পামনে বা ক কৰবাত ? প্ৰকৃতিৰ মাজত....অথবা মেঘমালাৰ আঁৰত....
পৰিস্থিতিৰ সাময়িক পৰিবৰ্তন আৰু জীউ -মীড় ৰ দেউতাক ক লগ পোৱাৰ হেপাঁহ খিনিতে আমাৰ যাত্ৰা হৈছিল ৰাজীৱ গান্ধী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰায় ১০৫ কি. মি. ৰ দূৰত্বত থকা ৰাজ্যখনৰ পাকে কেচাং জিলাৰ viewpoint লৈ....ডাৱৰবোৰে সামৰি সামৰি আমাক লৈ গৈছিল....কিনকিনিয়া বৰষুণ জাকে আমাক সম্পূৰ্ণ সেউজীয়াখিনিৰ পৰা বঞ্চিত কৰিছিল যদিও এয়া আছিল আমাৰ বাবে শান্তিৰ এক অনাবিল অভিজ্ঞতা....মই যেন বিলিন হৈ যাম....সমগ্ৰ পথটোত ওখ ওখ পাহাৰবোৰে যেন একো একোখন দেৱালহে নিৰ্মান কৰি থৈছে!দুটা পাহাৰ ৰ মাজৰ উপত্যকাৰে গাড়ীখন গৈ থাকোতে কি যে এক সৰগীয় অনুভৱ হৈছিল!!...মনত পৰিছিল পৃথিৱীৰ বিখ্যাত পৰিৱেশ প্ৰকৃতিবিদ নৰৱেৰ আৰ্ন নেচ্চলৈ- ভোগ বিলাসিতাৰ পৃথিৱীখনৰ পৰা আতৰি তেও যে প্ৰকৃতিৰ কোলাত....জনসমাগমৰ পৰা বহু দূৰৈত পাহাৰ ৰ বুকুত ঘৰ বান্ধিছিল....এইকাৰণেই নেকি?প্ৰকৃতিৰ বুকুত কি যে প্ৰশান্তি আৰু সুখ!
অতি সুখী স্থানীয় লোকসকলক দেখি ভাৱ হৈছে- কিহৰ তাড়ণাত কিহৰ পিছত আমিবোৰ বাৰু দৌৰি ফুৰো? নগৰীয়া জীৱনৰ প্ৰাত্যাহিক দৌৰাদৌৰিৰ পৰা তেওলোক বহু আতৰত...অত্যাধুনিকতাৰ উপাদানৰো বহুখিনি তেওলোকে চিনি নাপায়...তেওলোকৰ বাবে অদৰকা্ৰী....তেওলোক সুখী...তেওলোক যেন প্ৰকৃতিৰেই অংগ....part of nature!
প্ৰকৃতিৰ পৰা অভিন্ন! অথচ, জীৱনত বহু পাইও আমিবোৰ অসুখী! ্হয়তুবা সুখেই চিনি নাপাও! সেয়েহে হতাশাইও কিজানি আগুৰে আমাক!
বিশাল প্ৰকৃতিৰ নীলা- সেউজীয়া ৰংবোৰত যেন কেৱল হেৰাবহে পৰা যায়....প্ৰকৃতিৰ কোলাত যেন মই কেৱল উমলিয়েই থাকিম!....
উভটনিৰ পথত, ৰ'দজাকে পাহাৰীয়া পিছল পথটোক মসৃণ কৰি দিবৰ প্ৰয়াস কৰিছিল .............
0 Comments