হেৰাই যোৱা চিঠিবোৰ...(The lost letters)

 ইণ্টাৰনেট আৰু টেলিভিছনৰ দৌৰাত্ম্য নথকাৰ সুবাদতে, আমাৰ শৈশৱৰ একমাত্ৰ লগৰী আছিল কিতাপবোৰ। বিভিন্ন সময়ত মা-দেউতাই আনি দিয়া অথবা পুৰস্কাৰ হিচাপে লাভ কৰা কিতাপৰে আমাৰ সৰু সুৰা এটা পুথিভড়ালেই হৈছিল!নতুন কিতাপ এখন হাতত পৰাৰ লগে লগেই তাক নাকৰ ওচৰলৈ নি পাতবোৰ আঙুলিৰে এফালৰ পৰা লৰাই দি গোন্ধ লোৱাটো আমাৰ বাবে নিচা হৈ পৰিছিল! নতুন কিতাপৰ কি যে সুন্দৰ সেই সুঘ্ৰাণ!কিতাপ পঢ়াৰ বাবে আমি এক অৰ্থত বলিয়া আছিলো!

পঢ়ি ভালপোৱাৰ সেই অনুগত সময়বোৰতে দেউতাই হাতত তুলি দিছিল -চিঠিয়ে সলনি কৰি পেলোৱা কিছুমান কাহিনী সম্বলিত কিতাপ!সাধাৰণ মানুহৰ চিন্তাৰ চিঠি অথবা মন্তব্যবোৰে কিছুমান অসাধাৰণ মানুহৰ জীৱন কিদৰে সলাব পাৰিছিল অথবা মহান ব্যক্তিসকলে চিঠিৰে কেনেদৰে যুগান্তকাৰী আদৰ্শ স্থাপন কৰি গৈছিল- কিতাপবোৰে সাক্ষী হিচাপে সোঁৱৰাইছিল!

Image source: www.scientiabooks.in

আব্ৰাহাম লিংকনে তেওঁৰ পুত্ৰৰ শিক্ষকলৈ লিখা চিঠিখনে মোৰ মনত বহুৱা সাঁচ আজিও অক্ষুন্ন আছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাসৰ সময়ত জীয়ৰি প্ৰিয়দৰ্শিনীলৈ লিখা চিঠিৰ সংকলন ,'বিশ্ব ইতিহাসৰ জিলিঙনি' খন মোৰ আজিও প্ৰিয়! অথবা ন'ৱেল বটা বিজয়ী বিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ Don't you have time to think? নামৰ চিন্তা উদ্ৰেষী কিতাপখন মই মন গ'লেই উলিয়াই উলিয়াই পঢ়ো!আৰু  'নীলা খামৰ চিঠি'? অথবা হেম  বৰুৱাৰ 'মমতাৰ চিঠি'?অসমীয়া সাহিত্যৰ বাখৰ সনা এই লেখাবোৰে যে সাহিত্যৰ দিক নিৰ্ণয় কৰি একোটা মাইলৰ খুটি হৈ আছে!

হোষ্টেলত থাকোতে নিজৰ নামত অহা মা ৰ চিঠিখন-বুকুত সামৰি লও।মা ক যেন কাষতে পাও! চিঠিখনে যেন মা ৰ সুগন্ধিও কঢ়িয়াই হে আনিছিল!
দূৰৈত পঢ়ি থকা বা লৈ কিমান দীঘলীয়া চিঠি যে নিলিখিছিলো! যেন অনৰ্গল কথাহে কৈ আছিলো।তাইৰ চিঠিখন আহি পোৱাৰ লগে লগেই উল্লাসিত হৈ পৰিছিলো ।কুশলে আছে তাই! তাইৰ ন ন অভিজ্ঞতাবোৰ চিঠিবোৰে আমালৈ লৈ আহিছিল ।সপোন আৰু কল্পনাই জুমুঠি ধৰিছিলহি তেতিয়া ।মা ই হয়তু চিঠিতে আঙুলি বোলাই চকুপানী বোৱাইছিল- ঠিক আমি কৰাৰ দৰেই!
আৰু উজাগৰি ৰাতি, কোনোবাই দেখে বুলি, সংগোপনে যে প্ৰেমিকলৈ চিঠি লিখিছিলো! ক'ত যে আবেগ আৰু হেঁপাহৰ হেন্দোলনী আছিল তাত!কৈশোৰত কোনোবা কাল্পনিক সপোন কোঁৱৰলৈও লিখিছিলো অযুত চিঠি! কবিতা কবিতা লগা কতনো কথা! সেইবোৰ আছিল কেতিয়াও প'ষ্ট নোহোৱা চিঠি!'

এন ফ্ৰাংকৰ ডায়েৰি' পঢ়াৰ পাছৰ পৰা মোৰ নিজা ডায়েৰিখনেও দৈনন্দিন লেখাৰ পৰিবৰ্তে এখন চিঠিৰ ৰূপ লৈ লৈছিল!

আজিকালি হেনো চিঠিৰ দিন শেষ হ'ল! নব্য গণমাধ্যম আৰু উন্নত প্ৰযুক্তিয়ে হেনো চিঠিৰ মাদকতা আৰু প্ৰভাৱ নোহোৱা কৰিছে! সকলোৱে কয়! মোৰ বিশ্বাস নহয়!

সৌ সিদিনা আমেৰিকাত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত লক্ষ্য কৰিলো, প্ৰতিনিধি সকলে চিঠি অথবা মেইলৰ উত্তৰবোৰ দিবলৈ যত্ন কৰে। দিনটোৰ শেষত, হয় ভিডিঅ' কল নতুবা টেলিফোনৰে প্ৰাৰ্থী সকলে নিজৰ অনুগামীৰ সৈতে যুক্ত হয়। ৰাজনৈতিক প্ৰচাৰৰ বাবে এই চিঠিবোৰ আজিও যে এটি শক্তিশালী মাধ্যম, আমেৰিকাৰ নিৰ্বাচনে যেন আকৌ এবাৰ সেয়া প্ৰতিপন্ন কৰিছে! 

চিঠিবোৰে কেৱল উদ্দেশ্য সাধনেই নকৰে! চিঠিবোৰে যে সপোনৰো জন্ম দিয়ে!

Youtube

দেশখনৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ নিৰ্বাচনৰ সময়ত social media ত প্ৰচাৰিত হোৱা ভিডিঅ'বোৰ সাক্ষী হৈছিল কিদৰে কন্যা শিশুবোৰে 'আমিও এদিন ৰাষ্ট্ৰপতি হ'ম' বুলি সপোনৰ জন্ম দিলে...ৰাজনৈতিক আহিলা মাধ্যম এটি সপোন প্ৰোথাৰ আকৰ হৈ পৰিল!

আমাৰ দেশত চিঠিবোৰ যেন সঁচাকৈয়ে হেৰাই গৈছে!জনবহুল দেশ এখনত প্ৰেৰণ কৰা চিঠি এখন প্ৰতিনিধি জনৰ হাতত পৰেগৈ মানে; খুলি চোৱাৰ সময় হয় মানে নতুবা তাৰ পাছত প্ৰত্যুত্তৰ দিয়াৰ সময় হয় মানে - নিৰ্বাচন শেষেই হয়গৈ! 

টুইটাৰ বা ফেচবুকত সক্ৰিয় ৰাজনৈতিক নেতাসকলে ক্ষীপ্ৰতাৰে জনগণৰ উত্তৰ দিয়া শেহতীয়াকৈ পৰিলক্ষিত হৈছে। ইয়ে প্ৰতিনিধিসকলৰ ভাৱমূৰ্ত্তি  উজ্জ্বল কৰিছে; অনুগামীৰ সক্ৰিয়তা বঢ়াইছে; সমস্যা সমাধানৰ গতি ত্বৰান্বিত কৰিছে। কিন্তু, সেই সপোনবোৰ? চিঠিয়ে জন্ম দিয়া সপোনবোৰ সামাজিক মাধ্যমে পাৰে জানো জন্ম দিব?

ৰাজনৈতিক ক্ষেত্ৰখনৰ বাহিৰেও আমাৰ দেশৰ জ্ঞানী-গুণী লোকসকলো বাৰু চিঠি পঢ়াৰ প্ৰতি আগ্ৰহী নহয় নেকি?

বহু দিনেই হ'ল- চিঠিৰ কাহিনীৰ কিতাপ এখন পঢ়িবলৈ পোৱা নাই!






Post a Comment

0 Comments