অপ্ৰত্যাশিতভাৱে মা ৰ কেঞ্চাৰ ধৰা পৰিছিল আৰু সলনি হৈ গৈছিল মোৰ জীৱনৰ গতিধাৰাও....
মনত আছে ...সেইদিনা কলেজৰ পৰা আমি পামহি গাৱৰ পাৰিজাত একাডেকমীলৈ গৈছিলো। তেতিয়াৰ কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা শিশুৰ মনত বিজ্ঞান মানসিকতা জন্মোৱাৰ উদ্দ্যেশ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আমি তিনিজন আছিলো সেইদিনা- প্ৰয়াত অনামিকা বাইদেউ, মই আৰু ভাতৃ প্ৰতিম জিতমণি।
দেউতাই ফোন কৰিছিল: মাৰাৰ ৰিপৰ্টটো আহিছিল। তুমি আনিবাগৈ নেকি? মোৰছোন কেনেবা কেনেবা লাগিছে অ' আই!
দেউতা বৰ মৰমীয়াল আৰু কোমল অন্তৰৰ ব্যক্তি আছিল। এটা ভয় লগা অজান শংকাই দেউতাক কাহিল কৰিছিল।
পামহিৰ পৰা আহি কলেজৰ পৰাই পোনে পোনে মই চিকিৎসালয়লৈ দৌৰ মাৰিছিলো! ৰিপৰ্টটো হাতত লৈ মই বহুপৰ থৰ লাগিছিলো! যিটো আশা কৰা নাযায়, জীৱনে বোধহয় তাকেইহে দিব খোজে!
মাৰ ক্ষুদ্ৰান্তৰ শেষ অংশত মেলিগনেণ্ট কোষ ধৰা পৰিছে!
ৰিপৰ্ট টো চাই মই যেন চিঞৰি চিঞৰি কান্দিম! মাৰ যে কেঞ্চাৰ হৈছে! স্নাতকোত্তৰ শাখাৰ Cell and Molecular Biology ৰ শ্ৰেণীত কৰৱী বাইদেৱে পঢ়োৱা মেলিগনেণ্ট কোষৰ ধৰ্ম, বিস্তাৰৰ নীতি আদিবোৰে তীব্ৰতাৰে মোৰ মানসপটত ঘূৰিবলৈ ধৰিছিল। সামান্য জ্ঞানৰে মই বুজি উঠিছিলো এই কোষ ইতিমধ্যে মাৰ বিভিন্ন অংগলৈ যাবলৈ ধৰিছে। মাৰ যে Stage III কেঞ্চাৰ ধৰা পৰিছে!
মই কান্দিব নোৱাৰিলো! কিহবাই যেন মোৰ ডিঙিটোত সোপা মাৰিহে ধৰিছিলহি!
তাৰপাছত, ক্ষীপ্ৰভাবে পৰিবৰ্তিত হৈছিল আমাৰ জীৱন চক্ৰ! কিয় এনে হ'ল? সমগ্ৰ জীৱন আনৰ বাবে হিত চিন্তা কৰা, সৎ ভাবে জীৱন অতিবাহিত কৰা মা ৰ এই ৰোগ কিয় হ'ল? সততাৰ দৰ্শন যদি ঈশ্বৰৰ পথ হয়, তেনেহ'লে ঈশ্বৰৰ এয়া কেনে বিচাৰ?- এই চিন্তাই আমাক কেঞ্চাৰৰ দৰে ঘেৰি পেলাইছিল! আজিও মই মুক্ত হ'ব পৰা নাই ইয়াৰ পৰা! আজিও বিচাৰি পোৱা নাই ইয়াৰ উত্তৰ!
প্ৰথম অৱস্থাত দিকভ্ৰান্ত হৈছিলো! ক'লৈ যাম? কেনি যাম? পথ কোন দিশে? সন্মুখ সমৰৰ এই যুদ্ধৰ যুজাৰু আছিলো মই আৰু দেউতা! বাইদেউহঁত সাহস হ'ল! অসহায় ভন্টিয়ে হোষ্টেলৰ কোঠাত অকলে কিমান চকুপানী বোৱালে সেয়া আজিও সোধা নাই মই! কেৱল অনুভৱ কৰিবৰ যত্ন কৰো!
কেঞ্চাৰৰ সৈতে যুদ্ধখন বৰ দীঘলীয়া হয়! ৰোগবিধে খুব ধীৰ গতিৰে কাঢ়ি নিবৰ যত্ন কৰে ধৈৰ্য ্যৰ বান্ধ। পৰিচাৰিকা বা ৰোগীৰ সংগীৰ অৱস্থা কাঢ়িল কৰি দিয়ে! কষ্ট হয়! ৰোগী আৰু ৰোগীৰ পৰিয়াল ক্ৰমশ: ভাগি পৰে। আমাৰ দৰে মধ্যবিত্তৰ লাহে লাহে শেষ হয় সঞ্চিত ধনৰ পৰিমানো! থুনুকা মনবোৰেও শেষত কান্দিবলৈ বিচাৰে! পৰিয়ালৰ প্ৰতিজনে লুকাই লুকাই কান্দে - প্ৰতিজনে বুজে কিন্তু নুবুজাৰ, নেদেখাৰ অভিনয় কৰে! জীয়াই ৰখা আৰু জীয়াই থকাৰ ব্যাকুলতাত সময়বোৰ যেন স্তব্ধ হৈ যায়! অন্ধকাৰ নিশাবোৰে যেন শেষ হোৱাৰ নামেই নলব! দেউতাৰ আকুলতাৰ প্ৰাৰ্থনাবোৰ ক্ৰমে আৰু দীঘলীয়া হয়! সেয়া আচলতে প্ৰাৰ্থনা নাছিল! চকুপানী আৰু প্ৰিয়জনক হেৰুৱাৰ আশংকাৰ সেইখন যেন এখন অনন্ত নদীহে আছিল!!
লাহে লাহে চতুৰ্দিশৰ পৰা সহায়ৰ হাতবোৰ আগুৱাই আহিছিল! মানসিক বা শাৰিৰীক দুয়ো দিশৰ পৰা কত জনে যে আমাক ঋণী কৰি পেলালে! পদে পদে, চিনা নিচিনা বিভিন্নজনে আমাৰ কাষত থিয় দিলেহি। কত জনে যে আহি মাক তেজ দিলেহি! গুৱাহাটী, মুম্বাই, নগাওঁ সকলোতে কেৱল ভালপোৱাৰ প্ৰাৰ্থনা.... ৰোগৰ সৈতে যুঁজাৰ আমাৰ শক্তি বাঢ়িছিল।
যিসকল লোকে আমাক সহায় কৰিলে; সেই সকলৰ বহুতকে আমি হয়তু কাহানিও আৰু সহায় কৰাৰ সুবিধাও নাপাম! আমি ঋণী হ'লো! আচৰিত হও প্ৰায়ে- ইমান নিৰ্ভেজাল সহায়বোৰ ক'ৰ পৰা আহিছিল? কিছুমান অচিনাকী লোক ৰোগৰ এই সময়খিনিতে চিনাকী হৈ কিমান আপোন হৈ পৰিছিল- যেন চিৰ আপোন- জন্ম- জন্মান্তৰৰ চিনাকী!
আজিকালি প্ৰায়ে সেয়ে ভাব হয়- কৰবাত, প্ৰতিজন ব্যক্তিৰ নামত কিজানী এটাকৈ help account থাকে! কোনে, কাক, কেতিয়া, কেনেকৈ সহায় কৰিছিল সেয়া কিজানী খুব ভাবিবলগীয়া বা গুৰুত্বপূৰ্ণ কথা নহয়! কেৱল সহায় কৰিলেই help account ত একোটাকৈ help coin জমা হয় আৰু প্ৰয়োজনত সেই coin আহি কোনোবা অচিন ব্যক্তিৰ ৰূপৰে হ'লেও সন্মুখত উপস্থিত হয়! সেইবাবেই কিজানী মা ই যাক সহায় কৰিছিল সেই সকলো ব্যক্তিৰ পৰা নহ'লেও মা ই চিনি নোপোৱা, আমি নজনা বহু ব্যক্তি আমাৰ ওচৰত বিভিন্ন সময়ত থিয় দিছিলহি! এই সকল ব্যক্তিৰ বহুতকে মই হয়তু জীৱনত দ্বিতীয়বাৰ দেখাও নাপাম বা হয়তু তেওলোকৰ সময়ত খবৰ এটা ল'বলৈও গমকে নাপাম! তথাপি, তেওঁলোকৰ বাবেও নিশ্চয়কৈ ৰৈ থাকিব help coin বোৰ!
কেঞ্চাৰে মোৰ জীৱন দৰ্শন সলায় পেলালে! পৌৰাণিক কথাত কোৱাৰ দৰে আজিকালি মই সহায় কৰিলে সহায় কৰোতাজনে মোক এদিন সহায় কৰিবই বুলি ধৰি নলও বা নকৰিলেও কিয় নকৰিলে বুলিও নাভাবো! কাৰোৰ যদি সহায় পাও; আজিকালি মোৰ বাবে সেয়া কৃতজ্ঞতাৰ শৰাই হৈ উঠে!কোনোৱে অসুবিধাৰ বাবে নোৱাৰিলে, পাহৰিলে, ইচ্ছাকৃত ভাৱে বা স্বাৰ্থৰ তাগিদাত হ'লেও পাহৰাৰ অভিনয় (!) কৰিলেও মোৰ দু:খ নালাগে!
মাৰ সৈতে সহচৰ হোৱা যুঁজখনে মোক জীৱনৰ সৌন্দৰ্যৰ প্ৰতি চকু দিবলৈ শিকালে! মনটো গভীৰ আৰু দৃঢ় কৰি পেলালে- মই গভীৰ ভাবে বিশ্বাস কৰো- কৰবাত এটা help account নিশ্চয় আছে! ভীষণ প্ৰয়োজন হ'লে সেই account আপোনা আপোনি খোল খাব আৰু মই দেখা-নেদেখা, জনা- নজনা অজস্ৰ সহায়ৰ হাতে মোৰ বিপদবোৰক প্ৰতিহত কৰিবই! জীৱনৰ আন্ধাৰৰ পাছত পোহৰ আহিবৰ বাবে সেই account য়েই সহায় কৰে প্ৰকৃততে!
( বিশ্ব কেঞ্চাৰ দিৱসে মোক আকৌ এবাৰ মা ৰ কাষলৈ লৈ গৈছিল! কেঞ্চাৰৰ সৈতে যুঁজ দিয়া প্ৰতিটো পৰিয়াল আৰু ব্যক্তিৰ বাবে সমৰ্পিত এই লেখা)
পুনশ্চ:
এজন চিনাকী ব্যক্তিয়ে জীৱনৰ এটি সন্ধিক্ষণত মোক প্ৰশ্ন কৰিছিল- তোমাক যদি মই সহায় কৰিব নোৱাৰো, মোৰ সৈতে তোমাৰ সম্পৰ্ক থাকিব নে? সেই মুহুৰ্তত মোক সহায় কৰিব পৰা তেওঁ আছিল একমাত্ৰ ব্যক্তি। মই জানো; তেৱেই পাৰিলেহেতেঁন সেইসময়ত! কিন্ত কিবা এটা মই নজনা শক্তিয়ে বোধহয় তেওঁক ঘেৰি পেলাইছিল! সেই মুহুৰ্তত সেই পৰম প্ৰতাপী ঘনিষ্ট ব্যক্তিজনলৈ মোৰ দু:খ লাগিছিল! কিমান অসহায় হ'লে তেওঁ মোক অকপটে কথাষাৰ ক'ব পাৰিছিল! আজিও তেওঁক লগ পালে তেওঁৰ সেই চকুযুৰি মনলৈ আহে। খুব ক'বৰ মন যায় - এই যে help account ৰ মোৰ নিজা ধাৰণাটো , তাৰ বাবেই মই চিৰ সুখী! মই জানো, এই প্ৰত্যাখ্যানত মোৰ সাময়িকভাবে হয়তু অলপ কষ্ট হ'ব কিন্তু মই ধৰি লৈছিলো, মোৰ বোধহয় সেই coin টো পোৱাৰ সময় এইটো নহয়!
মিচিকিয়াই সেইদিনা মই মাথো তেওঁক কৈছিলো- আপোনাৰ সৈতে আমাৰ সম্পৰ্ক ইমান থুনুকা হয় জানো?
আজিও সহৃদয়তাৰে মই তেওঁক সন্মান কৰো!)
----
As a shadow of my mother's fight with cancer, I realised how long and tiresome this struggle is. For me, it was like a fight between a very strong, unseen enemy which has the capacity of exponential growth within 24 hours and on the other side, stands poor human being...who are helpless to even track the route his/her enemy is choosing for the next move!
The war prolongs for years. Like the body of its prey human being, cancer sucks physical, psychological and economic wellbeing of a family, leading them devasted and helpless to survive. Prayers and tears remains as the last solitude for them.
Even then, well wishes and help poured form many known and unknown kind people, during those days. These support were powerful to ease pains and sufferings in many times; which we may not be able to repay in our lifetime! This led me to build up my own idea of a 'Help Account'.
Probably, there exists a Help Account for every individual. His/ her each selfless help towards a needy person generates a 'help coin' and it remains stored untill the person desperately needed .And when the time comes, the Help Account opens up automatically and a help stands in front of him .Not necessarily, the coin will come from the person who was helped; it can come from anyone; known or unknown!
Honestly, this idea helped me to relieve myself from some of the bad thoughts like blaming others. Now , I don't feel upset if my help does not come from some one I know, close to my heart or very familiar with!
I truly believe, when needed, my Help Account will definitely send me my coin if I had helped people before!
0 Comments