জীৱনটো সাংঘাটিকভাৱে slow হৈ গৈছে! ঠিক যেন শামুকটোৰ দৰে।
আগেয়ে পাঁচ মিনিটত সাউতকৈ কৰি পেলোৱা কামটোকে কৰিবলৈ এতিয়া মোক আধাঘন্টা লাগে। তৎক্ষণাত ঘূৰিব নোৱাৰো; হাউলিব নোৱাৰো, বেকা হ'ব নোৱাৰো; খোজো খৰকৈ দিব নোৱাৰো।আনকি মোৰ প্ৰিয় গাড়ী চলোৱা কামটো ও কৰিব নোৱাৰো!
আগেয়ে জপং জপংকৈ দীঘল দীঘল খোজ দিছিলো; কাছৰ গতিত যোৱা বা ক জোকাইছিলো।তাইৰ লগত সমানে খোজ আৰম্ভ কৰিলে তাই যে পিছ পৰি ৰয়!
মই আগবাঢ়ি যাও। আকৌ ৰৈ দিও-তাই আহি পায়হি।এতিয়া তাই মোতকৈ খৰ।
খোজবোৰ ইমান লাহে লাহে হৈ পৰিছে যে মই সকলো কাম শেষ কৰিব নোৱাৰোগৈ। বহু কামত আনৰ ওপৰত নিৰ্ভৰশীল।বজাৰখন বাদেই ল'ৰা-ছোৱালী দুটাক স্কুললৈ পঠিয়াবলৈ মই বাছ স্টপলৈ যাব নোৱাৰো। চৌপাশে থকা অসমান ৰাস্তাবোৰত ভৰি থবলৈ বৰ ভয় লাগেছোন!আমাৰ দেশখন যে অন্যভাৱে সক্ষম লোক সকলৰ বাবে কিমান প্ৰতিকুল-সেয়া মৰ্মে মৰ্মে অনুভৱ কৰিছো! আন্ত:গাথনি নিৰ্মানৰ সময়ত এইসকল লোকৰ কথা আমাৰ দেশত প্ৰায়ে পাহৰা যায়!অনুভৱ কৰিছো আনৰ ওপৰত সমগ্ৰ জীৱন নিৰ্ভৰশীল হ'বলগীয়া হোৱাত কেনে কষ্ট অনুভৱ হয়!
মোৰ ঘৰ ৰ লগতে Pantaloon ৰ বিশাল শ্ব' ৰুম- কিন্তু ৰেম্প নাই! লিফ্টখনো গ্ৰাউণ্ড ফ্লৰলৈ নাহে। ফলত কোনো কাৰণত ইয়াত শাৰীৰিকভাৱে অক্ষম (সেয়া লাগিলে সাময়িকেই হওক!) ব্যক্তি এজনে বজাৰ কৰিব নোৱাৰে। এনে বা আৰু কিমান বিল্ডিং আছে!
বিদেশত প্ৰতিবন্ধীসকল সৌভাগ্যৱান; কাৰণ তাত সকলো তেওঁলোকৰ বাবে সুগম হ'বই লাগিব!আমেৰিকাত নিজ চকুৰেই দেখি আহিলো- হুইল চেয়াৰত বহি থকা ব্যক্তি এজনেও কাৰো সহায় নোহোৱাকৈ বাছত উঠি (বাছতো তেনে ব্যৱস্থা মজুত আছে যে বাছখন ষ্টপেজত ৰোৱাৰ লগে লগে হুইলচেয়াৰত বহা ব্যক্তিজনে নিজে হুইলচেয়াৰখন লৈ বাছখনত উঠিব পাৰে। আমাৰ ইয়াত সেয়া বাস্তৱত পৰিণত হ'বলৈ হয়তু আৰু সময় লাগিব!)নিজৰ জীৱন চলাব পাৰে-স্বাভিমানৰে সৈতে; জীয়াই থকাৰ সমান অধিকাৰৰে সৈতে।(অৱশ্যে মই সৌভাগ্যৱান যে,গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যালয় আৰু বিভাগে এই সুবিধাপ্ৰদান কৰিছে। ফলত বিভাগলৈ অহা-যোৱা কৰাত মোৰ অসুবিধা হোৱা নাই।)
শাৰীৰিক দুৰ্বলতাই কেতিয়াবা মনটোও দুৰ্বল কৰে; মাজে মাজে ভাৱ হয়; নিজৰ মাজতে সোমাই থাকিম যেন- কাৰোৰে সৈতে যেন কথাকে নাপাতিম!...কিছুমান অযথা চিন্তাও আহে- ক'ৰ পৰা যে কি হৈ গ'ল!!মোৰ ভৰিত সিহঁতৰ ভৰি লাগিলে মই দু:খ পাম বুলি নিশাৰ বিছনাখনত মোৰ পৰা দূৰৈত শুই ৰোৱা শিশু দুটিলৈ চালে চকুপানী বাগৰে! জীউৰ মোৰ বুকুত শুবৰ মন যায়- তাই সেয়ে টোপনী যোৱাৰ আগলৈকে মোৰ ওচৰত ৰয়-আধা টোপনী আহিলে- চকু দুটা প্ৰায়ে নেমেলাকৈয়ে নিজৰ ঠাইলৈ যায়গৈ!মীড়ে আব্দাৰ কৰে- সি হেনো ডাঙৰ হ'বই নালাগিছিল- ডাঙৰ হোৱা বাবেহে সি সদায় দূৰৈত শুব লগীয়া হয়!!তাৰ আৰু ভনিয়েকৰ মাজত গাৰুৰ পাহাৰ এটা সাজি সি অভিমানত মুখ ঘূৰায়! বুকুখন মোচৰ খাই উঠে!আগেয়ে, মই সিহঁত দুটাৰ মাজত শুইছিলো! গৰম- ঠাণ্ডা সকলোতে সিহঁতৰ এখন হাত আৰু এখন ভৰি মোৰ গাৰ ওপৰত থাকিছিল! এতিয়া সিহঁতে নিজে নিজেই শুই পৰে!
চিন্তাও হয়ছোন!কেতিয়া যে ভাল হ'মগৈ!
'আপুনি মিছাতে ইমান চিন্তা কৰিছে ,বাইদেউ! দেৰ বছৰ মানৰ ভিতৰত আপুনি স্বাভাবিক হৈ পৰিব। চাৰি বছৰমানৰ পাছত আপুনি পাহৰিয়েই যাব আপোনাৰ যে এনে সময়ো আহিছিল'!ফিজিঅ'থেৰাপি কৰি থকা নিৰঞ্জন শইকীয়াই মোক আশ্বাস দিয়ে।
শুভাকাংশীসকলে উৎসাহ যোগায়।মানুহজন দূৰৈৰ পৰাই সাহস হয়।
সহজ হ'বৰ যত্ন কৰিছো। জীৱনে যিভাৱে ঠিয় দিছেহি তাক সেই ভাৱেৰেই আকোৱালী লৈ আগুৱাৰ প্ৰয়াস কৰিছো....জীৱনটো যে ৰৈ যোৱা নাই- লাহে লাহে হ'লেও গতি লৈ আছে-আনৰ ওপৰৰ নিৰ্ভৰশীলতা অলপ হ'লেও কমিছে- সেয়াই এই মুহুৰ্ত ত মোৰ বাবে পৰম সুখ!
নিজে খোজলৈ চলি থাকিব পৰা সময় খিনি য়ে মোক নতুনকৈ শিকাই দিছে- জীৱন সুন্দৰ ...অতীৱ সুন্দৰ! সীমিতৰ মাজত যিখিনি পাইছো বা কৰিছো তাতেই জীৱনটো উদযাপন কৰিবলৈ প্ৰয়াস কৰিছো-কাৰণ মই যে অনিশ্চিত -হয়তু তাৰ ঠিক পিছ মুহুৰ্ত তে ভৰিটোৱে অসহযোগ কৰি দিব পাৰে!
মনটোক সবল কৰিবৰ যত্ন কৰিছো- নৈ খনৰ দৰে জীৱন যে চলমান হৈছে(হ'লেই যেনিবা লেহেমীয়া)-সেয়াই বহুত!
PC: Jur |
1 Comments
ৰচনা মোৰ জীৱনৰ লক্ষ্য know more
ReplyDelete