ঘৰ-ভাৰাঘৰ-ঘৰ (২)

 

ভাৰাঘৰ বিচৰা বুলিলেই আছিল এটি ভয় আৰু আশংকা৷ অসমীয়া সাহিত্য আৰু মানুহৰ তিক্ত অভিজ্ঞতাৰ কাহিনীয়ে মোক ভাৰাঘৰ সন্দৰ্ভত পেপুৱা লগাইছিল৷ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু বাতৰি পৰিবেশিকা হিচাপে জীৱনৰ প্ৰথম কৰ্মজীৱনৰ বাবে প্ৰয়োজন হৈছিল এটা ভাৰাঘৰৰ৷ভগিনী সদৃশ হিমাদ্ৰীৰ সহযোগত চেনিকুঠীত এটা ভাৰাঘৰৰ সম্ভেদ পালো যেনিবা ! কিছুদিন আমি চাৰিজনী ছোৱালী আছিলো৷ মই আছিলো আলহীৰ লেখিয়াহে৷ যিকেইদিন ডিউটি থাকে সেইকেইদিনহে যাও ৷ সন্ধিয়াৰ ডিউটি থাকিলে পোনে পোনে বিশ্ববিদ্যালয়ৰ পৰা ৰেডিঅ’লৈ যাও৷ নিশা ৰেডিঅ’ৰ গাড়ীয়ে থৈ যায়হি- চিন্তা নাথাকে৷

        পুৱা হ’লেহে বৰ চিন্তা লাগিছিল৷ প্ৰায় চাৰি বজাতে উঠি সাজু হৈ গাড়ীৰ বাবে অপেক্ষা কৰিব লাগে৷ পুৱাৰ ডিউটি থাকিলে সাৰ নাপাও বুলিয়েই নিশা  ভালকৈ টোপনি নাহে ৷ ইটোৰ পাছত সিটোকৈ দিয়া এলাৰ্মত ৰুমমেটহঁতৰ টোপনি ভাগে! মনটো বেয়া লাগে যদিও বহু সময়ত অসহায় হৈ পৰো৷

 

ভাৰাঘৰ- ঘৰ

      
গৰমৰ দিন কেইটাত বৰ বিশেষ বেয়া নালাগিলেও শীতৰ দিনকেইটাত প্ৰথম অলপদিন পুৱা মোৰ বৰ ভয় লাগিছিল৷ অন্ধকাৰ গুৱাহাটীখন পুৱা সেই চাৰে চাৰি বজাত যে শুই থাকে!দুই এখন গাড়ীৰ পোহৰ পৰে- তেতিয়াও ভয় লাগে- ‘কোনোবাই যদি মোক মুখত সোপা দি লৈ গুছি যায় কি হ’ব! চিঞৰি মাতিলে শুনিবলৈওছোন কোনো নাথাকিব!’

 এই ভয়ৰ পৰা অৱশ্যে কিছুদিন পাছতে মুক্তি পালো৷ ভাইটি বাছা আৰু বাছাৰ বন্ধু নৱই আমাৰ ভাৰাঘৰৰ বাইলেনটোৰ সন্মুখৰ ঘৰ এটাত ভাৰা থাকিবলৈ লোৱাত মোৰ ডিউটি থকাৰ আগদিনা সিহঁতক কৈ থও- মোৰ লগত অলপ থিয় দি থাকিবলৈ ! থাকিছিল- সিহঁতে থাকি দিছিল মোক! বাছা ঘৰলৈ যোৱাৰ পাছতো নৱই মোৰ ডিউটি থাকিলে পুৱা চাৰি বজাতে উঠি মোৰ বাবে ৰৈ থকা হ’ল! ভাইটিৰ লগৰ আৰু কলিয়াবৰৰে হোৱা হেতুকে নৱৰ ওপৰত মোৰ দাবী, অধিকাৰ  আৰু কৰ্তৃত্বও বোধহয় বাঢ়ি গৈছিল৷ তাৰ ফেৰেনজাইটিজৰ সমস্যা আছিল- তথাপি বায়েকৰ সাহস হৈ মূৰত বান্দৰ টুপি পিন্ধি নতুবা গামোছা মাৰি হ’লেও সি ৰৈ থাকিছিল৷ এতিয়া ভাবিলে দুঃখ লাগে ; অপৰাধবোধ হয়- মোৰ বাবে নৱৰ বৰ কষ্ট হৈছিল! নিজৰ ঘৰ এৰি জ্ঞান আৰু অৰ্থৰ সন্ধানত ভাৰাঘৰত থকা দুজন ব্যক্তিৰ মাজত বায়েক-ভায়েকৰ সম্পৰ্কই গঢ় লৈ উঠোতে নিঃপালি দি থকা গুৱাহাটীয়ে বৰ সুখ পাইছিল কিজানী! ভাৰাঘৰবোৰে যে গুৱাহাটীত কিমান নতুন নতুন আপোন মানুহৰ জন্ম দিয়ে- খুড়া-খুড়ী, মামা-মামী, ভাই-ভনী, বন্ধু- বিপদত এইসকলেই উবুৰি খাই পৰেহি…নিজৰ দৰে সকলো কৰাৰ দায়িত্ব লৈ লয়! যেন তেওলোক কোনোবা জনমৰ সুহৃদহে!  ভাৰাঘৰৰ গৰাকী আণ্টিৰ ভাষাত- আত্মাৰ সম্পৰ্কৰে এওলোক যেন আত্মীয় হৈ পৰে! চিনাকীৰ পৰা চিনাকী – চিনাকীৰ পৰা এৰাব নোৱাৰা হোৱা  সম্পৰ্কবোৰক লৈ চহৰখনে গুঁঠে জীৱনৰ গান- ভাৰাঘৰবোৰত তাৰ কঠিয়া ৰোপন হয়!...

এগৰাকী এগৰাকীকৈ ৰুমমেট সকল নিজৰ জীৱনৰ দিশলৈ গুছি যোৱাৰ পাছত ভাৰাঘৰটোত মই কিছুদিন অকলশৰীয়া হৈ পৰিলো- ভাৰাৰ পৰিমাণ বাঢ়িল- মা ই ক’লে- ‘ঘৰৰ ছোৱালী ঘৰলৈ আহ৷ ওচৰৰে কলেজ   নহ’লে স্কুলত পঢ়াবিহি৷ অৱসৰ ল’লো যেতিয়া ভাৰাঘৰত পইচা দিবলৈ আমাৰ সামৰ্থ নাই! ভনিয়েৰৰ কথাও ভাবিব লাগিব!’

মই দুদুল্যমান হ’লো!সঁচাই উভটি যামগৈ?

        বা সেইসময়ত মোৰ কাষত থিয় হ’লহি৷ কটন কলেজৰ চাকৰিটো হোৱাৰ আগলৈকে প্ৰায় দুইবছৰ বা ই মোৰ ভাৰাঘৰৰ ভাৰা দি থাকিল৷ নিজে চলিবলৈ মই টিউশ্যন কৰা আৰম্ভ কৰিলো… 

     কটন কলেজত চাকৰি আৰম্ভ কৰাৰ তিনিমাহ পাছত মাৰ অসুখ ধৰা পৰিছিল৷ চিকিৎসাৰ বাবে মা গুৱাহাটীলৈ অহাটো দৰকাৰী হৈ পৰিল ৷নিজে গঢ়া সপোনৰ বিশাল ঘৰটো উদং কৰি মা- দেউতা ভাৰাঘৰ পালেহি..

        মোৰ বাবে ভাৰাঘৰটো ঘৰ হৈ পৰিল!ভাৰাঘৰৰ কমদামী আচবাৱৰ মাজতো নিজকে বৰ ধনী মানুহ যেন লাগিছিল- মই যে পুৱা গধূলি মা-দেউতাক লগ পাই থাকিছিলো!

        দুখুটলীয়া ঘৰটোত মাই বৰ অসহজ অনুভৱ কৰিছিল৷ চোতালখনে মাক আমনি কৰিবলৈ লৈছিল৷ সন্ধিয়া হ’লেই চিৰিটোৰ কাষতে বহি মা আৰু কুন্তল বাইদেৱে (তেওলোকো আমাৰ ঘৰত ভাৰা আছিল- কিন্তু সেই সম্পৰ্ক যে ভাৰাৰ পৰা ওলাই আহি নিজৰ হৈ পৰিছিল!) বহি বহি আমাৰ খেলা চাই থাকিছিল!.....পিচ চোতাল, বাৰী- সকলোৱে মাক যেন মাতিহে আছিল! মাই ঘৰখন এৰি কৰবাত থাকিবলৈ যে খুব বেয়া পাইছিল! মাৰ খবৰ ল’বলৈ বা হঁত আহে৷ অকনমানি জুৰ আৰু জোঁৱাই হেমন্ত দাই ঠাইৰ অভাৱত মাটিত বিছনা পাৰি শুব লগীয়া হয়- মা ই নি:শব্দে কান্দে….

        কেম’ লৈ অহাৰ পাছত বাৰে বাৰে বমি আৰু পায়খান কৰিবলগীয়া হোৱাৰ সময়তো মায়ে কান্দিছিল- ভাৰাঘৰত বিছনাৰ ইমান কাষতে বাথৰুম! মাৰ ঘিন লাগিছিল! ‘মোৰ ভাল নালাগে….ভাল নালাগে…’ মাৰ অশান্তিত অসহায় অনুভৱ কৰিছিলো….নিজৰ ঘৰখনলৈ মনত পেলাইছিলো! লাহে লাহে মায়ে মানি ল’বলৈ আৰম্ভ কৰিছিল....চেক- আপৰ পাছত মা চেনীকুঠীৰ ভাৰাঘৰৰ পৰা ঘৰলৈ উভটিছিল—সেইদিনা, সঁজা বন্দী চৰায়ে মুক্তি পোৱাৰ দৰে মাৰ চকুহাল তিৰবিৰাই উঠিছিল…..

 

মা ই ঘৰত গৈ শান্তি পাইছিল

      
ভাৰাঘৰত আহি দেউতাই প্ৰায়ে অভাৱ অনুভৱ কৰিছিল জুহালটোৰ! শীতৰ দিনত ভাওনা-সৱাহ, মিটিং আদি নাথাকিলে দেউতাই জুহালৰ কাষত বহি থাকি আৰাম পাইছিল৷ তেনেকৈ বহি থাকি থাকিয়েই  দেউতাই চৌকাৰ জুইত ভাত ৰান্ধি পেলাইছিল৷ খৰিৰ ৰঙা আঙঠাত আলু, বিলাহী, বেঙেনা, গৰৈ মাছ- কত কি যে পোৰা  নগৈছিল! মনত পৰিলে এতিয়াও জিভাৰ পানী পৰে- গেছত পুৰিলে সেই মাদকতা যে পোৱা নাযায়!কেৱল চেলেং চাদৰ লৈ জুইৰ কাষত বহি শীত পাৰ কৰা দেউতাই চহৰৰ ভাৰাঘৰত আহি হিটাৰ আৰু এদম কাপোৰৰ ‘টোপোলা’ এটা পিন্ধিবলৈ  বৰ অশান্তি পাইছিল৷

 

পৰিপূৰ্ণ ঘৰ

      
জুহাল বুলিলেই ডাঙৰ বৰমাৰ মুখখন মনলৈ আহে৷ যেতিয়াই বৰদেউতাৰ ঘৰলৈ যাও,  দেখো- বৰমাই জুহালৰ আগত বহি গৰম পানীৰ ডেকচিটোৰ সন্মুখত মূৰত হাত দি বহি থাকে৷!এতিয়াহে ভাব হয় - উতলা পানীখিনিৰ দৰেই সংসাৰৰ কত চিন্তাই চাগে তেওক আমনি কৰিছিল! তেতিয়া বুজিকে নাপালো! সৰুফুটিয়া, খিনমীন, মৰমীয়াল বৰমাজনীক আমি সেয়ে নাম দিছিলো– ‘চিন্তামণি’!বৰমা মানেই যেন পোৰা খৰিৰ ধোৱা আৰু ফুটছাঁইৰ এটা চিনাকী গোন্ধহে….খুব আপোন সেই গোন্ধ!..এতিয়া বৰমা নাই ৷ জুহালখন আছে! বৰমাৰ সেই ঠাই লৈছে তেওৰে সৰু বোৱাৰীয়ে…জুহালবোৰে এনেকৈয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কিজানী গতি কৰে….অৱশ্যে কিমান দিনলৈ জুহাল থাকিব- নাজানো! গেছ ষ্টোভৰ সুচলতাত জুহালো হয়তু স্বাভাৱিকভাৱেই অতীত হৈ পৰিব৷ কোনোবা ইউটি্উবাৰে অসমীয়া খাদ্য কেনেকৈ ৰান্ধিব লাগে সেয়া দেখুৱাবলৈ জুহালখন ব্যৱহাৰ কৰাৰ সুবাদতে জুহালকো ভৱিষ্যতে হয়তু ডিজিটেল ৰূপ এটাতহে দেখা পামগৈ! (আমাৰ ঘৰত সেইসময়ত গেছ আছিল যদিও তাৰ ব্যৱহাৰ বৰ সীমিত আাছিল…আলহি আহিলে লুচি বনাবলৈ আৰু মাৰ জেম বা লাড়ু বনোৱা কামতহে তাৰ সদব্যৱহাৰ হৈছিল!) জুহালৰ বাবে দৰকাৰী খৰি কটা কামটোও দেউতাৰ প্ৰয়োজনীয় কামৰ তালিকাৰে অংশ আাছিল৷ জুহাল নোহোৱা হৈ গ’লে বোধহয় খৰিকটীয়াৰ প্ৰাসংগিকতাও নোহোৱা হ’ব! নোহোৱা হ’ব- কোনোবা খৰিকটীয়াৰ ধাম ধাম শব্দত ৰৌদ্ৰোজ্জ্বল দুপৰীয়া  এটাৰ নিৰৱতা ভংগ হোৱাৰ কাহিনীবোৰো…..

মোৰ বাবে ভাৰাঘৰৰ সন্ধিয়া- নিশাবোৰ ভাল লগাহৈ আহিছিল ৷মা- দেউতা আছে , পিছলৈ তুনেও হোষ্টেলৰ পৰা আহি লগ হ’লহি….মাজে মাজে বাহঁতৰ আগমন….আস..য’ত বুকুৰ আপোন মানুহবোৰ আছে সেয়াই দেখুন ঘৰ হৈ পৰিছে…..

আৰু কলিয়াবৰৰ ঘৰটো? আামাৰ সোঁৱৰণত অভিমান কৰি যেন বাউলীহে হৈ পৰিল…স্মৃতিবোৰ সামৰি সামৰি ঘৰখনে যেন কেৱল ৱাল আৰু খুটাৰে সজ্জিত আকাৰ এটালৈ শীতল হবলৈ আৰম্ভহে কৰিছিল….

দেউতাৰ খেতি আৰু মাৰ কপাহৰ আগত বা আৰু মা

মা- দেউতা লগত থাকোতেও       কেতিয়াবা তথাপি মন গৈছিল -আমি গোটেইকেইটা যদি এনেকৈ নিজৰ ঘৰখনত থাকিব পাৰিলো হয়!খুব মন গৈছিল …..ব্যস্ততাবোৰৰ ফাকে ফাকেও ভাবিছিলো প্ৰায়ে- পাৰিমনে এদিনৰ বাবে হ’লেও একেলগে এনেদৰে থাকিব?

(উৎসৰ্গা: বা)         


                                   (ক্ৰমশ:)

 

 

Post a Comment

0 Comments