity নামৰ তথ্যচিত্ৰখনত এনে নাৰীৰ চকুপানী পৰিস্ফুত হৈছে।)আন সময়ত , কোনো প্ৰভাৱশালী ব্যক্তিয়ে হয়তো নিজৰ সুৰক্ষাৰ্থে প্ৰতিবাদী সেই সাহসী কণ্ঠবোৰক 'ডাইনী' সজাই পেলাইছে । সঞ্জীৱ সভাপণ্ডিতৰ 'জাংফাই জোনাক' নামৰ চিনেমাখনত ইয়াৰ কি যে সাহসী উপস্থাপন পোৱা যায়! নতুবা কোনো অজলা ৰমণীক পাষণ্ডহঁতে অপমান কৰি, সন্তান সম্ভৱা হ'লে তাইকেই অপযশ ঢালি তাইৰ জীয়াই থকাৰ পৰিবেশেই নোহোৱা কৰি পেলায় ! চন্দ্ৰ মুদৈৰ 'বাকৰ পুতেক' নামৰ চিনেমা খনে আমাৰ সমাজৰ এই অন্ধকাৰ দিশটোক উপজীব্য হিচাপে লৈছিল।
দূৰ্ভাগ্যৰ কথা যে, লাঞ্চিত এই নাৰীবোৰে শাৰীৰিকভাৱে এবাৰ ধৰ্ষিতা হোৱাৰ পিছত, আমাৰ দেশত আকৌ এবাৰ মানসিকভাৱে অপদস্থ হ'ব লগা হয়। সিহঁত হেনো সমাজৰ কামত নহা, পৰিয়ালৰ সন্মানহানিৰ কাৰণ! সিহঁতে সমাজৰ পৰা সন্মান আশা কৰিব নোৱাৰে। সিহঁতে হেনো বিৱাহৰ যোগ্যতা হেৰুৱায়! দোষ যেন সিহঁতৰহে!অথচ, ধৰ্ষণ শব্দটোৰ অৰ্থই হৈছে এজনৰ সন্মতি নোহোৱাকৈ জোৰ কৰি স্থাপন কৰা যৌন সম্পৰ্ক!আমাৰ সমাজত ভুক্তভোগী আৰু তাইৰ পৰিয়ালে চকুলো টোকে আৰু দোষীহঁতে সদম্ভে দপদপাই ফুৰে ( আগৰ দিনৰ কাহিনীৰ ৰাক্ষসবোৰৰ দৰে?)। আনকি কেতিয়াবা, আৰক্ষীৰ ওচৰত FIR দি অহা সাহসী ছোৱালীজনীকে মানসিকৰোগী সজাবৰো যত্নহে কৰা হয়! তাইক blackmail কৰা হয়- কোৱা হয় তাই হেনো কলংকিত, অসতী!!
চিনাকী ছোৱালী এজনীৰ সৈতে ঘটা এনেকুৱা ঘটনা এটাত মই নতুনকৈ বিচাৰিবৰ যত্ন কৰিছিলো এটা উত্তৰ; সতী কোন?
আভিধানিক সংজ্ঞাই মোক সুখী কৰিব নোৱাৰিলে! সৎ আৰু ধৰ্ম আচৰণেই যদি সতীৰ অৰ্থ হয়, তেনেহ'লে ধৰ্ষিতাসকল অসতী কেনেকৈ হ'ব পাৰে? সিহঁতে নিজ ইচ্ছাৰেটো ধৰ্ষিতা হ'বলৈ নাযায়!
ভাৰতীয় দৰ্শন মতে পঞ্চসতী বুলি আখ্যা দিয়া সকলক আজিৰ তাৰিখৰে সংজ্ঞাবদ্ধ কৰিলে দেখোন তেওঁলোক কোনো কাৰণতে সতী নহয়!
দেৱী অহল্যা- দেৱৰাজ ইন্দ্ৰই তেওঁক ছলনা (ধৰ্ষণ ?) কৰিছিল।
ৰাণী তাৰা- বান্দৰ ৰজা বালীৰ পত্নী । বালীৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ সুগ্ৰীৱৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়। (ইয়াৰ পাছতো সতীদাহ প্ৰথাৰ দৰে ঘৃণনীয় ব্যৱস্থা আমাৰ দেশত কেনেকৈ যে প্ৰচলিত হ'ল!)
মহাৰাণী মন্দোদৰী- ৰাৱণৰ পত্নী । তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ বিভীষণৰ পত্নী।
মহাৰাণী কুন্তী- স্বামী পাণ্ডুৰ অক্ষমতাত আন দেৱতা (পুৰুষ)ৰ ঔৰষত তিনি পুত্ৰৰ জননী। সেয়া আজিৰ যুগৰ In vitro fertilization কৰা বুলি ধৰি ল'লেও বিৱাহৰ পূৰ্বৰ সন্তান কৰ্ণ?
ৰাণী দ্ৰৌপদী: পঞ্চপতি। আজিৰ দিনত এনে polygamy সহ্য কৰা হ'ব নে??
এইসকল সতী নাৰী যদি আমাৰ সমাজৰে এগৰাকী বুলি ধৰি লও; তেওলোকে আজি সন্মান পালেহেতঁন নে?
যি সকল ধৰ্ষিতা, যি সকল পুৰুষৰ কামনাৰ বলী হৈছে, তেওলোকক খুব সহজ ভাৱে , খোলা মনৰে, সমাজৰ এজন বুলি গ্ৰহণ কৰি ছোৱালীজনীক মানসিক ভাৱে সবল কৰি ৰাখিব পৰাকৈ আমাৰ মনবোৰ বহল কৰিব আমি কিয় নোৱাৰো? তুলসী নামৰ গছজোপাই প্ৰতিনিধিত্ব কৰা নাৰীসকলক তুলসীৰ দৰেই পৱিত্ৰ বুলি আজিৰ পুৰুষ নাৰী সকলে কিয় গ্ৰহণ কৰিব নোৱাৰে? (দেৱী তুলসীও যে ভগৱান বিষ্ণুৰ হাতত নিগ্ৰহিত হৈছিল! এক অৰ্থত ধৰ্ষিতা! তুলসী ইমান শক্তিশালী আছিল যে সৰ্বশক্তিমান বিষ্ণুকো শালগ্ৰাম নামৰ শিলালৈ ৰূপান্তৰ কৰাৰ কাহিনী বৰ্ণনা কৰি কোনোবা ঋষিয়ে তাহানিতে নাৰীক সাহসী হোৱাৰ উপদেশ দি গৈছিল!)
আৰু সীতা? স্বাভিমান আৰু মৰ্যদা ৰক্ষাৰ বাবে, প্ৰয়োজন হ'লে নিজৰ স্বামী, ৰামৰ দৰে ঈশ্বৰ পুৰুষকো ত্যাগ কৰিব পৰাৰ সাহস আৰু আদৰ্শ দেখুৱাই থৈ গৈছে!
মহাকাব্যিক এই চৰিত্ৰসমূহ জানো কেৱল নিৰ্জীৱ কিতাপৰ পৃষ্ঠাৰ চৰিত্ৰ? নহয়। নহয়। এইবোৰ যে আমাৰ আশে পাশে ঘূৰি ফুৰা খুব চিনাকি কিন্তু আমি স্বীকৃতি দিবলৈ নিবিচৰা কোনো নাৰী! কেৱল ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে দুই এজন সাহসী লোকেহে চিনি পায় এওলোকক !আৰু সেয়ে,কোনোবা অখ্যাত মেনকাক সীতাৰ সৈতে তুলনা কৰি অগ্নিস্নানৰ সংজ্ঞাই সলনি কৰি পেলাব পাৰে মুষ্টিমেয় এই ব্যক্তি সকলে!
আজিকালি মোৰ প্ৰায়ে ভাৱ হয়, যিসকল পূৰ্বজক আমি মান্ধাতাকলীয়া, পিছপৰা, অজ্ঞ বুলি ইমান অৱজ্ঞা কৰি থাকিছিলো; সেইসকল বা সেই পৌৰাণিক ভাৰতবৰ্ষৰ মানুহবোৰ আমাৰ আজিৰ দিনতকৈ অধিক মুক্তমনা, নাৰীবাদী, আৰু 'আধুনিক' আছিল নেকি বাৰু? নহ'লে ধৰ্ষিতাসকলক দেৱীৰ মৰ্যদা দিয়াৰ সমান উদাৰ কেনেকৈ আছিল?
আমি বাৰু সিমান খিনি হ'ব নোৱাৰিলেও, ধৰ্ষিতা সকলক মানসিক আৰু সামাজিক সুৰক্ষা প্ৰদান কৰিব নোৱাৰোনে? কেৱল মাত্ৰ এজনী 'দামিনী'ৰ বাবে নহয়, প্ৰতিজনী জীৱিত দামিনীৰ সৈতে আমি কিয় থিয় দিব নোৱাৰো?
আজিকালি নিজকেই প্ৰশ্ন কৰো, মই আচলতে আধুনিক মনৰ হয় নে?
-------
Girls who are molested or being raped are considered as 'impure' in our society. It is sad that she has to face psychological assaults from the family and society instead of empathy, support and strength. Many a times, such incidents are not reported due to the fear of reprisal from the society. Instead of standing with the victims, our society has a tendency to frame them as an evil force and threat to the society. Many Assamese fiction and non fiction films have portrayed this sad saga of women despite having stringent law in place to protect them.
This often puzzles me. Many of our Goddesses whom we worship, have such 'sins' but we consider them as deity (example: The Panch Sati - Ahalya, Mandodari, Tara, Kunti and Draupadi or Tulshi!). I wonder, if our saints portrayed such characters to encourage the society to embrace them gracefully. Another question that comes to my mind is that, were these character scripted to give a lesson to the society or the society practised these in a humanistic way which a storyteller picked up for generations to come?
To me it seems that our ancestors were more liberal, open minded and progressive than us.
0 Comments