মহামাৰী- ভয় আৰু জয়

 লাইট যোৱাৰ সৈতে সিহঁতৰ সম্পৰ্ক নাছিল( সহজকৈ সৰুতে আমি 'লাইট যোৱা' বুলিয়েই কৈছিলো। কাৰেণ্ট বা বিজুলি সৰবৰাহ বন্ধ হোৱাৰ ভাষাটো আমাৰ বাবে আছিল ৰেডিঅ'ত বজা মান্য ভাষাহে!) ইনভাৰ্টাৰ জন্মৰে পৰা দেখা হেতুকে ল'ৰা-ছোৱালী দুটাৰ আন্ধাৰ ৰ সৈতে ঘন পৰিচয় নাই। তাতে গুৱাহাটীত আমাৰ আশে পাশে থকা অট্টালিকাসমূহতো পোহৰৰ নিৰৱচ্ছিন্ন প্ৰৱাহ। কেৱল গুৱাহাটীতে নহয়, আজিকালি গাও-ভূঁইটো 'পৰা' সকলে ঘৰত ইনভাৰ্টাৰৰ সংযোগ ৰাখিছে।কাৰণ সকলোৱেই বিচাৰে , দিনান্তৰত অকণমান সুখ!

বজাৰত উপলব্ধ নোহোৱা বাবেই নে আন কিবা কাৰণত নাজানো, বহু ডাঙৰ হোৱালৈকে আমাৰ ঘৰত ইনভাৰ্টাৰ নাছিল। ফলত, প্ৰতিদিনে লাইট যোৱাটো আমাৰ বাবে স্বাভাৱিক ঘটনা আছিল। আবেলি ভাগিলেই নিজৰ নিজৰ ভাগৰ লেম-চাকিবোৰ নিজে নিজে পৰিস্কাৰ ৰাখিবলগীয়া  হৈছিল। লেমৰ ফিটা চাফা কৰাৰ পাছত হাতত লগা কেৰাচিনৰ গোন্ধটো যে  কেনে ভাল লগা আছিল! পৰিস্কাৰ কৰাৰ নামত কতটা চিমনি যে ভাঙিছিলো- তাৰ কোনো লেখ- জোখো নাছিল!

লাইট যোৱাৰ সময়ৰ ভয়ংকৰ ঘটনাটো ঘটিছিল ভাত খোৱাৰ পাততহে। ডিম থকা দিন এটাত লাইট নাযাবলৈ ঈশ্বৰক সুৱৰিব লগীয়া হৈছিল; কাৰণ ঘৰত জনসংখ্যা বেছি হোৱাৰ বাবে এজনৰ ভাগত গোটা ডিম এটা কেতিয়াও নপৰিছিল । সুতা এডালৰে সিজোৱা কণীবোৰ বাইদেউহঁতে দুফাল কৰাৰ দায়িত্ব লৈছিল (কেতিয়াবা অৱশ্যে গভীৰ ষড়যন্ত্ৰ নোহোৱাও নহয়- ভাগ বতৰা কৰাৰ দায়িত্ব লোৱাজনে ইচ্ছাকৃতভাৱে ডিমৰ অসমান বিভাজনো কৰিছিল! তেতিয়া অৱশ্যে কাজিয়া এখন হোৱাটো খাতাং আছিল।)

লাইট গ'লেই সেয়েহে সকলো সজাগ হৈ পৰিছিল- নহ'লে কাৰ পাতৰ পৰা  ভাগত পৰা ডিমফাল উধাও হৈ কাৰ পেটত সোমাবগৈ তাৰ নিশ্চয়তা নাছিল।

লাইট নোহোৱা গভীৰ আন্ধাৰৰ সময়ত, জোনাক নিশা হ'লে চোতালত বহাটো আমাৰ নিয়ম হৈ পৰিছিল। দেউতাই তেতিয়া আকাশখনৰ সৈতে কথা পতাইছিল নতুবা সাধু কৈছিল। আকাশখন কিমান চিনি পাইছিলো নাজানো; কিন্তু পঢ়া- শুনা কৰিব লগা নোহোৱা এনেকুৱা সময়বোৰ বৰ উপভোগ কৰিছিলো। এন্ধাৰবোৰ ভাল লগা হৈ আহিছিল।

গাৱত হোৱা ৰাস- ভাওনা বা কাৰোবাৰ ঘৰৰ/নামঘৰৰ সবাহ- নাম-কীৰ্তন আদিৰ পাছত ফৰিংফুটা জোনাক বা আঁউসীৰ এন্ধাৰত টৰ্চ এটা হাতত লৈ গাৱৰ পথেৰে খোজ কাঢ়ি আহি থাকোতে মই প্ৰায়ে মোহাচ্ছন্ন হৈ পৰিছিলো। দিনৰ পোহৰত দেখা একে গছ- গছনি আৰু পৰিবেশটোৰ ৰং যে নিশাৰ আন্ধাৰত সলনি হৈ যায়। আন্ধাৰৰ নিজা ৰং আছে। সেই হাতীবৰণীয়া কলীয়া ৰংটোও মোৰ প্ৰিয় হ'বলৈ আৰম্ভ কৰিছিল।

এন্ধাৰৰ সেই দিনবোৰত মোৰ  সবাটোকৈ ভাল লগা বিষয়টো আছিল- ছাঁয়া খেলা। লেম, মম বা চাকিৰ পোহৰত হাতৰ আঙুলিৰ খেলাৰে ঘৰৰ দেৱালত সৃষ্টি কৰা ভিন ভিন জন্তুৰ সৈতে কৰা খেলাবোৰে আমাৰ শৈশৱক ধনী কৰি পেলাইছিল। আন্ধাৰত পোৱা চাকিৰ ক্ষীণ, দূৰ্বল পোহৰো আমাৰ বাবে হৈ পৰিছিল আনন্দৰ  অফুৰন্ত লহৰৰ  উৎস।

মহামাৰীৰ এই  গভীৰ যেন লগা আন্ধাৰৰ সময়খিনিত মই বাৰু পোহৰ বিচাৰিবলৈ পাহৰি গৈছো নেকি? যোৱা বছৰৰ পৰা মই যেন আন্ধাৰক ভয় কৰিবলৈহে আৰম্ভ কৰিছিলো- কৰিছো!আন্ধাৰৰ শক্তিশালী হাতোৰাই মোৰ ল'ৰা ছোৱালীৰ শৈশৱটো চেপি পেলাইছে বুলি মই যেন আতংকিত হৈ উঠিছো!

হঠাতে অৰুণাচললৈ অহাৰ  সিদ্ধান্ত লৈছিলো।  যোৱাবাৰ লকডাউনৰ পৰা আৰম্ভ কৰি ত্ৰাসৰ দীঘলীয়া সময়খিনিত দেউতাকক নাপাই ল'ৰাটো বিষন্ন হৈ পৰিছিল! সি কিবাখন ব্যৱহাৰ কৰিছিল মাজে মাজে!

এইবাৰ দেউতাকক পাই আনন্দিত হ'ল  থিকেই, পিছে চাকৰিৰ ঠাইত অকলে থকা দেউতাকৰ ওচৰত ইনভাৰ্টৰ নথকাত সিহঁতে আচহুৱা পালে ; প্ৰথমে ভয়ো খালে।


মমৰ পোহৰে কবনোৱাৰাকৈয়ে মোক টানি লৈ গ'ল শৈশৱলৈ! লাহে লাহে মোৰ আঙুলিকেইটায়ো যেন হেৰুৱা সুৰ এটাহে বিচাৰি পালে! আমি আৰম্ভ কৰিলো ছাঁ-পোহৰৰ  মধুৰ খেলবোৰ... অকস্মাত মোৰ অনুভৱ হ'ল- ভয়টো মোৰ নোহোৱা হৈছে! এন্ধাৰ আতৰোৱাৰ এটাই উপায়- ভয়ৰ পৰা নিজক মুক্ত কৰা! এই ভয় যে মনৰ ভয়- এন্ধাৰৰ কাল্পনিক  বিয়াগোম ৰূপ এটাৰ ভয়! জুইৰ দৰে ভয়াবহ দাহকৰ সন্মুখত সাৱধানৰে থাকি তাৰ পোহৰতো যে আমি আনন্দ ল'ব পাৰো- খেলিব পাৰো; তেনেহ'লে ক'ৰণাৰ ভয়াবহতাত সাৱধান হ'বলৈ পাহৰিলো কিয় বাৰু?


ল'ৰাটোৱে ছাঁ পোহৰৰ খেলাত মগ্ন হৈ থাকোতে মোৰ জাপানী চিনেমা এখনলৈ মনত পৰিছিল। নামটো পাহৰিছো। দ্বিতীয় মহাযুদ্ধত দীঘলীয়া সময়ৰ বাবে যুদ্ধলৈ যোৱা সৈনিক এজনৰ পত্নীয়ে অস্থিৰ সময়ছোৱাত দেউতাকক দেখা নোপোৱা ল'ৰাটোক যে এনকৈয়ে হাতেৰে ছাঁয়াৰ খেলাৰে ওমলাইছে। দেউতাক যুদ্ধলৈ যোৱাৰ পাছত জন্ম পোৱা শিশুটোৰ মনত মাকে দেউতাকৰ বিশাল ছায়া ৰূপ এটা আকি দি যে তাক সুখী কৰি ৰাখিবৰ যত্ন কৰিছিল!



আমাৰ এইসময়ৰ শিশুবোৰকো মানসিকভাৱে ভাৰাক্ৰান্ত হ'বলৈ নিদি আন্ধাৰক জয় কৰাৰ প্ৰয়াস এটা কৰিব নোৱাৰোনে? সিহঁত যে সুস্থ সবল হৈ থাকিবই লাগিব! ভীষণ পৰিস্থিতিৰ পৰা উঠি গৈ সিহঁতে নিজৰ  দৃঢ় ভবিষ্যত এটা গঢ়িবই লাগিব! আমি যে ভয়টোক জয় কৰিবই লাগিব...!

Post a Comment

1 Comments

  1. This comment has been removed by a blog administrator.

    ReplyDelete