Books on Assamese Cinema (1)

 The Lone Ranger in a Forsaken Frontier:The Unsung Pioneer of Indian Cinema in the North East

Writer: Apurba Sarma

Publisher: Aank-Baak



অসমীয়া চিনেমাৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু অসমীয়া চিনেমাৰ জন্ম কথাৰ নৈসৰ্গিকতাৰ বিষয়ে লিখা এইখন অসমীয়া চিনেমা বিষয়ক এখন শ্ৰেষ্ঠ গ্ৰন্থ। যিকোনো গৱেষণাধৰ্মী লেখাৰ ক্ষেত্ৰত গ্ৰন্থখনে একোজন পঢ়ুৱৈক /গৱেষকক আঙুলিত ধৰি লৈ গৈ জয়মতী চিনেমা নিৰ্মানৰ আঁৰ ৰ কথাবোৰ কৈ যায়। ড০ হীৰেন গোঁহাই দেৱে আগকথা লিখা গ্ৰন্থখনত আছে জ্যোতিপ্ৰসাদ আৰু জয়মতীৰ বিষয়ত পুংখানুপুংখকৈ লিপিবদ্ধ কৰা ছয়টা অধ্যায়। এই অধ্যায়কেইটা হৈছে-

The Making of Joymoti :প্ৰথমখন অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ জ্যোতি প্ৰসাদ আগৰৱালা দেৱে কৰা অপৰিসীম কষ্ট; প্ৰাক নিৰ্মান কালিন গৱেষণাৰ বিষয়ে প্ৰথম অধ্যায়ত বিশদ উল্লেখ আছে।

Background :জ্যোতিপসাদ আগৰৱালাৰ জীৱনৰ পৃষ্ঠভূমি, ভাৰতীয় চিনেমাৰ পটভূমি ইয়াত আলোচনা কৰা হৈছে

 Joymoti :জয়মতী নিৰ্মানৰ আনুসংগিক কথাবোৰ আৰু জ্যোতি প্ৰসাদৰ অভিজ্ঞতা ইয়াৰ আধাৰ, 

The Icon- 'creative genious' জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন চিনেমা 'ইন্দ্ৰমালতী' ৰ বিষয়ে ইয়াত উল্লেখ থকাৰ লগতে জ্যোতিৰ আভাৰ বিষয়ে লেখকে বৰ্ণনা কৰিছে  

...And the visionary-  'It would not be easy for someone outside the Assamese national and cultural ethos to understand Jyotiprasad, regarded as the second greatest cultural icon of the state, next only to the fifteenth century Assamese neo-Vaisnavite poet-saint Srimanta Sankardeva, in his totality as a multi-faceted creative genious'- জ্যোতিপ্ৰসাদৰ বহুমুখী প্ৰতিভাৰ কথা ইয়াত আলোকপাত কৰা হৈছে।

The final years -জ্যোতিপ্ৰসাদৰ জীৱনৰ অন্তিম যাত্ৰাৰ সময়খিনি ইয়াৰ বিষয়বস্তু।

      ইয়াৰ উপৰি ,অসমীয়া চিনেমাৰ ঐতিহাসিক ধাৰাটোকো A Chequered Legacy শীৰ্ষক অধ্যায়ত সামৰি লোৱা হৈছে।.

অসমীয়া চিনেমাৰ বিষয়ে আগ্ৰহী বা অসমীয়া চিনেমা সম্পৰ্কত গৱেষণা কৰি থকা লোকসকলে শৰ্মা ছাৰ ৰ  এই গ্ৰন্থখন নপঢ়িলে অধ্যয়ন প্ৰকৃতাৰ্থত অসম্পূৰ্ণ হৈ ৰৱ।




 






++++

Reference in APA:

Sarma, A. (2013). The Loan Ranger in a Forsaken Frontier: The Unsung Pioneer of Indian Cinema in the North-East. Aank-Baak

Intext : Sarma, (2013)



Post a Comment

0 Comments