ঘৰ-ভাৰাঘৰ-ঘৰ (৩)

 "......ঘৰ ক'ত উত্তৰ দিবলৈ আজিৰ তাৰিখত ইমান যে কঠিন । কুটা কঢ়িয়াই কঢ়িয়াই মানুহবোৰে ঘৰবোৰ সাজে, কিন্তু ঘৰবোৰ ঘৰ হয়গৈ মানে তাত থাকিবলৈ মানুহবোৰ নথকা হয়। সোঁৱৰণীৰ বকপেৰাবোৰ সামৰি দেৱালে আগুৰা খালী ঠাই একোখনহঁত থাকি যায়।"- প্ৰথম খণ্ডটো পঢ়ি ৰয়েল গ্লৱেল ইউনিভাৰ্ছিটিৰ গণসংযোগ পাঠ্যক্ৰমৰ অধ্যাপিকা মনস্বিনী মহন্তই দিয়া মন্তব্যই মোক নিৰ্বাক কৰি তুলিছিল। 

হয়। হয়।

উদাসীন আমাৰ ঘৰ...

আমাৰ ঘৰখনো যেন দেৱালে আগুৰা খালী ঠাইলৈহে পৰ্যবেসিত হ'বলৈ আৰম্ভ কৰিছিল! 

      বা ই কৈছিল- "ঘৰৰ  এটা অংশ ঠিক ঠাক কৰি লৈ আমি তিনিওজনীয়ে মাজে মাজে একেলগে থকা কৰিম, দে।জুৰেও ককাকৰ ঘৰখনৰ কথা কৈ থাকে!

    নহ'ল। 

    আমি তিনিওজনীয়ে আৰু একেলগে থকাকৈ নিজৰ ঘৰখনলৈ যোৱা হৈ নুঠিলগৈ। যেতিয়া গৈছিলো; তেতিয়া এবাৰ মা নাছিল, দ্বিতীয়বাৰ দেউতা নাছিল আৰু শেষৰবাৰ- সৌ সিদিনা বা ৰ নিথৰ দেহাটোৱে আমাক লৈ গৈছিল - ক্ষণিকৰ বাবে!

    ঘৰখন তাই মাৰ নিছিনাকৈয়ে খুব ভাল পাইছিল।ঘৰটো ভাল কৰিব লাগে; উৱলি গৈছে; কাষৰ ঘৰ ৰ ভেটি ওখ হৈছে- ঘৰত পানী সোমাইছে- নষ্ট হৈ যাব ঘৰ; টিং সলাব লাগে; ৰং দিব লাগে- ....."- কত যে চিন্তা!ঘৰটোৱে তাইক মাতি থাকিছিল! তুন আৰু মই তাইৰ সঠিক সিদ্ধান্তত 'হয়', 'হয়'কৈ মূৰ দুপিওৱা মানুহ হে আছিলো!

'ঘৰ এখন থাকিও ঘৰ নথকাৰ বেদনা কি সেয়া তহঁতে কি বুজিবি?বিয়া হোৱা নাই নহয়; নুবুজিবি! নিজৰ ঘৰখনৰ আগেয়ে যাও- কিন্তু সোমাব নোৱাৰো! সেই দু:খ তহঁতে নুবুজিবি এতিয়া!বিয়া হোৱা ছোৱালীক সুধিবি মাকৰ ঘৰৰ  মোল কিমান! মোৰ মাকৰ ঘৰ থাকিও নাই!"

     বা ই কান্দিছিল কেতিয়াবা। আমাৰ ঘৰটো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে হোৱাত তাই নিজৰ ঘৰৰ সন্মুখৰেই পাৰ হৈ  কলিয়াবৰত আহ- যাহ কৰিব লগা হৈছিল- তেনেকৈয়ে মামা - বৰদেউতাৰ ঘৰলৈ গৈছিল-না:! আমি তেতিয়া তাইৰ কথা বুজি পোৱা নাছিলো! তাইৰ কথাখিনিক অযথা, অযুক্তিকৰ, stereotype আদি মন্তব্যৰে উৰাই দিছিলো! কেইদিনমানৰহে কথা!মা - দেউতাটো ঘৰলৈ যাবই! (মই ভুল আছিলো!)

     এতিয়া অৱশ্যে ঠিকেই বুজি পাইছো!গুৱাহাটীৰ পৰা গৈ থাকোতে ঘৰটোৰ সন্মুখৰে পাৰ হৈ গ'লেই মানুহ-ঘটনা আৰু সময়ে লুকা-ভাকু খেলিবলৈ লয়; ঘৰখন যেন এখন আয়নাহে হৈ পৰে! মই চাই যাও তাৰ ভিতৰত প্ৰতিফলিত সকলো মানুহৰ ছবিবোৰ! আস! উজাই অহা কান্দোনৰ স্ৰোতটোক সেপ ঢোকাৰ লগত আকৌ ভিতৰলৈ সোমোৱাই দিও-

     ঘৰ থাকিও আমাৰ যে  আজি ঘৰ নাই!

     যাও বুলিলেইটো যাবও নোৱাৰো!

     সময়ৰ কি যে নিৰ্দয়তা!

বাৰ কথাবোৰ শুনি চেনিকুঠিৰ ভাৰাঘৰত বহি মা আৰু দেউতাই চকুলো টুকিছিল!

সেইখন ঘৰৰ পৰা কম ৰাজকীয়ভাৱে বা ওলাই গৈছিল নে?

‍তাইৰ বিয়াখনত কতনো উথপ থপ হৈছিল! ঘৰৰ প্ৰথম বিয়া! সকলোৰে গা সাতখন আঠখন হৈছিল! ঘৰত ৰং দিয়া হৈছিল- দেইতাই তাইৰ নামৰ ডিমৰু জোপাৰ পৰাই তাইৰ লগত নিয়া বস্তুবোৰ সাজু কৰিছিল- বিছনাৰ পৰা বেলনালৈকে!

তাইৰ বিয়াত কত যে উপহাৰ!সোণ-ৰূপ, পাটৰ কাপোৰ বাদেই টি ভি, গডৰেজৰ আলমীৰাও উপহাৰ আহিল....তাইৰ বিয়াত বহুদিন আগৰে পৰা শুনি থকা ৱাচিং মেচিন নামৰ কাপোৰ ধোৱা মেচিনটোও তাইৰ লগত গৈছিল!কিমান যে ডাঙৰ পেণ্ডেল আছিল!মা - দেউতাৰ কত যে চিনাকী মানুহ! উদুলি মুদুলি পৰিবেশ আছিল সেয়া!

তাইৰ পাটৰ কাপোৰ /মান ধৰা কাপোৰ আদি কিনিবলৈ আমি শুৱালকুছি পাইছিলোগৈ! সহপাঠী, ভাতৃসম বিমানহঁতৰ ঘৰত ভাত খাই উভটি অহাৰ সময়তে হঠাতে হোৱা খটপ খটপ শব্দ এজাপত আমি দুয়োজনী উচাপ খাই উঠিলো- শিল বৰষুণ দিলে নেকি, বাৰু?

"নাই হে; তাঁতৰ শব্দ, মাকো মাৰিছে"।বৰদেউতাই (বিমানৰ দেউতাক) হাঁহি কোৱা কথা কেইটাত তধা লাগিলো- ইমানবোৰ মাকো মানুহে একেলগে মাৰেনে? 

:ইয়াত প্ৰত্যেকঘৰ মানুহৰে শাল আছে যে! 

বিমানৰ উত্তৰত ভেবেকা লাগিছিলো- সেই কথা বুজিলো বাৰু, কিন্তু এনে শব্দ! জাক জাক মাকো মৰাৰ সমদলৰ শব্দই সেইদিনা আমাৰ দুয়োজনীক বুজাই দিছিল- শুৱালকুছিক Manchester of East বুলি কিয় কোৱা হয়!

তাঁত ব'ব আমিও জানিছিলো। 

মা আছিল কাজী শিপিনি। "পুৱা উঠি সকলো কৰিও স্কুল যোৱাৰ আগত ইন্দুৱে এখন হ'লেও গামোছা উলিয়াই থৈ হে যাব!মোৰ ইমান ধৈৰ্য্যও নাছিল! সময়ো নাছিল! "- মামীয়ে কৈছিল এদিন

সেইজনী কাজী মায়ে ছোৱলীহঁতক তাঁত নিশিকাবনে?  কাষৰ পোনা বাইদেউহঁতৰ ঘৰত তাঁতবাতি লগালেই মাই আমাক পথিয়াই দিছিল।মেট্ৰিকৰ পাছতটো কথাই নাছিল! তিনিমাহৰ সেই break টোত ফুল বছা গামোছা বৈ উলিয়াবৰ কাৰণে মা ই কাঢ়া নিৰ্দেশনা জাৰী কৰিছিল!উলিয়াইছিলো বাৰু!

মোৰ অৱশ্যে বাতি কৰা কামটো আটাইতকৈ ভাল লাগিছিল। এটা মূৰৰ পৰা অানটো মূৰলৈ সূতাবোৰ কঢ়িয়াই নি আকৌ উভটি আহিলেই হ'ল! লগে লগে মাটিত পুটি লগোৱা উঘাবোৰে যে কেনে সুন্দৰকৈ ঘুৰি থাকে! যেন বিহু নাছৰ নাচনীয়েহে ঘূৰি ঘূৰি নাচি থাকে! বাতি কৰি শেষ হ'লে বৰমা-ভণ্টি বাইদেউহঁতেটো বাকীখনি কৰিবই!!বা-আইমনীবাই তাঁত শিকাৰ সময়ত মোৰ বাবে তাঁতবাতি মানেই যেন আছিল অফুৰন্ত খেলৰ উৎস!

এতিয়া খুব কম মানুহৰ ঘৰতহে আমাৰ তাত তাঁত আছে- প্ৰায় নাই! কেতিয়াবা ভাবিলে আচৰিত হও- বৰমাহঁতৰ ভাগৰ নালাগিছিলনে বাৰু? কোনোধৰণৰ সহায়কাৰী নোহোৱাকৈ ঘৰুৱা কামবোৰ কৰাৰ পাছতো এইবোৰ কাম কেনেকৈ কৰিছিল? খং নুঠিছিলনে? বিৰক্ত নহৈছিলনে?মোৰ শৈশৱত যি দুগৰাকী মানুহৰ ছাঁ পৰিছিল- মা আৰু মামী- দুয়ো শিক্ষয়িত্ৰী আছিল। ঘৰ-সমাজৰ কামবোৰ কৰাৰ পাছতো, খোজ কাঢ়ি কাঢ়িয়েই কামবোৰত ঘূৰি ফুৰাৰ পাছতো ইমান সময় ক'ৰ পৰা পাইছিল? কেনেকৈ হাঁহি হাঁহি ইমান কাম কৰিব পাৰিছিল?ঘৰবোৰত ইমান জেউতি কেনেকৈ উজলাইছিল? মোৰছোন কেতিয়াবা বৰ খং উঠি যায়! সহজেই বিৰক্ত হওঁ; ভাগৰ লাগে! সামাজিক ক্ষেত্ৰত সহনশীলতাৰ অভাৱ বুলি অভিযোগ কৰি থকাৰ সময়ত আচলতে ব্যক্তিগত জীৱনতো কৰবাত সহনশীলতাৰ অভাৱ হৈছে নেকি, বাৰু?

নাজানো। নাজানো।

উভটি চালে আজিকালি ভাব হয় ,ঘৰ বুলিলে আমাৰ গাওবোৰত কেৱল এখন ঘৰেই নাছিল। ঘৰ মানে যে এটা চুবুৰী- এখন গাঁও- এখন সমাজ- এটা সংস্কৃতি আছিল!

আমাৰ শৈশৱৰ অধিকাংশ সময় পাৰ হৈছিল কেই ফাৰলংমান মাত্ৰ দূৰৈত থক‍া মামাহঁতৰ ঘৰত। মামী যিহেতু ১০ নং নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰে শিক্ষয়িত্ৰী (পিছলৈ প্ৰধান শিক্ষয়িত্ৰী) আছিল সেয়েহে স্কুলৰ পৰা আমি পোনে পোনে মামাৰ ঘৰলৈকে গৈছিলো। বৰ শান্ত-শিষ্টকৈ নাযাও আক'! আটাইবোৰ ল'ৰা- ছোৱালীয়ে ৰাস্তাত ভৰিৰে ধূলি উৰুৱাই উৰুৱাইহে দৌৰো! সেইখিনি সময়ত আমি যোৱা পথৰ পিছফালেৰে সততে কোনো আহিব নোৱাৰিছিল- ধূলিৰ  বিশাল প্ৰলেপৰে যেন পাহাৰ এটাহে হৈ উঠে!


সোঁৱৰণী

বিৰতিৰ ঠিক সেই সময়ছোৱাতে কাজলহঁতৰ ধুনীয়া ঘৰটোৰ পৰা ৰেডিঅ'ত ভাঁহি আহিছিল 'জিলিকাব লুইতৰে পাৰ' গানটোৰ আৰম্ভনি খিনিৰ যন্ত্ৰ সংগীতৰ সুৰ এটা- বোধহয় আকাশবাণী  গুৱাহাটীৰ বিদ্যাৰ্থী অনুস্থানৰ Signature tune আছিল সেয়া!সুৰটো বাজি শেষ হোৱালৈ ৰৈছিলো ; শেষ হ'লে আমি আকৌ দৌৰ দিছিলো! বহুসময়ত স্কুলৰ পৰা ঘৰলৈ আহি আমাক বিচাৰি নাপাই মামীয়ে চলাথ কৰি ফুৰিব লগা হৈছিল! আমিবোৰে মামাহঁতৰ সন্মুখৰ ইলা খুড়ীহঁতৰ ঘৰৰ পাছফালে তামোল গছত ৰছী বান্ধি তাতে জোলনা ঝুলো নতুবা পথাৰৰ ফালে আগবাঢ়ি গৈ জানহঁতৰ (ৰঞ্জীত) ঘৰৰ খেৰনিত উঠি খেলি থাকিছিলো। কাৰোবাৰ ঘৰত কিবা খাইছিলো নে নাই সেয়া মনত নাই- কিন্তু খোৱাৰ নামত যে বাৰীৰ বগৰী, ৰবাব টেঙা, নেমু টেঙা আদি তহিলং কৰিছিলো সেয়া নিশ্চিত।

গাৱৰ মানুহবোৰেছোন একো নকৈছিল! পিছদিনা গ'লেও খেদি নিদিছিল; গালি-গালাজো নাপাৰিছিল (যি দুই এঘৰে বেয়াকৈ কৈছিল সেই  কেইঘৰলৈ নোযোৱা হৈছিলো বাৰু; কেতিয়াবা অাকৌ টিঙলৈ শিলগুটি নাইবা  মাটিৰ লডা দলিয়াইছিলো ক্ষোভ উজাৰিবলৈ!!) 

গাৱৰ ঘৰবোৰৰ প্ৰতিজন মানুহে প্ৰতিটো ল'ৰা-ছোৱালীৰ ঘৰ, সিহঁতৰ মাক-দেউতাক , মাহীয়েক-পেহীয়েক- সিহঁতৰ সম্পৰ্কৰ সম্পৰ্কবোৰ- সম্পৰ্কবোৰৰ সম্পৰ্কীয়সকলকো চিনি পাইছিল-জানিছিল!মাৰ মোমায়েকৰ গাৱৰ ছোৱালী এজনী ওচৰৰ গাও এখনলৈ বিয়া হৈ অহাত তেওঁলোকৰ ঘৰখন আমাৰ একেবাৰে নিজা মাহী/জেঠাইৰ ঘৰ যেন হৈ পৰিছিল! ঠিক তেনেদৰে, শিৱসাগৰলৈ যোৱা কোনোবা ওলালেই মাই জেঠাইৰ ছোৱালী দুজনীলৈ টোপোলা বান্ধিছিল!

এয়া অকল আমাৰ ঘৰৰে নহয়; সেই সময়ৰ প্ৰায়বোৰ ঘৰৰে /গাৱৰে এনে কাহিনীয়েই আছিল! ঘৰবোৰেও তেতিয়া কিজানী সুতা গাঠিছিল- ঠিক তাঁতৰ বাতি কৰাৰ দৰে! ইমূৰৰ পৰা সিমূৰলৈ; সিমূৰৰ পৰা ইমূৰলৈ; আকৌ ইমূৰৰ পৰা সিমূৰলৈ.....উঘাৰ দৰেই সমাজখন ঘূৰি থাকিছিল! সামাজিক মাধ্যমৰ যোগাযোগ নাথাকোতেও সকলো সামাজিক আছিল!

কলিয়াবৰৰ প্ৰখ্যাত ভঁৰালী নামঘৰলৈ যোৱাৰ দিনাও আমাৰ ঘৰত সেই বাতি কৰাৰ কাহিনীয়েই হৈছিল!প্ৰায় দুই কি মি দূৰৈৰ হাটবৰত ফ'ৰ জিৰ চেভেন গাড়ীৰ পৰা নামি বাকী যিমান মানুহ যাও সিহঁত সকলোৱে খোজ কাঢ়ি যোৱাৰ অন্তত ইলা খুড়ীৰ মাকৰ ঘৰত চাহ খাওগৈ! নতুবা মাৰ বিদ্যালয়ৰ অফিচৰ গজেন দাৰ ঘৰত (সকলোৰে স্কুলত তেখেতক সেই সম্বোধনৰে মাতিছিল) গৈ ভাত-চাহ খাইছিলোগৈ!

এতিয়া ভাবিলে আচৰিত লাগে - কেনে সেই ভালপোৱা আৰু আপোনত্বৰ দাবী আছিল! 'বেয়া পাব নেকি বাৰু?"- জাতীয় কথাবোৰছোন নাহিছিলেই!

" এতিয়া আৰু সেই দিন নাই,অ'! গাওবোৰ বহুত সলনি হৈ গ'ল! "- বাছাই দু:খ কৰে

: সেয়াটো হ'বই ; পৰিবৰ্তনেই যে জগতৰ নিয়ম! আমিবোৰ জানো সলনি হোৱা নাই! - মই কও তাক

: নহয় অ'। ভাবিলে বৰ বেজাৰ লাগে কেতিয়াবা

গাৱত থকা বাছাই কেতিয়াবা কয়। 

ঘৰবোৰ সঁচাই সলনি হৈছে নেকি বাৰু?

আৰু আত্মীয়তাবোৰ?

মহানগৰীৰ ভাৰাঘৰত আহিও মই সেই পুৰণা  ধৰণৰ আত্মীয়তা বিচাৰি পোৱা নাছিলোনে?

Post a Comment

0 Comments