এটা বিজ্ঞাপনে অসমত হঠাতে ভূমিকম্পৰ সৃষ্টি কৰিলে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছদিনাই বিজেপি দলে কাকত সমূহৰ Masthead ৰ তলতে দিয়া বিজ্ঞাপনে কেৱল চমক সৃষ্টি কৰাই নহয়; ই বহু বোৰ বিষয়ো উত্থাপন কৰিলে।
অৱশ্যে এনে বিজ্ঞাপন নতুন নহয়। The Hindu, Times of India আদিৰ দৰে আগশাৰীৰ কাকতসমূহেও এই ঠাই ব্যৱসায়িক প্ৰদৰ্শনৰ বাবে এৰি দিছিল। Skybus বিজ্ঞাপন নামেৰে শ্ৰেণীৱদ্ধ কৰা এইসমূহ আমাৰ বাবে ইমানদিনে অগ্ৰাহ্য কৰিব পৰাকৈ সহজ হৈ পৰিছিল। কিন্ত বিজেপিৰ সিদিনাৰ বিজ্ঞাপনটোৱে সাধাৰণ জনতাক ভেলেকি লগালে; নৈতিকতাৰ প্ৰশ্ন, সম্পাদক-কাকতগোষ্ঠীৰ বিশ্বাসযোগ্যতা আৰু দায়বদ্ধতাৰ কথাও উত্থাপন কৰিলে। সচেতন মহলে সমালোচনা কৰিলে আৰু আমাৰ দৰে গণমাধ্যম শিক্ষাৰ নূন্যতম অ আ ক খ শিকাসকলে বিজ্ঞাপন এটাত চিন্তাকৰ্ষক (creative content) ভাৱে নতুন সোৱাদ দিয়াত আচলতে তবধ মানিলে।
প্ৰশ্ন হ'ল- এয়া বৈধ নে?
Edward S Herman আৰু Noam Chomsky ৰ "Manufacturing Consent : The Political Economy of Mass Media' নামৰ গ্ৰন্থত উদ্দেশ্য প্ৰণোদিত প্ৰচাৰৰ ক্ষেত্ৰখনৰ আৰ্হি (propaganda model) এটা উল্লেখ কৰিছে। এই অনুসৰি, মিডিয়াৰ বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত পাঁচটা পৰিশোধন ব্যৱস্থা আছে। ইয়াৰ ভিতৰত বিজ্ঞাপন অন্যতম (আন কেইটা হৈছে- ownership, source, flak, anticommunism as a national religion and control mechanism) । তেওলোকে উল্লেখ কৰিছিল-
"With advertising, the free market does not yield a neutral system in which final buyer choice decides. The advertiser's choices influence media prosperity and survival"(p14)
বিজ্ঞাপন দাতাক ঠাইখিনি 'বিক্ৰী' কৰি দিয়াৰ লগে লগে সেই ঠাইখিনি নিৰ্দিষ্ট সময়ৰ বাবে মালিকপক্ষৰ অধীনত নাথাকে (মাটি বিক্ৰীৰ নিছিনা!) । ফলত বিজ্ঞাপনটো শেষ সময়ত কেনে হৈ আহিব পাৰে ; সেয়া নিৰ্ভৰ কৰে বিজ্ঞাপন দাতাৰ ওপৰতহে। তথাপিও, Press Council of Indiaৰ নিৰ্দেশনাৱলী মতে, সম্পাদক এজন কাকতখনৰ সকলো বিষয়ৰ বাবে দায়বদ্ধ । সেয়েহে বিজ্ঞাপনৰ অনৈতিক হাতোৰাৰ পৰা নিজক ৰক্ষা কৰাৰ কাৰণে পন্থা গ্ৰহণ কৰাৰ দায়িত্বও সম্পাদক আৰু সংবাদগোষ্ঠীলৈকে আহিব । এই ক্ষেত্ৰত দেখা পালো, The Assam Tribune কাকতখনে পূৰ্বৰে পৰা গ্ৰহণ কৰা এটা ব্যৱস্থাই এইটো যে এটা বিজ্ঞাপনহে , বাতৰি নহয়- সেয়া স্পষ্ট কৰি পঢ়ুৱৈক বুজাৰ সুবিধা কৰি দিছিল। বিজ্ঞাপনৰ তলতেই কাকতখনৰ কিছুমান পৃষ্ঠাৰ মুখ্য বাতৰিৰ আলোকপাতৰ পাছতহে কাকতখনৰ বাতৰিসমূহ আৰম্ভহোৱাত, পঢ়ুৱৈ বিভ্ৰান্ত নহ'ল।
বিজ্ঞাপনৰ বাবে যিহেতু কাকতে ঠাই বিক্ৰী কৰিব লাগিবই, সেয়েহে প্ৰতিৰোধক ব্যৱস্থা এটা নিৰ্ধাৰণ কৰি নিজৰ সম্ভ্ৰম ৰক্ষা কৰা আৰু স্ব-নিয়ন্ত্ৰণৰ কথা ভৱাৰ বাবে এই বিজ্ঞাপনটোৱে নতুনকৈ অৱকাশ দিছে।
তদুপৰি, বিজ্ঞাপন এটাৰ ভাষা যে বাতৰিৰ দৰে ভাষা হ'ব নোৱাৰিব- সেয়াও ক'তো উল্লেখ নাই! এই বিজ্ঞাপনটোৱে আঙুলিয়াই দিয়া সংবাদমাধ্যমৰ এই দৈন্যক পৰবৰ্তীসময়ত বিশ্লেষণ কৰাৰ বাবেও সময় আহি পৰিছে। বিজ্ঞাপন আৰু বাতৰিৰ সমতা , কাকতৰ নীতি ৰক্ষাৰ বাবে কেনেধৰনে নিজক সুৰক্ষিত কৰিব পৰা যায়, অনৈতিক বিজ্ঞাপনৰ হাতোৰা প্ৰতিহত কৰিব লাগে; সেইবোৰৰ বাবে ন কৈ কৌশল ৰচাৰ সময়ো সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হৈছেহি।
Social Media ত বিভিন্নজনৰ বিভিন্ন মত পঢ়ি থাকোতে মোৰ নৱামি ক্লেইনৰ No Logo: No Space, No Choice, No Jobs (1990) নামৰ বিখ্যাত গ্ৰন্থখনৰ কথা মনত পৰিছে। কৰ্পৰেট পৃথিৱীখনে সজোৱা বিজ্ঞাপনৰ আভুৱা ভৰাৰ অন্ধকাৰ দিশবোৰ এইখন কিতাপত বিশ্লেষণ কৰা হৈছে।কিতাপখনৰ অৱতাৰণা কৰাৰ কাৰণ হ'ল, আমাৰ পঢ়ুৱৈ সকল ইমান সহজ সৰল আৰু হোজা যে এটা বিজ্ঞাপন আৰু বাতৰিৰ তফাৎ বুজিব পৰাকৈ তেওলোক এতিয়াও মিডিয়া পৰিপক্ক হৈ উঠা নাই!
মানি ল'বলৈ টান লাগিলেও এই কথা সত্য যে জনতাৰ মনক প্ৰভাৱিত কৰিবৰ বাবে মিডিয়া সদায়ে ৰাজনৈতিকভাৱে শক্তিশালীজনৰ হাতোৰা হৈয়ে আহিছে। সেয়া লাগিলে জুলিয়াচ ছিজাৰ বা তেনে ৰাজ্ন্য গোষ্ঠী, ঔপনিবেশিকতাৰ ধ্বজাবাহক বৃটিছ সাম্ৰাজ্য, হিটলাৰ, লেনিনয়েই হওক বা অাধুনিক কালৰ ধনী বণিক সমাজ আৰু-প্ৰতিপত্তিশালী দেশসমূহেই নহওক কিয়!
সেয়েহে, সংবাদ মাধ্যমৰ ওপৰত আস্থা ৰাখিলেও, তেওলোকে যি কয় তাকেই অন্ধভাৱে বিশ্বাস কৰা অনুচিত। নহ’লে জনসাধাৰণ বিভ্ৰান্ত হ’ব আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ দ্ৰোণাচাৰ্যৰ দৰে দশা হ’ব ৷ নিজ পুত্ৰ অমৰ বুলি জানিও গুৰু দ্ৰোণাচাৰ্য ক্ষণিকৰ বাবে বিবুধি হল আৰু যুধিষ্ঠিৰৰ শৰণাপন্ন হ’ল ৷ ধৰ্মৰাজ যুধিষ্ঠিৰে মিছা নক’লেও , তেওঁক আগুৰি ৰখা সকলে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে অৰ্ধ সত্য এটাক ঢাক ঢোলেৰে প্ৰতিস্থা কৰালে ৷ মিছা কথা এষাৰক ভীষণ সচঁা যেন লগাকৈ কৈ দিয়া হ'ল আৰু সচাঁখিনি শুনিবলৈ/দেখিবলৈ দিয়া নহ'ল!নিজ বিবেক আৰু যুক্তিৰে ভাবি নোছোৱা বাবে আচাৰ্য গৰাকীৰ আৰু তেওঁৰ পক্ষৰেই লোকচান হ’ল ৷
কৰ্পৰেটে নিয়ন্ত্ৰণ কৰা জগত এখনত সংবাদমাধ্যম এটি
মাথো আহিলাহে৷ জনসাধাৰণে সেয়েহে মিডিয়াৰ ভাষা আৰু বাৰ্তাৰ সঠিক অৰ্থ নিৰূপন কৰি নিজে
সিদ্ধান্ত ল’ব পৰাকৈ মিডিয়া সাক্ষৰ হ’বই লাগিব ৷ নহ’লে, ইয়াতকৈ অধিক জটিল, পাক লগা
কৌশলক প্ৰতিহত কৰিব নোৱাৰি জনসাধাৰণ মিডিয়াৰ
জৰিয়তে স্বাৰ্থান্বেষী সকলে প্ৰেৰণ কৰা বাৰ্তাৰ সন্মুখত দিক্বিদিক শূণ্য হৈ পৰিব! সকলো আচলতে সজাগ
আৰু সষ্টম হোৱাৰ সময় আহি পৰিছে ৷
......................
Edward S Herman and Noam Chomsky in their book Manufacturing Consent: The Political Economy of the Mass Media (1994) writes: " With the growth of advertising, papers that attracted ads could afford a copy price well below production costs. This put papers lacking in advertising at a serious disadvantage : their price would tend to be higher, curtailing sales and they would have less surplus to invest in improving the stability of the paper (features, attractive format, promotion etc.). For this reason, an advertising based system will tend to drive out existence or into marginality the media companies and types that depend on revenue from sales in which final buyer choice decides. The advertisers' choices influence media prosperity and survival". (p14)
কৃতজ্ঞতা:
সুষ্ঠ, ৰুচিসন্মত সাংবাদিকতাৰ বাবে অহৰহ চিন্তান্বিত সাংবাদিক আৰু সজাগ পঢ়ুৱৈ সমাজ অামাৰ এই লেখাৰ ভেটি!
0 Comments