:ক’ত থাকা তুমি?
:আদাবাৰীত।
:নিজা ঘৰ নে ভাৰা?
+++++
প্ৰায়ে সন্মুখিন হোৱা এটা অতি সহজ প্ৰশ্ন ৷উত্তৰটো দিওতে
খুব এটা কষ্ট নহয়! গুৱাহাটীত থাকো যেতিয়া উত্তৰটো সহজ ভাৱেই দিও-ভাৰাঘৰ৷ কলিয়াবৰত নিজা ঘৰ আছেই, গতিকে উত্তৰটো দিওতে বিশেষ বেয়া নালাগিছিল (তথাপিও মনত আহি থাকিছিল
– মোৰো এটা নিজা ঘৰ হ’ব এদিন!)৷
ঘৰ এটাৰ নামত মানুহৰ প্ৰায় আধা জীৱনেই
পাৰ হয়! মাক -দেউতাকৰ ঘৰ খনৰ পৰা ওলাই অহাৰ পাছত (প্ৰায়ে
বিয়াৰ পাছত!) নিজাকে ঘৰখন আৰম্ভ কৰালৈ মাজ বয়সত ভৰি দিয়া হয়৷ তাৰপাছত সংসাৰে
গতি লয় ৷ ঘৰ চলোৱাৰ দৈনিক খা-খৰছৰ লগতে যোগ হয় এটা ল’নে! সামর্থৱান সকলক নধৰিলে,
আন সকলৰ বেংকৰ ল’ন বহু বছৰ ধৰি চলে ৷ যি সকলৰ পৈত্ৰিক মাটি আছে সেইসকলে নিজৰ
ঘৰতে আৰম্ভ কৰে আন এখন নতুন ঘৰ…নথকা সকলে মাটি কিনে …ঘৰ বান্ধে-বুকুত সাজে নতুন
সপোন…নতুন আশা৷ আন কেতিয়াবা আকৌ বিশেষ পৰিস্থিতিত কোনোৱে নিজৰ পুৰণা ঘৰখন
এৰি আহিব লগীয়াতো পৰে৷ সেয়া অৱশ্যে বৰ দুঃখ লগা ঘটনা৷গুৱাহাটীৰ পৰা বাছেৰে আগেয়ে অহা যোৱা কৰোতে বা আৰু মই দুয়ো কাষৰ ঘৰবোৰ চাই গৈ থাকিছিলো- মন কৰিছিলো অধিকাংশ ইটাৰে সজা নতুন ঘৰবোৰ অৰ্ধনিৰ্মিত; কিছুমানত দুৱাৰ খিৰিকি সম্পূ্ৰ্ণ হৈছে; অতি কম সংখ্যকত ৰং সম্পূৰ্ণ হৈছে আৰু অতি নগন্য সংখ্যকৰহে চৌদিশ পূৰ্ণ কৰি সাজ সজ্জা শেষ হৈছিল। ঘৰবোৰে সমাজ এখনৰ অৰ্থনৈতিক দিশবোৰো প্ৰতিফলিত কৰি আহিছে।
সপোনৰ ঘৰ এখনত ল’ৰা-ছোৱালীহঁতে
উমলি জামলি ডাঙৰ হয়৷ আজিকালি মেট্ৰিকৰ দেওনা
পাৰ হোৱাৰ লগে লগে অভিভাৱকৰ চিন্তা আৰম্ভ হয় -উচ্চ শিক্ষাৰ দিহা কি হ’ব?কোনোৱে মেট্ৰিকৰ
পাছত আৰু আন কোনোৱে হায়াৰ চেকেণ্ডেৰীৰ পাছত চহৰলৈ ঢাপলি মেলে৷ সেই যে সিহঁত ওলাই
যায়- ঘৰবোৰ উদং হৈ পৰে……প্ৰায়বোৰেই আকৌ দূৰলৈ যায়গৈ….দূৰলৈ…..আৰু দূৰলৈ….কেতিয়াবা
বিদেশলৈ….কিছু সংখক ৰৈ যায়৷ চহৰখনে সাৱতি ৰাখে৷ সিহতে ভাৰাঘৰ লয় আৰু কেইজন মান মাথো
ঘৰখনলৈ উভতি আহে….(‘ঘৰত গৈ কি কৰিম?’ প্ৰায়ে প্ৰশ্ন হয়৷ লাহে লাহে …খুব হেঁপাহৰ ঘৰখন
…ভাল নলগাৰ পৰ্যায় এটাও আহে- কাৰণ মানুহ বোৰে যে সোধে- কি কৰি আছা! তাৰপাছত, চাকৰি বাকৰি হৈ গ’লে অৱশ্যে আকৌ ভাল লগা
হৈ উঠে ঘৰখন)৷
আগৰ ঘৰবোৰত আজিৰদৰে সকলো আধুনিক সুবিধা
নাছিল৷ এতিয়াৰ ঘৰবোৰ compact. ঘৰৰ ভিতৰতে সকলো থাকে। আমাৰ ঘৰত সেই সুবিধা বোৰ নাছিল। নিত্য নৈমিত্যিক গা-ধোৱা ঘৰ, প্ৰস্বাৱ- পায়খানা ঘৰ, বাচোন ধোৱা ঠাই- সকলো বাহিৰত আছিল। ফলত ৰাতি হ'লে, বিশেষকৈ কাৰেন্ট নাথাকিলে অথবা বৰষুণ অহাৰ দিনত বৰ ভয় লাগিছিল। ঘন এন্ধাৰত গছবিলাকেই যেন একো একোটা ভয়ংকৰ মানুহৰহে ৰূপ লৈছিল! অকলে বাহিৰত থকাৰ সামৰ্থই নাই! দ্বিতীয় এজন ব্যক্তিৰ উপস্থিতি লাগিবই (আজিকালি ভাৱ হয়, এনে ধৰণৰ অসুবিধাবোৰেও কৰবাত বাৰু ছোৱালীৰ আত্মনিৰ্ভৰশীলতাত বাধা হৈ নুঠেনে?)।
চুবুৰীয়া পোনা বাইদেউহঁতৰ ঘৰটো মাটিৰ - সুবিধা পালেই দৌৰ মাৰো তেওঁলোকৰ বগৰীজোপাৰ তললৈ! বৰমাহঁতে ঘৰখন গোৱৰ আৰু মাটিৰ লেপনৰে মছি কাছি আটোমটোকাৰীকৈ ৰাখিছিল। চকুমুদিলেই বৰমাহঁতৰ ধুনীয়া ঘৰটোত সোমালেই লগা গোবৰ মিহলি সুঘ্ৰান আজিও মোৰ নাকত লাগেহি...আস!আমাৰ শৈশৱৰ আধাজীৱন তাতেই গৈছিল...আমি ক'ব পাৰিছিলো বৰমাহঁতৰ পাকঘৰৰ ক'ত কি আছিল! বা কো কিজানি সেই স্মৃতিয়ে কিজানী প্ৰায়ে আমনি কৰিছিল- সেয়েহে তাই লিখিছিল-
চুবুৰীটো
Today, my ambition is ,to go into society.
. .......Charles Dickens
প্ৰত্যেক ঘৰতে
এটা পাকঘৰ আছিল
অথচ চুবুৰীৰ প্ৰত্যেক শিশুৱে জানিছিল
কাৰ পাকঘৰত আজি কি আছে।
শল-মূলাৰে ৰন্ধা
আঘোন মহীয়া ভাত সাঁজ,
কাতি মহীয়া ফুতিয়াই লোৱা ৰবাব টেঙা টো
খুন্দনাত খুন্দি লোৱা বগৰীৰ
লোভ নীয় গোন্ধ টোৱে
আটি আতি বান্ধি ৰাখিছিল চুবুৰী টো ।
অকাজীৰ তাত শালত
কাজীৰ জীয়েকে ফুল বাচিবলৈ শিকিছিল ।
.....
.......
এতিয়াও বুকুত প্ৰৱাহিত
আপোনত্বৰ জীৰ্ণ নদীখন
চপলা কুৰি
সময় পালেই সকলো লৱৰি আহে ।"
(গায়ত্ৰী ভড়ালী)
চুবুৰীৰ ঘৰবোৰ পৰিয়াল হৈ পৰিছিল.....মনত পৰে...বৰকৈ মনত পৰে....
AT 3 ছোৱালী হোষ্টেলৰ কোঠাত দুচকু মুদিলেই ঘৰখনলৈ মনত পৰিছিল- সন্মুখত বিশাল চোতাল; পিছফালে তামোল গছ, নাৰিকল গছ, কঠাল আদিৰে পৰিপূৰ্ণ ; কাষৰ খালি মাটিখিনি দেউতাৰ শীতৰ শাকনি বাৰী ।পাছফালে এটা পুখুৰী (ডোং)। বাৰিষাৰ দিনত তাত মাছৰ উজান উঠে; আমাৰ মাছখিনিৰ লগতে বোধহয় পথাৰৰ পৰা অহা মাছো তাত মিহলি হৈছিল! ছুটিৰ দিনা তাত আমি বৰশী টোপাইছিলো! তাৰবাবে কেঁচুৰ পোৱালী বিচৰাটোও আমাৰ কাম আছিল!
ডোংৰ পাৰলৈকে যোৱা পিছফালৰ বাৰীখনটো নেমু টেঙা, তামোল গছ, অমৰা, সোণাৰু, প্লাম আদিৰে ভৰা আছিল। মই আৰু বাছাই প্ৰায়ে ভৰিত ৰছী বান্ধি তামোল গছত উঠিছিলো। সেয়েহে ৰীমা দাসৰ "ভিলেইজ ৰকষ্টাৰ" চিনেমাৰ কেন্দ্ৰীয় চৰিত্ৰ ধুনুয়ে গছত উঠোতে মই তাত নতুনত্ব বিচাৰি পোৱা নাছিলো। ছোৱালী বুলি আমাক কোনেও গালিও পৰা নাছিল। কিন্ত এবাৰ এটা ঘটনা ঘটিছিল- গাৱৰে এজন লোকৰ তামোল পাৰিবলৈ গৈ দূৰ্ভাগ্যৱশত: তলত পৰি থিতাতে মৃত্যু ঘটিল। সেই ঘটনাৰ পাছত আৰু ভয়তে তামোল গছত নুঠা হ'লো!!
লোমালোমে লগা প্লামৰে মাই খুব সুন্দৰ জেম বনাইছিল- ঠিক বজাৰৰ পৰা কিনি অনাৰ দৰে। অৱশ্যে সেই একে প্লামৰ সাহ খিনিৰে মাই আৰু এবিধ জাম বনাইছিল....বৰ পনীয়া আৰু কম সোৱাদৰ! আমিবোৰৰ বাবে প্ৰথমে সেই ফেৰাহে ভাগত আহিছিল- মনটো বৰ দুখ লাগিছিল! সেইবিধ জেম কেতিয়া শেষ হ'ব- তেনে লাগি থাকিছিল (সেয়া যে ঘৰ চলোৱাৰে এটা অংশ আছিল - এতিয়াহে বুজিছো)।
তামোল গছৰ গাত ভেজা দি পান গছ উঠোৱাটো বাছাৰ কাম আছিল। মা আৰু সি মিলি তামোল-পানৰ যতন লৈছিল। মাই প্ৰায়ে কৈছিল- বাছাৰ হাতখনত লক্ষ্মী আছে। সি যি ৰোপন কৰে সেয়াই ঠন ধৰি উঠে!" মুঠৰ ওপৰত, আমাৰ ঘৰ খন আছিল নদন- বদন....সৰুতে পঢ়া 'আমাৰ গাও' কবিতাটোৰ দৰেই ভোগালী আৰু স্বাভিমানীও!
বা ই ভজা মাছ খাই বৰ ভাল পাইছিল! কেতিয়াবা এনে হৈছিল যে চাহৰ লগতো তাই মাছহে খাইছিল!পুখুৰী সিঁচাৰ দিনা মাছৰ উভৈনদী হয়- সকলোকে ভগাই দিয়াৰ পাছতো ঘৰত চৰিয়া ভৰ্ত্তি মাছ থাকি গৈছিল। মাছ ভাজি থাকোতে মাই জুহালত বহি হোষ্টেলত থকা বা লৈ মনত পেলাই চকুলো টুকিছিল!
এবাৰ গুৱাহাটীৰ পৰা মুকুল মামাহঁমত গৈছিল। মাছৰ ইমান পয়োভৰ আছিল যে তেওঁলোকে লুচিৰ লগতো মাছেই খাইছিল!
সীমাৰ চৌপাশে দেউতাই ডিমৰু গছ ৰুইছিল- তিনিজনী ছোৱালীৰ নামত তিনিজোপা!- আমাতকৈ বেছি সোনকালে ডাঙৰ হোৱা গছবোৰত এটা সময়ত কিমান যে ভাটো আহি পৰিছিলহি! ৰাস্তাৰ ইটো পাৰত থকা সন্মুখৰ আঁহত জোপা আমাৰ ঘৰটোৰ পৰিচয় আছিল! ক'ত যে কেৰ্কেটুৱা আছিল! কেতিয়াবা তাত ধনেশো বহিছিলহি! নাতি দূৰৈত থকা শিমলু গছজোপা শগুণৰ বাসঘৰ আছিল। তাৰপৰা সৰি পৰা সৰু সৰু কমোৱা তুলাবোৰ ধৰিবলৈ আমাৰ ক'ত যে হেঁপাহ...আমিবোৰ কমোৱাৰ পাছে পাছে দৌৰো!
ক'ৰপৰা আনি জানো, বা ই গেটৰ কাষত এজোপা ইউকেলিপটাছ গছ ৰুইছিল...বৰ ধুনীয়াকৈ ওখ হৈছিল...আমাৰ সেইখিনিত ইউকেলিপটাছ গছ নাছিল....ধুনীয়া ইউকেলিপটাছৰ দুবাহু মেলাৰ দৰে বহল পাতবোৰ চুই চুই মই আওৰাইছিলো-
"ইউকেলিপটাছ গছৰ দৰে ওখ হ'ব খোজো
চিৰদিন চিৰন্তন
আকাশ চুব খোজো" (জুবিন)
পিছচোতালৰ কাষতে এজোপা কপাহৰ গছ আছিল। কপাহবোৰ হ'লে তাৰ গুটি গুচাই আমি বটলত ভৰাই থৈছিলো- তাৰেই আমি শলিতা বনাইছিলো....কপাহজোপাৰ পৰা নাতি দূৰৈত আছিল তুলসী। কাতি বিহুত আমি তাত নতুনকৈ মাটিৰে ঢিপ সাজিছিলো ....চাকি জলাইছিলো....কাতি বিহুৰ সেৱা জনাইছিলো!
গাৱৰ আন ঘৰবোৰ ৰ দৰেই আমাৰো ঘৰৰ আগফালে আৰু পিছফালে বাঁহৰে বনোৱা ডাঁৰবোৰ আছিল। তাতেই আমি কাপোৰবোৰ মেলিছিলো...
হোষ্টেলৰ নিয়ৰ সিক্ত সন্ধিয়াবোৰে অহৰহ ঘৰখনলৈ লৈ গৈছিল। মায়ে আগচোতালত ৰোৱা শেৱালীজোপাৰ গোন্ধত পুৱাবোৰ আমোলমোলাই উঠিছিল। তলসৰা শেৱালীৰে ঘৰৰ সন্মুখ শুৱনি হৈ পৰিছিল। শুই উঠিয়েই ডলাখন লৈ আমি শেৱালী বুটলিছিলো- মাই সেয়া শুকুৱাই তিতা বনাই থৈছিল। কেতিয়াবা সেই তিতা মাছ বা চবজি বনালে দিছিল; নতুবা বৰা বনাইছিল! তিতাৰো যে এনে সোৱাদ ! ঘৰটোৰ লগতে লাগি আছিল ধুনীয়া মচন্দাজোপা...
মা ৰ আমলখি গছ জোপাৰ আমলখি পাৰি সেয়াও আমি শুকুৱাইছিলো! আমাৰ ঘৰৰ কাষৰ সীমাত এজোপা মণিছালৰ গছ আছিল। মোৰ এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে, সেই মনিছালৰ গুটিৰ পৰা ফেন উলিয়াই মা ই সোণৰ গহনা আৰু পাটৰ কাপোৰ ধুইছিল।
এম এচ চি পঢ়িবৰ বাবে মই যেতিয়া ইউনিভাৰ্চিটিৰ হোষ্টেল লৈ আহিছিলো, কুঁৱৰীটোলৰ ৰাতুলদা আমাৰ ঘৰলৈ আহিছিল- মোক এখন কিতাপ দিছিল- ৰীতা চৌধুৰী বাইদেউৰ 'পপীয়া তৰাৰ সাধু' (বাইদেউৰ এইখন কিতাপ- মোৰ প্ৰিয়। ভালকৈ পঢ়িলে চৰিত্ৰবোৰ জীৱন্ত- জীয়া মানুহ হৈ উঠে! মোৰ দৰে গাৱৰ ছোৱালী এজনীক কিতাপখনে মহানগৰৰ চৰিত্ৰবোৰ ৰ সৈতে মুখামুখি কৰাই দিছিল) আৰু মাক কৈছিল-
"বাইদেউ, এই যে এয়া ওলাল- তাই আৰু উভটি নাহে! আহিব জানো!আহিলেওতো আৰু কেইদিনমান পাছত ঘৰ এৰি বিয়া হৈ যাবগৈয়ে! চৰাইজনী আচলতে সঁজা এৰি ওলালেই, বাইদেউ!"
কথাষাৰে মোৰ বুকু চুই গৈছিল।
মোৰ অৰু সঁচাকৈয়ে ঘৰলৈ উভটি যোৱা নহ'লগৈ!
পুণেৰ পৰা বা উভটি আহিছিল যদিও মই কিন্তু সেই যে ওলালো- দুনাই আৰু দীঘলীয়াকৈ থাকিবগৈ নোৱাৰিলো- নিজৰ ঘৰলৈ অহা-যোৱাখিনিও খন্তেকীয়া আলহিৰ দৰেহে হ'লোগৈ!
হোষ্টেলৰ পৰা ওলায়ে মোৰ ঠিকনা হৈছিলগৈ- ভাৰাঘৰ। (ক্ৰমশ:)
উৎসৰ্গা: বা
0 Comments