আমেৰিকাৰ দৰে শক্তিশালী দেশ এখনৰ ৰাষ্ট্ৰপতি এজনে (ৰিচা্ৰ্ড নিক্সন) পদত্যাগ কৰিবলগীয়া হোৱাৰ দৰে অভূতপূৰ্ব ঘটনাটো ঘটাৰ মূল কাৰণ আছিল The Washington Post নামৰ কাকতখনে সত্তৰৰ দশকত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা এটা অনুসন্ধানমূলক ৰাজনৈতিক বাতৰি - The Watergate Scandal. সাংবাদিকদ্বয় কাৰ্ল বাৰ্নষ্টেইন আৰু বব উডৱা্ৰডে 1972 চনত দেশখনৰ ডেম'ক্ৰেতিক দলৰ কাৰ্যালয়ত সংঘটিত এটা চুৰি ঘটনাৰ পম খেদি খেদি যাওতে ই এটা ঐতিহাসিক ৰাজনৈতিক বাতৰিত পৰিণত হয় আৰু শেষত দেশখনৰ সেই সময়ৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলৈ বাধ্য হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।
ঘটনাৰ মেৰপেচৰ সৈতে জড়িত থকা অতি গোপন আৰু সংবেদনশীল চৰকাৰী তথ্য সমূহ সাংবাদিক দুজনক যোগান ধৰিছিল FBI ৰ এজন উচ্চপদস্থ চৰকাৰী বিষয়াই। কিন্তু তেওৰ পৰিচয় প্ৰকাশ নকৰি উৎসৰ নাম দিয়া হ'ল Deep Throat. ঘটনাৰ প্ৰায় ত্ৰিশ বছৰৰ পাছতো গোপনে আছিল Deep Throat ৰ সবিশেষ। উৎসৰ (News Source) গোপনীয়তা ৰক্ষা কৰা, উৎসৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব ৰখা, উৎসৰ বাতৰিত তেওৰ নাম- পৰিচয় প্ৰকাশ নকৰিবলৈ অনুৰুধ কৰিলে সেয়া সন্মান জনোৱা আদি গুৰুত্বপূৰ্ণ দায়বদ্ধতা কেনেকৈ মানি চলিব লাগে, সেয়া বুজিবলৈকে আৰু investigative journalism ৰ কথা ক'বলৈ যাওতে, পৃথিৱীৰ সাংবাদিকতাৰ পাঠ্যক্ৰম সমূহত Watergate Scandal পঢ়োৱা হয়। Deep Throat ৰ সন্ধানত আমেৰিকাত কত যে লেখা, কিতাপ, চিনেমাই প্ৰস্তুত নহ'ল! তথাপি Deep Throat য়ে নিজে নিবিচৰালৈকে, ২০০৫ চনলৈকে কোনেও গম পোৱা নাছিল যে তেও আমেৰিকাৰ চোৰাংচোৱা সংস্থা FBI ৰ প্ৰাক্তন উচ্চ পৰ্যায়ৰ বিষয়া মাৰ্ক ফেল্ট!
কেৱল যে সাংবাদিক দুজনেই এই কথা গোপন কৰিছিল তেনে নহয়,তেওলোকৰ অভিজ্ঞ, জেষ্ঠ সম্পাদক আৰু মালিকপক্ষও সাংবাদিক দুগৰাকীক সমৰ্থন জনাইছিল।
এসময়ৰ কটনৰ সাংবাদিকতাৰে ছাত্ৰী, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দু:খজনক সংবাদটোত জোনমণিৰ সমৰ্থনত কৈ থকা সাক্ষ্য বা অডিঅ' ৰেকৰ্ডৰ ব্যক্তিজনৰ পৰিচয় সংবাদ মাধ্যমে প্ৰকাশ কৰোতে Deep Throat লৈ মনত পেলাইছিলো! এইকেইজনো যে Deep Throat হোৱা উচিত আছিল! এওলোকৰ সত্যাসত্যৰো পৰীক্ষা কৰি নিশ্চিত হৈ ল'ব লাগিছিল। তাৰপাছতো যদি উৎসই গোপন নাথাকিল ; উৎসৰেই যদি সুৰক্ষা নাথাকিল তেনেহ'লে নিজৰ আৰু পৰিয়ালৰ নিৰাপত্ত্াৰ খাতিৰত উৎসৰ ভাষ্য সলনি হোৱাটো নিতান্তই স্বাভাৱিক ; দৰ্শক বিভ্ৰান্ত হোৱাটো ও সাধাৰণ কথা। (মন কৰিবলগীয়া যে, টেলিফোনৰ বাৰ্তালাপত আৰক্ষীৰ ব্যক্তিজনে তেওৰ গোপনীয়তা বজায় ৰাখিবলৈ অনুৰুধো জনাইছিল!)
তদুপৰি, উৎস যদি চাকৰিয়াল ব্যক্তি হ'য় তেনেহ'লে কথা আৰু বিষম। Wistleblower বুলি অভিহিত এনে উৎসই Official Secret Act ৰ অধীনত আইনগত ভাৱে প্ৰতিষ্ঠানৰ গোপনীয়তা ভংগৰ অভিযোগত কঠোৰ শাস্তিও পাব পাৰে; আনবোৰ আইনৰ কথা বাৰু নকলোৱেই!
সেয়েহে সংবেদনশীল বাতৰি পৰিবেশনত অনুসন্ধানৰ গতি অব্যাহত ৰাখিও উৎসক সুৰক্ষা দিয়াৰ বাবে Deep Throat দৰে ধাৰণাৰ সৃষ্টি কৰিব পৰা বিষয়টো সদায় প্ৰাসংগিক হৈ ৰ'ব।
(জোনমণি ৰাভাৰ অনুসন্ধানে সত্যক প্ৰতিষ্ঠা কৰিবলৈ যেন সক্ষম হয় !)
..............
0 Comments