জীৱনৰ লক্ষ্যৰ ৰচনাখন

 

আমাৰ সময়ত মেট্ৰিক পৰীক্ষাত  অহা সাম্ভাব্য ৰচনা এখন আছিল 'মোৰ জীৱনৰ লক্ষ্য'। 


হাঁহি উঠে এতিয়া; নিজৰ জীৱনৰ লক্ষ্য ঠিক নকৰাকৈয়ে আমিবোৰে পৰীক্ষাকেন্দ্ৰীক উদ্দেশ্যেৰে ৰচনা এখন বঢ়িয়াকৈ সাজু কৰি মুখস্থ কৰিছিলো। (বহুতে একেখনকে লিখিছিল আৰু আমাৰ তিনি বাই ভনিৰো ৰচনাত জীৱনৰ লক্ষ্য একেখনেই চলি থাকিল!)

তাৰ আগতে অৱশ্যে লক্ষ্যধৰ চৌধুৰীদেৱৰ বিখ্যাত কবিতাটোৰ সৈতে ভাৰতীয় ইতিহাসৰ ভোটাতৰা সকলৰ দৰে হোৱাৰ সপোন দেখিছিলো- প্ৰাণঢালি আবৃত্তি কৰিছিলো- ' মই গান্ধীজীৰ দৰে হ'ম/ সদায় সত্য কথাহে কম...." কিয় কব নোৱাৰো - মোৰ কনকলতাক বৰ ভাল লাগিছিল! কিজানী মোৰ 'দেশৰে' ছোৱালী হোৱা বাবেই! সেই ভালপোৱা আজিও বৈ আছে। সেয়েহে অৰুণাচল যোৱাৰ পথত জামুগুৰি পাৰ হ'লেই আগ্ৰহৰে চাই গৈ থাকো - কনকলতাৰ মূৰ্তিটো কেতিয়া আহিব!!

তাৰ পাছত অৱশ্যে সময়ৰ লগে লগে সলনি হৈ গৈ থাকিল লক্ষ্যবোৰ। কেতিয়াবা যদি ডাক্তৰ হ'লো, আন কেতিয়াবা কোনো অভিনেত্ৰীৰ নকল কৰিলো! 

সৰুৰে পৰাই কিতাপ পঢ়ি ভালপাইছিলো- গল্প/কবিতা/উপন্যাস আদি পঢ়ি থাকোতে সাহিত্যিক হম বুলিয়েই ধৰি ল'লো। কাগজে পত্ৰই লেখাবোৰ প্ৰকাশ হোৱাৰ লগে লগে সেই ধাৰণা আৰু অধিক গাঢ় হ'ল!


দেউতাৰ আছিল নাটক-অভিনয়ৰ সৈতে প্ৰগাঢ় সম্প্ ৰ্ক। ফলত নাট্যকাৰ হোৱাৰ সপোন দেখিলো! বিশ্ববিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ নাট্যকাৰ হ'লো। মোৰ নিৰ্দেশনাত আমাৰ AT 3  ছোৱালী হোষ্টেলে অভিনয় কৰা মোৰেই নাটক খনত জেষ্ঠা বাইদেউ এগৰাকীয়ে (প্ৰিয়ংকা বা ই)  অভিনেত্ৰীৰ বিশেষ বঁটা  আৰু শুভশ্ৰীয়ে  'শিখা' নামৰ চৰিত্ৰটোত অভিনয় কৰি শ্ৰেষ্ঠা সহ: অভিনেত্ৰীৰ  বঁটা পালে! আৰু কোনে পায়? বেছ কিছুদিন সেই সপোনে খেদি থাকিল যদিও সাৰ পানী নাপাই সি মৰহি গ'ল!



গান গাইছিলো- শাস্ত্ৰীয় সংগীতৰ আৰধনা কৰিছিলো ।কিন্তু আচৰিত কথা, কেতিয়াও গায়িকা হোৱাৰ লক্ষ্য নাছিল বা সপোনো নেদেখিলো!অথচ বিভিন্ন প্ৰতিযোগীতাত পুৰস্কাৰো পাইছিলো ! তেতিয়া পঢ়া- শুনা আচল আৰু সংগীত গৌণ বুলি কোৱা হৈছিল । "শিক্ষকৰ ছোৱালী। চাকৰি এটাতো কৰিব লাগিব- নপঢ়িলে কি কৰি খাবি?" 


আৰু এটা লক্ষ্য নিৰ্ধাৰণ হৈ গৈছিল !(বহু সময়ত হতাশাৰ কাৰণো হৈ পৰিছিল)


(নপঢ়িলেও; খেলিলে বা সুকুমাৰ কলাৰ উন্নতিয়েও যে জীৱন মহিয়ান হয় সেয়া তেতিয়া বোধহয় জনপ্ৰিয় নাছিল!) গানগাোৱা আছিল মোৰ মাথো  ভালপোৱা - যি আজিও অন্ত:সলিলা ৰূপত বৈ আছে!


এটা সময় আহিল- তেতিয়া পৰিয়ালৰ সকলোৰে ইচ্ছাত এটা সামূহিক লক্ষ্য হ'ল-  সংসাৰী কৰোৱাৰ! তাৰ পাছত- বিয়া । এটা অনুস্থান। নাৰী-পুৰুষ উভয়ৰে জীৱনৰ পৰিবৰ্তন কৰি দিব পৰা আমাৰ দেশৰ এটা বিশাল আয়োজন! আমাৰ দেশত বিদেশৰ দৰে দুজন ব্যক্তিৰটো বিয়া নহয়- ইয়াত যে দুটা পৰিয়াল -দুখন সমাজ- কেতিয়াবা দুটা সংস্কৃতিৰ মিলন হয়! আশাকৰা হয় সেয়া মৃতু্্যৰ পাছতো ৰৈ যাব- পুৰুষানুক্ৰমে (সকলো সংস্কৃতিৰ দৰে ইয়াৰো হয়তু নঞাৰ্থক দিশ এটা আছে! কিন্তু 'মোৰ আইক/ মোৰ সংস্কৃতিক ভালপাও বুলি ক'লে' জানো ভুল হ'ব?)



কইনা সাজিবলৈকে সৰুতে আয়নাৰ আগত কমখন সাজিছিলো নে? মা ৰ ৰঙা ফোট আৰু সেন্দুৰে যে ইমান আকৰ্ষণ কৰিছিল- লুকাই লুকাই কতনো সেইবোৰ লগাইছিলো! মেক আপ নোহোৱাত সেন্দুৰকে গাখীৰ ৰ লগত সানি গালতো লেপিছিলো! (এতিয়া ছোৱালীয়েও তাকে কৰা দেখি থাকিলে মই তাইৰ মাজত নিজক বিচাৰি পাও!)

সেয়াও লক্ষ্য নাছিলনে?

আৰু মাক হোৱাৰ সপোন?

ফটাকানি কাপোৰৰে কইনা - দৰা সাজি তাৰে খেলি থাকোতে মাক হোৱা নাছিলোনে?


এই সমগ্ৰ ধাৰণাবোৰ যে আচলতে অতি ক্ষুদ্ৰ আৰু লক্ষ্যবোৰ যে মৰিচিকাৰ দৰে ক্ষণস্থায়ীহে আছিল- সেয়া জীৱনৰ মাজবাট ত আহিহে অনুভৱ কৰিছো। 


আজি যদি কোনোৱে মোক প্ৰশ্ন কৰে; এইমুহুৰ্ত ত মোৰ জীৱনৰ লক্ষ্য কি ? 

মোৰ কিজানি এটাই উত্তৰ হ'ব : আগৰ দৰে সুস্থ হৈ উঠা!ল'ৰা- ছোৱালীৰ লগত খেলি-ধুলি,কৰ্ম-জীৱনক সুচাৰুৰূপে চলাই নি, বজাৰ-সমাৰ কৰি, খৰকৈ নহ'লেও  স্বাভাৱিক হৈ উঠা! প্ৰতিনিয়ত এতিয়া মোৰ ফ'কাছ হৈ পৰিছে- আঠুৰ ঘিলাটো: লৰাব লাগে- সি লৰচৰ কৰিবই লাগিব!! ফলত পুৱাৰ পৰা এতিয়া কচৰৎ চলে- এখুজি দুখুজিকৈ আগবাঢ়া; Physiotherapist এ শিকাই যোৱা কৌশলক পুন: পুন: আওৰোৱা!( আগেয়ে ভৰি ল'ৰালেই জেষ্ঠা সকলে চিঞৰি উঠিছিল- এই! ভৰি কিয় ল'ৰাই আছ?! ভৰি নলৰাবি! এইবোৰ 'ভাল ' ছোৱালীৰ লক্ষণ নহয়!!সময়ৰ কিমান পৰিবৰ্তন হ'ল!এতিয়া যে ভাল হ'বলৈ হ'লে ভৰিয়েই ল'ৰাব লাগিব!)


ভৰি ভাল কৰাৰ লক্ষ্যও ক্ষুদ্ৰই কিজানী!  কিমানৰ হৈ গৈছে! 


কিন্তু এইবাৰ এই ক্ষুদ্ৰ লক্ষ্যই মোক শিকাই আছে- কেতিয়াও নেদেখা-নুবুজা-নোচোৱা- নতুন নতুন কথাৰ অনুভৱ! ঠিক যেনেকৈ 'পঢ়াটো ঠিক ৰাখিবই লাগিব' নিয়মটোৱে নিৰ্ধাৰণ কৰি কৰি গৈ থাকিছিল জীৱনৰ লক্ষ্যবোৰ!


খিৰিকিৰ কাষত বহি ভৰিতো লৰাই লৰাই ভাবিছো মাথো-জীৱনত আচলতে এটা লক্ষ্য থাকিব নোৱাৰে। জীৱনৰ লক্ষ্যৰ ধাৰণাও আপেক্ষিক। সময় অনুসৰি সলনি হয়। 


দেউতাই কৈছিল- "জীৱনত কাহানিও ধৰিত্ৰীৰ বোজা নহ'বি! বেয়া কাম নকৰিবি! আৰু বেয়াবোৰ নিজে চালি জাৰি চাই বুজি ল'বি। সকলোৰে ধাৰণাৰ বেয়াটো তোৰ কাৰণে বেয়া নহ'বও পাৰে!" 

কেৱল মাত্ৰ মানুহ হোৱাৰ মহাসাধনাৰ লক্ষ্যই কিজানী  মহাকৰ্ষণৰ দৰেই মানুহৰ সৰু সৰু লক্ষ্যবিলাককো একো একোটা অক্ষপথ প্ৰদান কৰি দিয়ে!

সংযোজন: বহুবছৰ পিছত শুভশ্ৰীয়ে জাৰকালিৰ আবেলিটো উমাল কৰি দিলে। আমি AT3 গাৰ্লচ হোষ্টেলৰ পকনীয়াত হেৰাই গ'লো কিছুক্ষণ! সাৰ পাই উঠিছিল 'ভাল ছোৱালীবোৰে'!!

বহু বছৰ ৰ মূৰত চিনিয়ৰ বা সকল লৈ মনত পৰিছে! কিমান মোৰ আব্দাৰ  সহিছিল!! মোৰ ওপৰত যে বিশ্বাস আছিল! প্ৰিয়ংকা বাই কত যে মেগী বনাই বনাই খুৱালে!!কাবেৰী বাক পালে এতিয়াও super junior হৈ যাও- অজানিতে! কত যে কথা- থাওক: এটি সাধুকথা!

Post a Comment

0 Comments