সাধাৰণতে এনে ক্ষেত্ৰত ভাৰাঘৰৰ মালিকে মানুহ বাঢ়িলে পানীৰ সমস্যাকে ধৰি আন আন সৰু- সুৰা অজুহাত দেখুৱাই 'খেচখেচাই' বুলি শুনিছিলো; সেয়ে দীঘলীয়া সময়ৰ বাবে মা-দেউতা থাকিবলগীয়া হ'ব পাৰে বুলি আণ্টিক ক'বলৈ মই অলপ দ্বিধাগ্ৰস্ত হৈছিলো।
মা-দেউতাৰ সৈতে ভাৰাঘৰত তুন |
মোক সকাহ দি আন্টিয়ে একে আষাৰে কৈছিল-
:কি কথা কোৱা, ভাৰতী! মা দেউতা তোমাৰ লগত নাথাকি কাৰ লগত থাকিব? আমাৰ কিয় আপত্তি থাকিব বাৰু? এস!কি যে কোৱা তুমি!
আণ্টিৰ কথাখিনিত মোৰ চকুলো ওলাব খুজিছিল! আন্তৰিকতাৰ মাতষাৰ মোৰ বাবে সাহস হৈছিল!
দিনত মই কলেজলৈ যাও। তাৰ আগেয়ে পুৱা ঘৰ দুৱাৰ পৰিস্কাৰ কৰি মাৰ যতন লও। Dressing কৰা,গা -ধোওৱা, দিনটোৰ বাবে মাৰ ঔষধ-লাগতিয়াল সামগ্ৰী জোগাৰ কৰি মা ক দিনটোৰ বাবে সাজু কৰি থৈ যাও। দেউতা- মা দিনটোত ইজন সিজনৰ সংগী হৈ ৰয়।
বন্ধ কোঠা--অচিনাকী মহানগৰ।
পৰিচিত হুলস্থুলীয়া গাওখনৰ পৰিৱৰ্তে অতি নিজন ভাৰাঘৰৰ পৰিবেশ।
'খুড়াদেউ, কি কৰিছে?', 'খুড়ী, ভালনে', জাতীয় আপোন আপোন গাৱলীয়া নিভাজ মাতষাৰৰ সন্ধানত যেন দুটি আত্মাই ধৰফৰাবলৈহে ধৰিছিল!
মোৰ অনুপস্থিতিৰ সময়খিনিত ঘৰখন আৰু গাওখনে তেওলোকক বৰকৈ আমনি কৰিবলৈ ধৰিছিল।
মাৰ পৃথিৱীখন অৱশ্যে স্বাভাৱিকভাৱেই পৃথক আছিল। বন্ধ বাৰবোৰ অথবা সন্ধিয়া কেতিয়াবা পুতলি পেহী আহিছিল। পুতলি পেহীক মানুহে 'লেঙেৰী পুতলি' কৈছিল- কাৰণ তেওঁৰ এখন ভৰি চুটি আছিল।এতিয়া প্ৰায়ে ভাৱ হয়- গাৱৰ সমাজখন নিৰিহ মহিলা গৰাকীৰ প্ৰতি বৰ অসংবেদনশীল আছিল; অথচ সেই সময়ত সেয়াই স্বাভাৱিক আছিল!পুতলি পেহীয়ে মাক খুব ভাল পাইছিল; মায়েও তেওক বৰ অাদৰ সাদৰ কৰিছিল। পেহী আছিল মাৰ তথ্যকোষ। গাওখনৰ ক'ত কি কৈছিল তামোলৰ বটা আগত লৈ দুয়ো মচগুল হৈ পৰিছিল। আইজনী বাইদেউহঁত মা তকৈ বহু সৰু আছিল যদিও মাৰ নিজৰ ভনীৰ দৰে আছিল।আইজনী বাইদেউ আমাৰ অঞ্চলটোৰ প্ৰথম পি এইচ ডি। চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে এতিয়া অৱসৰ লোৱা আইজনী বাইদেউৰ উৎসাহতে মা আৰু দেউতাই নব্বৈৰ দশকত দূৰৱৰ্তী শিক্ষাৰে অসমীয়াত এম এ পাছ কৰিছিল। ভন্টি বাইদেৱে অসম সচিবালয়ত কাম কৰে তেতিয়া। তেওঁলোকৰ সৈতে সম্পৰ্কৰ সুতাডাল আপোনতকৈও আপোন আছিল। সন্ধিয়া প্ৰায়ে আমাৰ অহা-চোৱা চলিছিল...আমাৰ ঘৰখনৰ পৰিবেশ আৰু বহু গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে আইজনী বাইদেউ-ভণ্টি বাইদেউযেন আছিল মাৰ আত্মিক আশ্ৰয়ৰ স্থানহে!
আবেগ আৰু যুক্তিৰ গধুৰ উশাহবোৰে সেইসময়ত কেৱল কাঁহিখনত খুন্দা খাই খাই উফৰি উফৰি পৰি নোহোৱা হৈ গৈছিল....আজিও বুজি নাই পোৱা জীৱনৰ এই গূঢ় ৰহস্য! সৎ-অসৎ, ভাল-বেয়াৰ নেৰেটিভৰ সুদুত্তৰ যে মই আজিও বিচাৰি পোৱা নাই! বিজ্ঞান আৰু বিশ্বাসৰ চিৰাচৰিত দ্বন্দৰে তেতিয়া শেষ হৈ যায় আৰু এটা নিশা....
মা- দেউতা দুয়ো যিহেতু চাকৰি কৰিছিল সেয়ে আবেলিৰ পৰাহে আমাৰ ঘৰখন প্ৰাণৱন্ত হৈ থাকিছিল। দেউতা সমাজকৰ্মী আছিল; সেয়ে প্ৰায়ে সমাজখনে আমাৰ ঘৰলৈও অহা-যোৱা কৰিছিল। এই সমাজখন আপোন আছিল।
সোনটি খুড়া (কমল দাস) আছিল আমাৰ ঘৰৰ অতিথি হৈও অভিন্ন ব্যক্তি। আমাৰ পৰা মাত্ৰ কেইঘৰমান আতৰৰ সাহিত্যপ্ৰেমী খুড়া দেউতাৰ বাবে আপোন ভাতৃসম আছিল। 'নবৌ' বুলি মাক সম্বোধন কৰা সাদৰী মাতষাৰ এতিয়াও কেতিয়াবা মোৰ কাণত বাজি উঠে!খুড়াই কবিতা লিখিছিল; প্ৰায়ে তেওলোক সাহিত্যসভাৰ কামত ব্যস্ত থাকিছিল। গুৱাহাটীৰ পৰা যোৱা নৰেন খুড়াই (অসম চৰকাৰৰ তেতিয়া বিত্ত বিভাগৰ বিষয়া আছিল) নাটকৰ কথাত ; গাৱৰে তোষ খুড়াই (খুড়া আছিল নগাও কন্যা মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ বিষয়া) একেলগে নামঘৰ , হাজাৰ সমিতি, ভাওনা আদিৰ কথা পাতিছিল- মুঠতে আমাৰ ঘৰৰ আবেলি-সন্ধিয়াবোৰ মুখৰ হৈ থাকিছিল- সাহিত্য-সংস্কৃতিয়ে চৰাঘৰ শুৱনি কৰি ৰাখিছিল।
ঘৰখন |
গেৰেলা বৰতাৰ (কি যে বেয়া সম্বোধন আছিল সেয়া!) ঘৰৰ বৰমাই পথাৰ সিঁচিলেই মাছ লৈ আহিছিল ; আন কেতিয়াবা হাঁহ- পাৰও আনি কাটি বাছি দি থৈ গৈছিল। আৰু যে কত জন কতভাৱে ঘৰখনৰ সৈতে জড়িত হৈ পৰিছিল!
চেনীকুঠীৰ ভাৰাঘৰত মা-দেউতা দুয়োজনে তেওঁলোকৰ প্ৰাণৰ মানুহবোৰক মনত পেলাই চকু সেমেকা কৰিছিল!সেইখন সমাজৰ অভাৱত হাবিৰ পৰা উলিয়াই অনা হৰিণীজনীৰ দৰেই তেওলোকে চটফটাই থাকিছিল!
কলেজৰ পৰা মোৰ অহা দেৰি হ'লেই মাই উচপিচ কৰে। সঘন ফোন আৰম্ভ হয়- মা অস্থিৰ হৈ পৰে- মা ৰ ভাষাত, মই হেনো মাৰ দুচকু-দুভৰি ! মোৰ জৰিয়তে হেনো মাই পৃথিৱীখন চায়-খবৰ লয়।ক্ৰমশ: মা যেন এটি সৰু শিশুলৈহে ৰূপান্তৰিত হৈছিল!
কটন কলেজৰ সেই অস্থায়ী চাকৰিৰ সময়ছোৱাত প্ৰায়ে উভটি আহোতে মোৰ সাতটা বাজে! ইমান কাম! ইমান ব্যস্ত তা! (সেই অনুসৰি অৱশ্যে দৰমহা নাছিল! অস্থায়ী চাকৰিৰ স্থায়ী নিয়ম!!)
মোলৈ ৰৈ ৰৈ ভাগৰ লাগিলে মাৰ কেতিয়াবা খং উঠে!
: ইমান দেৰি কিয় কৰিলি? -মাই প্ৰশ্ন কৰে
কেতিয়াবা ভাগৰত; আন কেতিয়াবা অস্থায়ী চাকৰিয়ে জন্ম দিয়া হতাশা আৰু অস্থিৰতাৰ বাবেই নে ....নে পুৱাৰ পৰা ৰাতিলৈ কৰা বিৰামহীন পৰিশ্ৰমৰ ক্লান্তিত নাজানো- কেতিয়াবা ময়ো মাক খঙতে উত্তৰ দিছিলো!তেতিয়া ভাবিছিলো, মায়ে মোক বুজিয়েই নাপাই অকনো-কেৱল খং কৰে!
উস!!
বৰ ভুল কৰিছিলো মই! বৰ ভুল কৰিছিলো!
এতিয়া যে ভাবিলেই মোৰ বুকুখন মোচৰ খাই উঠে!শৰীৰৰ যন্ত্ৰনাই মাক চাগে কিমান কষ্ট দিছিল!দেহি! সেই সময়খিনিত কেতিয়াবা মই কেনেকৈ মাক কৰ্কশ সুৰত কথা ক'ব পাৰিলো? কিয় সংযত কৰিব নোৱাৰিলো নিজক! ক'ত গ'ল মোৰ ধৈৰ্য? মই বৰ ভুল কৰিছিলো! অপৰাধবোধ হয় পিছমুহুৰ্ততে! চকুপানী ওলায়! অপৰাধবোধৰ চকুপানীখিনি মাৰ বুকুতে সামৰো! মাই নিৰৱে মূৰত হাত বুলায়- কেতিয়াবা মায়ো উচুপে!
আজিকালি সেই 'মই'জনীলৈও মোৰ দয়া উপজে! অভিজ্ঞতাই বুজাইছে, ৰোগীৰ সমান নহ'লেও ৰোগীৰ পৰিচৰ্যাকাৰীৰো অপৰিসীম কষ্ট হয়। তেওলোককো alternative ৰ দৰকাৰ হয় কেতিয়াবা; আন কেতিয়াবা councelling ৰ দৰকাৰ হৈ পৰে ! প্ৰয়োজন হয় পৰিয়ালৰ সকলোৰে মৰম, ভালপোৱা আৰু বুজাবুজিৰ। ৰোগীৰ দৰে কেতিয়াবা যে পৰিচৰ্যাকাৰীও খিংখিঙিয়া হৈ পৰে!
তথাপিও যে মই সৌভাগ্যৱান আছিলো- ভাৰাঘৰৰ সেই দুখোটালিত মই মা-দেউতাক পাইছিলো....মাৰ ভাষাত তেওলোকৰ 'শ্ৰৱণ-কুমাৰ' যে হ'ব পাৰিছো! সৌ সিদিনা পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ চিনেমা Amour (2012) খন চাই থাকোতে মই যেন চৰিত্ৰ দুটাৰ মাজত মা-দেউতাকহে বিচাৰি পাইছিলো! সেই অসহায় চৰিত্ৰ দুটাৰ বিপৰীতে মা দেউতাৰ কাষত থাকিবলৈ পোৱাৰ পাছত ভাৰাঘৰটো যেন মোৰ বাবে ঘৰ হে হৈ পৰিছিল!
ঔষধৰ দাম, চিকিৎসাৰ ব্যয়ে আমাক ক্ৰমে আৰ্থিক টনাটনিৰ ওচৰ চপাইছিল। সাঁচতিয়া গাঠিৰ ধনবোৰ ভাঙিবলৈ ধৰিছিল দেউতাই। তেতিয়া আজিৰ দৰে টেলিভিছন বা অৰকূটৰ দৰে সামাজিক মাধ্যমত কোনোৱে চিকিৎসাৰ বাবে অৰ্থসাহায ্যও বিচৰা নাছিল। আমাৰ কোনো চিকিৎসা বীমাও নাছিল (আমি অজ্ঞ আছিলো!) । ফলত চিকিৎসাৰ ব্যয়ে আমাক মধ্যবিত্তৰ পৰা নিম্ন মধ্যবিত্ত বা তাতোকৈ তললৈ নিক্ষেপ কৰিছিল। আৰম্ভ হৈছিল ব্যয় সংকোচনৰ বাবে পাই পাই হিচাপ! খোজকাঢ়ি অথবা চিটি বাছেৰে অহা যোৱা কৰাৰ বাহিৰে আমি ৰিক্সাৰ কথাও ভাবিব পৰা নাছিলো! কেৱল মাক হচপিটাল নিয়াৰ সময়ত অটোৰিক্সাত গৈছিলো!কেম' লোৱাৰ পাছত মাক ফিজিঅ'থেৰাপি কৰিবলৈ দিছিল। দুদিনমান অহাৰ পাছত আমি তেওক সকলোখিনি শিকাই দিবলৈ ক'লো- মই আৰু দেউতাই মিলি কৰাম! মাহেকীয়া বাজেট যে নিমিলা হয়!
চৰকাৰী সাহায্যৰ 'মুখ্যমন্ত্ৰীৰ জীৱন জ্যোতি বীমা আঁচনি"ৰ বাবে আৱেদন কৰিলো। তেতিয়া অন লাইন সেৱা উপলব্ধ নাছিল। ত্ৰিশ হাজাৰ টকাৰ ফাইলটো 'ঘূৰিবৰ' বাবে ঘোচ দিব লাগে হেনো। অতি সৎ জীৱন যাপন কৰা দেউতাৰ বাবে সেয়া অপমান হেন অনুভৱ হৈছিল। পইচা দিয়াৰ সলনি দেউতাই তেওঁৰে একালৰ ছাত্ৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এজনৰ ওচৰলৈ গৈছিল- কিজানিবা সহায় পায়! মৃন্ময় মূৰ্তিৰ দৰে বহি থকা নেতাজনে পিছে মুখৰে টু শব্দ এটাও নকৰিলে! বাছত তলমূৰকৈ আহি থকা দেউতাৰ অসহায় মুখ খন মই চাব পৰা নাছিলো! সেয়াই আৰ্থিক সহায়ৰ বাবে আমাৰ প্ৰথম আৰু শেষ অাবেদন আছিল!
কেৱল আমাৰে নহয়- মুম্বাইত/ বি বৰুৱা কেন্সাৰ হচপিটালত লগ পোৱা প্ৰায় সকল ৰোগীৰে (কিছু সৌভাগ্যবান ব্যক্তিক বাদ দি) এনে হৈছিল। এটা সময়ত সঞ্চিত ধনৰ পৰিমান কমি কমি গৈ আপোনজনক বচাবৰ বাবে ঘৰ মাটি বেচিব লগাও পৰিস্থিতিৰ সৃষ্টি হয়গৈ! আমাৰ দেশত যে ৰোগেও মানুহক দৰিদ্ৰ কৰি তোলে!তেতিয়া চিনাকী অচিনাকী হয়...অচিনাকী চিনাকী হয়...তেনেসময়ত কেতিয়াবা কুটুমেও খবৰ ল'বলৈ পাহৰে!
আজিকালি সেয়ে কোনো ৰোগীৰ খবৰ ল'বলৈ গ'লে মই মোৰ মতে কোনো ফলমূল বা বস্তু নিনিও। সামান্য হ'লেও সেই পৰিমানৰ আৰ্থিক সহায়কে আগবঢ়াবৰ যত্ন কৰো। মই ক'ব পাৰো সেই সময়ত দহ টকা এটাৰ বাবেও যে কিমান হাহাকাৰ কৰিব লগীয়া হ'বলগীয়া হয়!
সেই সময়ত জীৱনৰ কিছুমান দৰ্শনৰ দোমোজাই বাকৰূদ্ধ কৰি পেলাইছিল মোক। কিয় আমাৰ জীৱনে এনে গতি ল'লে?ভাল কৰ্মৰ ফল যদি ভালেই হয় তেনেহ'লে মা-দেউতাৰ দৰে সততাৰ জীৱন আকোৱালী লোৱা, লোক হিতৰ বাবে অহৰহ কাম কৰা মানুহৰ জীৱনত কিয় এনে হ'ল? দেউতাৰ অগাধ বিশ্বাসৰ বিপৰীতে ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি যেন মই সন্দিহান হ'বলৈহে আৰম্ভ কৰিছিলো! ঈশ্বৰ সত্বাটোৰ প্ৰতিও যেন মোৰ ক্ষোভহে পুঞ্জীভূত হ'বলৈ ধৰিছিল!
আবেগ আৰু যুক্তিৰ গধুৰ উশাহবোৰে সেইসময়ত কেৱল কাঁহিখনত খুন্দা খাই খাই উফৰি উফৰি পৰি নোহোৱা হৈ গৈছিল....আজিও বুজি নাই পোৱা জীৱনৰ এই গূঢ় ৰহস্য! সৎ-অসৎ, ভাল-বেয়াৰ নেৰেটিভৰ সুদুত্তৰ যে মই আজিও বিচাৰি পোৱা নাই! বিজ্ঞান আৰু বিশ্বাসৰ চিৰাচৰিত দ্বন্দৰে তেতিয়া শেষ হৈ যায় আৰু এটা নিশা....
+++++
(উৎসৰ্গা: বা)
ক্ৰমশ:
0 Comments