নতুনকৈ খোজকঢ়াৰ প্ৰয়াস


২৩ ডিচেম্বৰ।পুৱা ৮.২০ মিনিট।

ছোৱালীক স্কুল পঠিৱাৰ বাবে দৌৰা-দৌৰি কৰাৰ সময়। সেইদিনা তাইৰ স্কুলত আছিল প্ৰি- খ্ৰীষ্টমাছ উদযাপন । আগদিনা আহি পোৱা জুৰে আগ্ৰহৰে ভনিয়েকক সাজু কৰিছে। টিফিন-স্কুলবেগ সাজু কৰি ঠিক ডাইনিং টেবুলখনৰ ওচৰ পাওটেই মই মৰণকাতৰ চিঞৰ এটা মাৰি পৰি গ'লো। মই পৰিলো আৰু আঠুত  কটককৈ  হোৱা শব্দটোত মই বুজিলো মোৰ আঠুত বাৰুকৈয়ে কিবা এটা ঘটিছে। তীব্ৰ যন্ত্ৰনাত মই কেকাই উটিলো- বাওভৰিখন যে মই লৰচৰ কৰিব পৰা নাই!

বা-ভিনদেউ, সৰুফুল বা, চুবুৰীয়া প'লা দী, মীনা দী ...দৌৰি আহিল সকলো-যন্ত্ৰনাৰ চটফটনিত দেখিলো মীড় আৰু পিয়াই কান্দিছে, জীউৱে চিঞৰিছে, নীৰ-জুৰে ভয় খাইছে; শহুৰ অস্থিৰ হৈ পৰিছে। কোনোমতে নিজক শান্ত কৰি জীউক

স্কুল পঠোৱাৰ ব্যৱস্থা কৰিলো। প'লা দীয়ে খবৰ দিলে -কাষতে এখন ডায়েগন'ষ্টিকত হাড়ৰ বিশেষজ্ঞ এজন ৯ বজাত বহে। লৰালৰিকৈ বাইদেউ ভিনদেৱে তালৈ নিয়াৰ ব্যৱস্থা কৰিলে। x-ray   কৰাৰ ‍লগে লগে চিকিৎসকজনে জনালে যে তাৎক্ষণিকভাবে অপাৰেশ্যন লাগিব- কাৰণ মোৰ আঠুৰ ঘিলা দুটুকুৰা হ'ল। তেখেতে অপাৰেশ্যনৰ বাবে প্ৰয়োজনীয় টেষ্টবোৰ দিলে। ৰিপৰ্টবোৰ আহে মানে পুনৰ কষ্ট কৰি ঘৰলৈ উভটি আহিলো।গোটেই সময়খিনিত খুড়া মোৰ কাষতে বহি থাকিল।

মানুহজনে যিহেতু দূৰৈত চাকৰি কৰে সেয়েহে মোৰ অহৰহ এটা দু:শ্চিন্তা লাগি থাকিছিল- মোৰ যদি কিবা হয়-অকলে মই কি কৰিম? বাইদেউ- ভিনদেউ থকাত মই আশ্বস্ত হ'লো । এও সকাহ পালে। এতিয়া কি কৰিম, ক'লৈ যাম বুলি ভবা গুণা আৰম্ভ কৰিলো।বহুতেই পৰামৰ্শ দিলে পাটনা যোৱা উচিত- হাড়ৰ বাবে খুব ভাল হেনো। 


এবাৰ ভাবিলো যদিও শেষত গুৱাহাটীতে কৰাৰ সিদ্ধান্ত ল'লো। এপাৰ্টমেণ্টৰ কেবাগৰাকী বাইদেৱে আহি নিজৰ বা পৰিয়ালৰ কোনো নহয় কোনো এজনৰ গুৱাহাটীতে সফলতাৰে অস্ত্ৰোপচাৰ হোৱাৰ অভিজ্ঞতাই মোক সাহস যোগালে । ননদ জোৱাই ডা: কাৰ্তিক গোস্বামী আৰু ভনি-জোঁৱাই ডা: জ্যোতি হাজৰিকাৰ লগত আলোচনা কৰি Excelcare Hospital ৰ ডা: বিকাশ বৰদলৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰাটোকে ঠিক কৰিলো। 


Excelcare Hospital ৰ Public Relations শাখাত মোৰ ছাত্ৰ অৰ্নব দাসক (পূৰ্বৰ কটন কলেজৰ মাছ কমিউনিকেশ্যনৰ ছাত্ৰ) যোগাযোগ কৰিলো । লগে লগেই উদ্যমী ল'ৰাজনে মোৰ সকলো ৰিপৰ্ট ডাক্তৰৰ সৈতে যোগাযোগ কৰিলে আৰু জনালে যে পিছদিনা অৰ্থাৎ বৰডিনৰ দিনা পিছবেলা মোৰ অপাৰেশ্যন ঠিক হ'ল । মানুহজন আহি পোৱাত ডাক্তৰ নেদেখাকৈয়ে ছাত্ৰ অৰ্নৱৰ তৎপৰতাত মই সাজু হৈ আহিলো । বোধহয় সেইখিনিতেই শিক্ষক হোৱাৰ আনন্দ অনুভব কৰা যায়! অপাৰেশ্যনৰ আগে আগে ডাক্তৰ ৰ সৈতে দেখা হ'ল। অপাৰেশ্যন শেষ  হোৱাৰ পাছত তেখেতে xray plate দেখুৱাই জনালে  - মোৰ ঘিলা দুটুকুৰা নহয়- তিনিটুকুৰা হৈছে আৰু তলৰ অংশ খিনি গুড়া হৈ গৈছে। 



"আপুনি এনেকে পৰিলে নে, বাইদেউ"! তেখেতে হাঁহিলে । 

অপাৰেশ্যনৰ পাছত আৰম্ভ হ'ল পীড়া, যন্ত্ৰণা আৰু সমস্যাৰ- প্ৰস্ৰাৱ- পায়খানা নিজে কৰিব নোৱাৰাৰ বেদনাৰ। কি যে এক অশান্তি। আনৰ কষ্টবোৰ দেখিছিলো যদিও নিজে অনুভৱ কৰিছো- মানুহৰ শ্ৰেষ্ঠ সম্পদ সুস্থ শৰীৰটোৱেই- অথচ আমি আমাকে সময় নিদিও।এক অৰ্থত পাত্তাই নিদিও। বেডপেন নোলো‍ৱাকৈ প্ৰাকৃতিক কামখিনি কৰিব পৰাকৈ থাকিব পৰাটোৱেই আচলতে মংগল।



তাৰ পাছত, এতিয়া আৰম্ভ হৈছে আন এক নতুন যাত্ৰাৰ-খোজ কঢ়াৰ । ধম ধম কৈ খোজ কাঢ়া মানুহজনীয়ে এতিয়া শিশুৰ দৰে আকৌ নতুনকৈ খোজ ল'বলৈ শিকিছো- পৰাৰ ভয় লাগে- ভৰি দুখন কপি উঠে- ফিজিঅ'থেৰাপিৰ সহায়ত সৰু ল'ৰা ছোৱালীৰ দৰে আকৌ  খোজ কঢ়াৰ যাত্ৰা আৰম্ভ কৰিছো। 
শুভাকাংশীসকলৰ ফোন-মেচেজৰ উমৰে উমাল হৈছো যদিও বহুতকে হয়তু উত্তৰ দিব পৰা নাই- শাৰীৰিক সীমাবদ্ধতাৰ বাবে। লগ কৰিবলৈ অধীৰ হোৱা কেবাগৰাকী প্ৰাক্তণ ছাত্ৰ-ছাত্ৰীক সত নগলেও নিজেই বাৰণ কৰিছো- "নাহিবা। আকৌ ক'ৰ'ণা টেষ্ট কৰাৰ বাধ্যবাধকতা আছে। "

চিকিৎসা মানেই ব্যয়বহুল। সাধাৰণ মধ্যবিত্তৰ বাবে ভয়ৰ কাৰণ। সময়মতে কৰি থোৱা স্বাস্থ্য বীমাটোৱে আমাক যেনিবা সকাহখিনি দিলে।

(এগৰাকী প্ৰিয় ছাত্ৰীয়ে  মোক প্ৰশ্ন সুধিলে- ইমান ধুনীয়া ধুনীয়া ফটোবোৰ দিছে, বাইদেউ- বুজিয়েই নাই পোৱা আপোনাৰ কিবা হৈছে!

মই বোলো- ফ'টোৰ যে নিজা এটা কাহিনী থাকে!

মোৰ বাবে যে ভাল লগা ফটো সেইখনেই যিখনে দু:খ কষ্টকো সুখৰ চোলা এটা পিন্ধাই আপুৰুগীয়া মুহুৰ্ত এটাৰ সৃষ্টি কৰিব পাৰে!


সংযোজন: পুৰণি ফোনটো অকামিলা হোৱাত ভাতৃপ্ৰতিম জিতমণিৰ পৰা  অৰ্নৱৰ ফোন নম্বৰ লৈছিলো । অৰ্ণৱৰ অনুমতি সাপেক্ষে ফোন নম্বৰটো প্ৰকাশ কৰিলো+91 90853 41751. কেতিয়াবা দৰকাৰ পৰিলে মোৰ প্ৰিয় ছাত্ৰজনে সকলোকে অকৃত্ৰিমভাৱে সহায় কৰিবলৈ প্ৰস্ত্ুত।

Post a Comment

0 Comments