ঠিক টোপনিটো আৰম্ভ হৈছিলহেনে- ভঙা ঘিলাৰ বিষটোৱে অতিষ্ঠ কৰি তুলিছে। বিষ মানে প্ৰচন্ড বিষ। কান্দিবৰ মন যোৱাকৈ বিষ। দিনটোৰ ক্লান্তিত শুই পৰা কাকো জগাবলৈ সত নাই যোৱা। ইকাটি-সিকাতি কৰিলেই ঘিলাটোৱে যেন হুমকিহে দি উঠে! বুজিলো- আৰু এটা ভয়ংকৰ নিশা উজাগৰে কটাব লাগিব।
অথচ উজাগৰী নিশাবোৰ মোৰ কিমান প্ৰিয় আছিল!
হোষ্টলীয়া জীৱনৰ মাদকতা মানেই যেন আছিল উজাগৰি নিশা। ৰাতিটোৰ ভিতৰতে ভাল লগা কিতাপবোৰ তেতিয়া পঢ়ি পেলাইছিলো!
এতিয়া মনত পৰি ভাল লাগিছে- লগৰ ছোৱালীৰ সৈতে competition কৰি হোষ্টেলৰ ফাৰ্ষ্ট বেলতে জুনিয়ৰ ৰ লগত ভাত খাই, শেষ কৰিছিলোহি ৰীতা চৌধুৰী বাইদেউৰ 'দেওলাংখুই', 'মাকাম', 'মহাজীৱনৰ আধাৰশীলা', অৰূপা পটংগীয়া কলিতা বাইদেউৰ 'ফেলানী' আৰু যে কত কি! সাহিত্যৰ মধুৰ অমিয়া আজিলৈকে যিখিনি পান কৰিছো সেয়া হৈছে প্ৰিয় উজাগৰী নিশাবোৰ ৰ বাবেই! এতিয়াও মনত পৰে এখন কিতাপ, 'যযাতি'ৰ (লেখক কোন পাহৰিলো!) কথা- প্ৰজ্ঞাই কাৰোবাৰ পৰা আনি দিছিল- এৰাতিৰ বাবে। ৩০০ নে ৪০০ পৃষ্ঠাৰ!
পঢ়ি শেষ হ'ল ঠিকেই- পিছে কিতাপখন ইমান প্ৰাঞ্জল আছিল যে,মই দ্বিতীয় নিশাও দুনাই পঢ়িছিলো!
উজাগৰী নিশা কিতাপ পঢ়াৰ নিছা আৰম্ভ হৈছিল অৱশ্যে শৈশৱতেই! ৰঞ্জু হাজৰিকাৰ ভৌতিক উপন্যাস, বিস্ময়ৰ গল্পবোৰ আৰু 'দস্যু ভাস্কৰ 'ৰ 'কটা হাতৰ ৰঙা ছাপে' উজাগৰী ৰাতিত মা- দেউতাই গম নোপোৱাকৈ চুৰ কৈ কিতাপ পঢ়াবোৰ ৰোমাঞ্চকৰ কৰি তুলিছিল!
প্ৰেমত পৰা দিনবোৰত উজাগৰী নিশাবোৰ আছিল প্ৰেমিকৰ ফোনৰ বাবে ৰৈ থকা ব্যাকুলতা, অথবা উদগ্ৰীৱতা আৰু উৎকন্ঠাৰ সময়! যিমানেই বছৰবোৰ দীঘলীয়া হৈছিল-বিয়াৰ বয়স হৈছিল- সিমানেই উজাগৰী নিশাবোৰ হৈ পৰিছিল আতংক আৰু ভয়ৰ কাৰণ- তেওঁক মই নিজৰ কৰি পামনে? মা- দেউতাৰ পৰা গোপনে ৰখা সম্পৰ্ক এটাই জীৱন্ত ৰূপ পাবনে? এহাল প্ৰমিক চৰাইৰ কত যে মান-অভিমান আৰু কাজিয়াৰ সাক্ষী হৈ ৰৈছিল উজাগৰী নিশাবোৰ!( কেৱল প্ৰেমত পৰা জনেহে বুজিব পাৰিব কিজানী এই অনুভৱ!কি যে ভয় লগা হয় এই সময়!!)
মা ৰ সৈতে ৰোগ এটাৰ বিৰূদ্ধে যুঁজ কৰি থাকোতে উজাগৰী নিশাবোৰ কাৰুণ্য আৰু প্ৰাৰ্থনাৰ আকুল সুৰ হৈ উঠিছিল- মাৰ কষ্টবোৰ যেন কমি যায়! মা ভাল হৈ উঠিব লাগে!
বি বৰুৱা কেন্সাৰ হচপিটালৰ পৰা দেখা পোৱা উকা- শুকান পথৰ নিয়ন লাইটৰ পোহৰ ৰ নিশাবোৰ যেন ক্ৰমশ: আন্ধাৰে বিবৰ্ণ কৰাৰ প্ৰয়াস হে কৰিছিল!
তাৰ পিছত, নিজে মা ক হোৱাৰ পৰা পাৰ কৰা উজাগৰী নিশাবোৰ আকৌ ভাগৰুৱা কিন্তু ভাল লগা হৈ উঠিছিল। মীড় আৰু জীউৰ লগত খেলা নিশাবোৰে দিনবোৰক ক্লান্ত কৰিছিল যদিও সেয়া হৈ পৰিল জীৱনৰ বাখৰ লগা সময়- অতি মনোমোহা। কেতিয়াবা খং উঠিছিল- সচাঁ- কিন্তু সিহঁতৰ কলকলনিয়ে সেই খংবোৰ ধুই নোহোৱা কৰি হাঁহিৰ ৰেশ বিয়পাইছিল!
কেৱল সেয়াই জানো?
হতাশাৰ কলীয়া ডাৱৰে যেতিয়া জীৱনক বাৰে বাৰে হৰুৱাবলৈ চেষ্টা কৰিছিল- তেতিয়া উজাগৰী নিশাবোৰে ফেনা মেলা সাপৰ দৰে যেন মোক গিলিহে পেলাব! মই আতুৰ হৈ পৰিছিলো- কান্দিছিলো! অকলে অকলে নিজক সান্তনা দিয়াৰ কত যে নিশা পাৰ কৰিছিলো!!
মহামাৰীৰ সময়ছোৱাত নিজক মজবুট কৰি ৰাখিবলৈ আৰম্ভ হৈছিল আন এক নতুন যাত্ৰা- পুনৰাই কিতাপৰ জগত খনলৈ উভটি যোৱাৰ! আকৌ লিখা-মেলা আৰম্ভ কৰাৰ! আৰু সংযোজন হৈছিল OTT plateform ত ইখনৰ পাছত সিখনকৈ web series চাই শেষ কৰাৰ নতুন আমেজ! দিনৰ অজস্ৰ কামৰ অন্তত, নিশাবোৰ পুনৰাই প্ৰিয় হৈ পৰিছিল !
কিন্তু এতিয়াৰ নিশাবোৰ? যন্ত্ৰনাৰ পৰা নিজক কিদৰে উত্তৰণ ঘটাও মই? কেনেদৰে পাহৰো এই পীড়া? দুচকুত টোপনীৰ ভৰ; কিন্তু যে শুব নোৱাৰো! নাই পৰা মই কিতাপ পঢ়িব- চিনেমা চাব! চটফটনিৰ প্ৰতাপত, শুই থকা মানুহজনক জগাইছো- physiotherapist এ শিকাই থৈ যোৱা exercise কে আকৌ কৰিছো - কিজানী পৰিত্ৰাণ পাও!শীতৰ নিশাই বিষ অধিক কৰিছে। গৰম পানীৰ বেগত আকৌ পানী ভৰাইছো!
পুনৰাই এনালজেছিকৰ আশ্ৰয় লৈছো!
ক্ষণিকৰ পাছত আকৌ সাৰ পাইছো!
কিন্তু মই যে ইয়াৰ পৰা পৰিত্ৰাণ পাবই লাগিব!
মা ৰ মুখ খন মনত পেলাইছো- প্ৰিয় ছাত্ৰী সংগীতাৰ সাহসক মনত পেলাবৰ যত্ন কৰিছো- মোৰ বিষটো কিজানী তেওলোকৰ তুলনাত একোৱেই নহয়!
আৰু এটা উজাগৰী নিশাত নিজক বুজাবলৈ এতিয়া আৰম্ভ কৰিছো!
সংযোজন: হোমেন বৰগোহাঞী ছাৰৰ অনুপ্ৰেৰণামূলক লেখা যোগান ধৰাৰ বাবে আৰু গ্ৰন্থমেলাৰ পৰা কিতাপ আনি মোৰ কষ্ট লাঘৱ কৰাৰ বাবে কৰা প্ৰাক্তন ছাত্ৰ পলাশ আৰু পৰাশৰ ভালপোৱাখিনিয়ে আহ্লাদিত কৰি তুলিছে।
0 Comments