নষ্টালজীয়াত কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰ

 কি কি কৰিছিলোতকৈ, কি কি কৰা নাছিলো - সেই প্ৰশ্নহে আজিৰ  তাৰিখত বোধহয় সঠিক হ'ব!  কটন কলেজৰ (তাহানিৰ!) গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ চাকৰিটো অস্থায়ী আছিল যদিও বোধহয় মোৰ /আমাৰ দায়িত্ব বহু স্থায়ী মানুহতকৈ বেছি আছিল।পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ মান বজালৈ কাম থাকিছিল। ছাত্ৰ-ছাত্ৰীৰ Practical ৰ বাবে Audio-Visual magazine দাপোন-The Mirror বা lab journal আমাৰ মত- Our Viewpoint ৰ কাম থাকিলে (দুয়োখন দ্বিভাষিক আছিল- আৰম্ভ হৈছিল প্ৰথম ড০ অংকুৰণ দত্ত ছাৰৰ তত্বাৱধানত) আমাৰ প্ৰায়ে ৰাতি ৯.৩০ বাজিছিল।তেতিয়া জিতমণিৰ বাইকেই মোৰ আশ্ৰয় আছিল!  প্ৰথম অৱস্থাত শ্ৰদ্ধেয় ড০ সত্যেন চৌধুৰী ছাৰে কাম শিকাৰ পৰিবেশ এটাৰ সৃষ্টি কৰিবলৈ এই নিয়ম সাজিছিল যদিও পিছলৈ সেয়াই ৰৈ গৈছিল!

       শ্ৰেণীসমূহ আৰু লেৱৰ কামৰ লগতে বাটৰ নাট, প্ৰতিষ্ঠান ভ্ৰমণ, অন্তৰংগ অনুস্থান, excursion..., survay...কত যে কি! সহকৰ্মী হিচাপে লগ পাইছিলো অগ্ৰজ প্ৰয়াত( ড০) অনামিকা  বাইদেউ আৰু অনুজ (ড০) নীলাক্ষী কলিতাক। বাইদেউৰ আছিল অসম্ভৱ কষ্ট কৰাৰ ক্ষমতা! নীলাক্ষীৰ আছিল আকৰ্ষণীয় জনসম্পৰ্ক আৰু managementৰ গুণ। দুয়োজনৰ পৰাই শিকিলো বহু! কেন্দ্ৰ ৰ পাঠ্যক্ৰমৰ সমন্বয়ক হিচাপে পথ নিৰ্দেশক হৈ আছিল ড০ সুৰেশ কুমাৰ নাথ ছাৰ, ড০ অভিজিৎ বৰঠাকুৰ ছাৰ, ড০ অভিজিৎ বৰদলৈ ছাৰ আৰু ড০ শান্তনু শৰ্মা ছাৰ।  সকলো সময়তে মোৰ সৈতে আছিল জিতমণি আৰু পিছলৈ যোগ হৈছিল প্ৰাগ ! প্ৰথমে লগ পোৱা হেমপ্ৰকাশ মাউত দাই তেতিয়া computer ৰ অসমীয়া টাইপৰ কিছুমান প্ৰফেছনেল কিটিপ শিকাই দিছিল! 


ৰঘুখুড়া, অজিত, গৌতম দা পৰিয়ালটোৰ সদস্য আছিল।বিচিত্ৰক মই কম দিনৰ বাবে লগ পাইছিলো। দীপ দা আছিল অভিন্ন অংগ।

ইয়াৰ লগতে সংলগ্ন হৈছিল গণসংযোগ আৰু সাংবাদিকতা ক্ষেত্ৰখনৰ পৰা শিক্ষাদানৰ বাবে অহা অভিজ্ঞ সমল ব্যক্তিসকলো!

            কটন কলেজত কাম কৰাৰ সবাটোকৈ মধুৰ অভিজ্ঞতা আছিল      আকাশবাণী গুৱাহাটীৰ জৰিয়তে বিজ্ঞান ভিত্তিক নাটক প্ৰচাৰ ৰ বাবে কেন্দ্ৰত নাটক নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটো! কটন কলেজৰ সেয়া আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে যুক্ত হোৱাৰ প্ৰথম আনুস্থানিকতা! আকাশবাণী গুৱাহাটীৰ তেতিয়াৰ কেন্দ্ৰ সঞ্চালক সন্মানীয় দীনেশ দাস ছাৰৰ উপস্থিতিয়ে অনুস্থানটোক সেইদিনা অন্য মাত্ৰা দিছিল! মোৰ সাহস হোৱা বাবে , আৰু সহায় কৰাৰ বাবে বন্ধু ৰীতুপৰ্ণ দাসৰ প্ৰতি আজিও কৃতজ্ঞ হৈ ৰও!     

 


   নাটক কেইখনত কেন্দ্ৰ ৰ প্ৰাক্তন আৰু পঢ়ি থকা ছাত্ৰ-ছাত্ৰী, কটন কলেজৰ কেইগৰাকীমান অধ্যাপক-অধ্যাপিকা, সংগীত শিল্পী ঋষিৰাজ শৰ্মাদা, জেষ্ঠ্য সাংবাদিক পি জে বৰুৱা ছাৰ, বৰ্তমানৰ অসমীয়া চিনেমাৰ অভিনেতা ৰাহুল গৌতম শৰ্মা (তেতিয়া কিশোৰ!), পৰম শ্ৰদ্ধাৰ অৱনী দা আৰু অভিনেতা-শিল্পী মোৰ দেউতা......কত জনে যে অভিনয় কৰিলে!কিমান যে ৰসাল ঘটনা ঘটিল!আস- কি যে  এক মধুৰ অভিজ্ঞতা আছিল! মানৱ দা, প্ৰাগ - সকলোৱে অহৰ্নিশে লাগি থাকিব পাৰিছিল! নাটক কেইখন লিখিছিল- বিজ্ঞান সাহিত্যিক ড০ দিনেশ গোস্বামী ছাৰ, ড০ অভিজিৎ বৰঠাকুৰ ছাৰ, আকাশবাণী গুৱাহাটীৰ প্ৰবাল শৰ্মা দা আৰু আৰু উৎপল দত্ত ছাৰে!

 


        অস্থায়ী চাকৰিটোৱে মোক জীৱনৰ বাবে কিছু স্থায়ী সম্পৰ্ক প্ৰদান কৰিলে । আৰু দিলে এজাক ৰ'দৰ সপোন দেখা, জলমল সম্ভাৱনাৰ বহু ছাত্ৰ-ছাত্ৰীৰ সান্নিধ্য।কষ্ট কৰি, নিজৰ ক্ষেত্ৰখনত আজি প্ৰায় প্ৰতিস্থিত এওলোক। শিক্ষকৰ সহজাত ধৰ্মৰে মই স্বাভাৱিকতে গৌৰৱৰ অৱকাশ দেখা পাও! ভাল লাগে!


কটন কলেজৰ সেই সময়ছোৱা আছিল আমাৰ  পৰিয়ালটোৰ বাবে জীৱনৰ পৰীক্ষাৰ সময়। মাৰ  কেন্সাৰ হৈছিল- চিকিৎসাৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন! 


'অস্থায়ী চাকৰিৰ মানুহে ইমান দীঘলীয়া চুটি ক'ৰ পৰা পাব; তাতে নতুন!' (চাকৰিৰ মাত্ৰ তিনিমাহ হৈছিল মোৰ! )প্ৰশ্ন উঠিছিল!

অধ্যক্ষ ড০ ইন্দ্ৰ কুমাৰ ভটাচাৰ্য ছাৰক  মুম্বাইৰ পৰা ফোন কৰিছিলো। আশা কৰিছিলো - চাকৰিটো নাথাকিব! মই মাথো জনাম খবৰটো যে মাৰ অপাৰেশ্যনৰ দৰকাৰ- মোক যে এক/দেৰ মাহমান লাগিব। মাৰ চিকিৎসা আমি কৰিবই লাগিব। সাজু হৈয়ে ফোনটো কৰিছিলো ।

মোক আচৰিত কৰি ছাৰে কৈছিল- 'হ'ব; তই মাৰৰ চিকিৎসা কৰ।'

'ছাৰ, মোৰ যে ছুটি নাই বুলি শুনিছো!'মই কৈ উঠিছিলো!

'হ'ব; মই আছো।'

সময়ৰ অপব্যয় নকৰি ছাৰে ফোন টো থৈ দিছিল। ভয় আৰু সম্ভ্ৰমৰ লগতে সেইদিনা ছাৰ ৰ প্ৰতি শ্ৰদ্ধাত শিৰ নত হৈছিল- ছাৰে ব্যক্তিগতভাৱে মোক তেতিয়াও নাজানে- অফিচিয়েলভাৱেহে লগ পাইছিলো! অস্থায়ী চাকৰি কৰা ব্যক্তি এগৰাকীৰ বাবে উচ্চাৰিত হোৱা মানৱীয়তাৰ সেই তিনিটা মাত্ৰ শব্দই কিজানী মোৰ জীৱনৰ গতিটো সুনিৰ্দিষ্ট কৰি পেলাইছিল!(মেটাৰ্নিটি লিভৰ সময়টো একে প্ৰশ্নই উত্থাপন হৈছিল!অথচ এয়া যে প্ৰত্যেক নাৰীৰ আইনগত অধিকাৰ- সেয়া বহুতেই পাহৰিব খোজে!)



তাৰ পাছত অৱশ্যে এক দীঘলীয়া যাত্ৰা- বহুজনে বহুভাৱে , কেতিয়াবা অপ্ৰত্যাশিতভাৱেও সহায় কৰি আমাক ঋণী কৰিলে!


সকলোৰে লগতে  নাথ ছাৰ আৰু বৌৱে এই সময়ছোৱাত আমাৰ পৰিয়ালৰ মানসিক চাপৰ্ট হৈ থিয় দিলে!



 আৰু ভাৰাঘৰ ৰ পৰা ওলাই অহা এহাল আত্মীয়ক মই আজীৱন অভিভাৱক হিচাপে লাভ কৰিলো!

(কটন কলেজৰ এই সমগ্ৰ সময়ছোৱাত ছায়াৰ দৰে মোৰ সদা সাহস হৈ ৰৈছিল বাবা দা!)


এয়া অৱশ্যে এতিয়া  পাহৰণিৰ গৰ্ভত হেৰাব খোজা এটি দীঘলীয়া সাধু কথাৰহে অংশ!


সংযোজন:স্মৃতিবোৰ সাঁচি ৰখা এটা হাৰ্ড ড্ৰাইভ বেয়া হ'ল আৰু এটা চোৰে নিলে!বাচি থকা দুটাত কি আছে বুলি বিচাৰি ছোৱাত পোৱা ফটোকেইখনে কিছু সময় চুৰ কৰি লৈ গ'ল!.ফটোত নাথাকিলেও বুকুৰ আপোন হৈ ৰৈছে  প্ৰতিজন ছাত্ৰ-ছাত্ৰী- আজিও!

Post a Comment

0 Comments