সকলো ঘটনা বাতৰি নহয়।
ঘটনা এটা ঘটাৰে পৰা বাতৰিৰ ৰূপ পাই দৰ্শক / পঢ়ুৱৈৰ
ওচৰ পোৱালৈকে -এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়াটোত, বাতৰি আৰু পঢ়ুৱৈৰ মাজৰ সংযোগ স্থাপন কৰা
জনেই হৈছে সহজ অৰ্থত সাংবাদিক।
শেহতীয়াকৈ সাংবাদিক আৰু সাংবাদিকতাৰ বিষয়ত
বহুবোৰ বিষয় উত্থাপিত হৈছে ৷ বহু লোকে মন্তব্য কৰিছে, এতিয়া আৰু ‘ভাল’ সাংবাদিক
নাই৷ সঁচা হয় জানো?
গণ মাধ্যম শিক্ষাৰ প্ৰতিজন ছাত্ৰকে সাংবাদিক হ’বলৈ প্ৰয়োজনীয় গুণ সমূহৰ
বিষয়ে শিকোৱা হয়৷ তেওঁলোকক আৰু শিকোৱা হয়, সাংবাদিক এজনৰ তথ্যৰ উৎসৰ
প্ৰতি, সমাজ আৰু তেওঁ প্ৰতিনিধিত্ব কৰা অনুষ্ঠানৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়েও৷
সাংবাদিকতা যিহেতু বৰ্তমান এটি বৃত্তি, সেয়েহে ইয়াতো বৃত্তিগত দায়বদ্ধতাৰ কথা আহি পৰে৷ আহি পৰে, অলিখিত- অঘোষিত, দৃশ্য- অদৃশ্য বাধ্য-বাধকতাবোৰ- ঠিক আন সমূহৰ দৰেই৷ চিকিৎসক, শিক্ষক, উকীল আদিৰ দৰেই সাংবাদিকতাও ভীষণ দায়িত্বশীল কিন্তু সংশয়পূৰ্ণ বিষয়৷ আন সমূহত থকাৰ দৰে সাংবাদিকতা কৰা সকলৰ জীৱনৰ কোনো নিশ্চয়তা নাই ৷ বাতৰিৰ ক্ষেত্ৰত স্বতন্ত্ৰতা বজাই ৰাখিবলৈ গ’লে, সাহসী হ’বৰ প্ৰয়াস কৰিলে, চৰকাৰ অথবা শক্তিশালী সমাজৰ সোঁতৰ অমিল/স্বাৰ্থত আঘাত হ’লেই ভাবুকি আহে সাংবাদিকৰ জীৱনলৈ৷ প্ৰায়ে তেওঁলোক শ্বহীদ হয়! Committee to Protect Journalist ৰ তথ্য অনুসৰি ২০২০ চনত সমগ্ৰ বিশ্বত ২১ জন সাংবাদিক নিহত হৈছে৷ যুদ্ধভূমি বা সংঘৰ্ষ জৰ্জৰ অঞ্চলৰ বাতৰি পৰিবেশন কৰিবলৈ যোৱা সাংবাদিক বা তেওঁৰ পৰিয়ালৰ বাবে কোনো নিৰ্ধাৰিত সুৰক্ষাৰ ব্যৱস্থা নাই৷ নিজ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা সামান্য সহায়ৰ বাহিৰে তেওঁলোকৰ আন কোনো সুবিধাও নাই!অথচ তেওঁলোকৰো আছে একোটা পৰিয়াল- সন্তান আৰু আছে নিজা সপোন!
সাংবাদিকৰ আৰ্থিক নিৰাপত্তাও নাই৷ দুই এগৰাকীক বাদ দি ৰাজ্যৰ প্ৰায় সমূহ সংবাদ মাধ্যমৰ মালিকেই উপযুক্ত মাননি দিব নোৱাৰে৷ ডিজিটেল সংস্কৰণৰ চহিদা বঢ়া আৰু ৰাজহ হ্ৰাস হোৱাৰ লগে লগে সংবাদ মাধ্যমসমূহৰ অৱস্থা আৰু কাহিল হ’ল৷ বহু প্ৰতিষ্ঠিত প্ৰতিষ্ঠানেও সাংবাদিকৰ দৰমহা অথবা চাকৰি কৰ্তন কৰিলে! সাংবাদিকৰ শ্ৰম আৰু পাৰিশ্ৰমিকৰ যদি এখন তালিকা যুগুত কৰা হয়, তেনেহ’লে হৃদয়বান যিকোনো লোকৰে বুকু কঁপি উঠিব৷ সততাৰ পথত চলা যে আজিৰ দিনত কিমান কঠিন, সেয়া এজন সাংবাদিকক সোধক বুলি হে যেন মই কৈ উঠিম!ইয়াৰ পাছতো আহি পৰে সাংবাদিক বা সাংবাদিকৰ পৰিয়ালৰ প্ৰতি অহা বিভিন্ন পক্ষৰ ভাবুকিবোৰ!ভীষণ মানসিক দ্বন্দৰ পোক এটা মগজুত কঢ়িয়াই লৈ ফুৰিও সাংবাদিকে সমাজক ন্যায় দিয়াৰ প্ৰয়াস কৰে; পিছে তেওঁ নিজে ন্যায় পায় নে? পৰাগ দাসৰ ফাইল আজিও অসমাপ্ত হৈ ৰ’ল! পৰিয়ালে আজিও নাপালে ন্যায়!! হোমেন বৰগোহাঞিৰ দৰে পথিকৃৎ জনেও কোনো সময়ত আক্ষেপেৰে কৈ উঠিছে- ‘ সাংবাদিক বা সংবাদপত্ৰই ক্ষমতাৰ সংগ্ৰামত অবিৰতভাবে লিপ্ত থকা সুবিধাবাদী শ্ৰেণীটোৰ কোনো বিশেষ গোষ্ঠী বা ব্যক্তিক সাময়িকভাৱে সহায় কৰিব পাৰে বা সাময়িকভাৱে তেওঁৰ ক্ষতি কৰিব পাৰে; কিন্তু সংবাদপত্ৰই সৰ্বসাধাৰণ মানুহৰ একো উপকাৰ সাধিব নোৱাৰে৷ অন্ততঃ, ভাৰতীয় সাংবাদিকতাৰ অভিজ্ঞতাই আমাক এই শিক্ষাই দিয়ে’৷
পৰাগ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ জাননীৰ পৰা সংগৃহীত |
সৎ সাংবাদিকসকলে তথাপি নিৰৱে কাম কৰি থাকে৷ ক’ৰ’ণা কালত তেওঁলোকে নিজে সন্মুখীন হোৱা সকলো সমস্যাক নীলকন্ঠৰ দৰে পান কৰি ৰাইজৰ বাবে কাম কৰিয়েই থাকিল৷ আছে৷ এনে এচাম সাংবাদিকে সততাৰ সৈতে আপোচ নকৰাকৈ, সততাক অহৰহ সহায় কৰি আছে বাবেই আজিও আমি বাতৰি কাকত পঢ়ি আছো; বাতৰি শুনিছো আৰু টেলিভিশ্যন চাব পাৰিছো- বুকুত জীয়াই ৰাখিছো বিশ্বাস আৰু আস্থাৰ সৌধ৷
ইয়াৰে মাজতে , এজন বা দুজন সাংবাদিকে আন পন্থা গ্ৰহণ কৰিলে বা পপিয়া তৰাৰ
লেখিয়া হ’লেই সকলো সাংবাদিক বেয়া হৈ যোৱা বুলি কোৱা কথা আচলতে যুক্তিসংগত নহয়৷
এগৰাকী চিকিৎসক, শিক্ষক, বা নাৰ্ছ বিপথে গ’লেই সেই পেছাৰ সকলো লোককে দোষী
বুলি কোৱা যিদৰে সমিচীন নহয়, সেইদৰে, এজন বা দুজন সাংবাদিকৰ বাবে সাংবাদিকতা
বৃত্তিটোকে অবিশ্বাস কৰাটোও ন্যায়সংগত নহয়৷
বহুতেই ক’ব খোজে, ‘ আগৰ দিনৰ সাংবাদিকসকল এনে নাছিল’৷
পিছে ভাবি চাইছোনে কেতিয়াবা-আগৰ দিনৰ প্ৰত্যাহ্বানবোৰো যে এনে নাছিল! ঔষধৰ দাম, শিক্ষাৰ খৰছ; চিকিৎসাৰ
ব্যয়- এইবোৰটো একে নাছিল! তীব্ৰ বজাৰকেন্দ্ৰীক, প্ৰতিযোগিতামূলক পৃথিৱীখনত
আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকৰ তুলনাত আঞ্চলিক পৰ্যায়ৰ সাংবাদিকৰ
প্ৰত্যাহ্বানবোৰৰ বিষয়ে প্ৰকৃততে নতুনকৈ ভৱাৰ/বিচাৰ কৰাৰ সময় আহি পৰিছে৷
ইয়াৰ লগে লগে সাংবাদিকসকলেও নৈতিকতা আৰু দায়বদ্ধতাৰ কথা মনত ৰখা উচিত। গণ মাধ্যম শিক্ষাৰ শ্ৰেণী কোঠাত যেতিয়া নৈতিকতাৰ পাঠৰ কথা কও- পেছাগত ক্ষেত্ৰখনত থেকেচা খালেই ল'ৰা ছোৱালীহঁতে মোক প্ৰশ্ন কৰে- মেম, আপুনিছোন ethics ৰ কথা কৈছিল! ethics ৰ কোনো কাম নাই বুলি বহু চিনিয়ৰ সাংবাদিকে কয়ছোন!
মই সিহঁতলৈ চাও!
ethics কিবা বস্তু (object) নেকি? এজন ভাল সাংবাদিক প্ৰথমে ভাল মানুহ। তাৰ পাছতহে সাংবাদিক!
ethics আইনে নিৰূপন কৰে
ethics সমাজে নিৰ্ধাৰণ কৰে
কোনোবা সৎ হ'বনে নহ'ব - সেয়া ব্যক্তিৰ নিজা পছন্দ...কিন্তু সেইবুলি জেষ্ঠ এজনে কনিষ্ঠক ভুল কথা শিকোৱা উচিত নে?
সামৰণিত
কেতিয়াবা ভাৱ হয়; এই সৎ সাংবাদিকসকল আমাৰ দুখুনী আইহতঁৰ দৰেই আচলতে! আইহঁতে আনৰ বাবে ৰান্ধি-বাঢ়ি, সকলোকে তৃপ্তিৰে খুৱাবৰ যত্ন কৰে৷ নিজলৈ প্ৰায়ে একো নাথাকিলেও অলপো দুঃখ নকৰে! এগিলাচ পানী বা পিঠাগুৰিৰ লাড়ু এটাৰেই কটায় দিব পাৰে সময়- নিজৰ ভোকবোৰ পাহৰি পেলায়- তাৰবাবে তেওঁলোকৰ ক্ষোভ নাই- ! প্ৰায়সকল সাংবাদিকো তেনেই! এনে সাংবাদিকক লগ পোৱাসকলেহে কেৱল বুজিব পাৰিব- সৎ সাংবাদিকসকলে কেনেকৈ নিজক আৰু নিজৰ কামক লৈ আজিও গৌৰৱ কৰে!
0 Comments