শৈশৱৰে পৰা তৰ্ক, আলোচনা, বক্তৃতা, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰাৰ বাবে আমাৰ ঘৰত মা-দেউতাই এটা পৰিবেশ ৰচনা কৰি দিছিল। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি তিনিও বাই ভনীয়ে যোগ দিয়াৰ সুবিধা লাভ কৰিছিলো।
তৰ্ক কৰি ভাল লগা হৈছিল। ঠিক যেন এটা নিচা হৈ গৈছিল ; য'তেই যোগ দিয়া যায় এটা পুৰস্কাৰ প্ৰায়েই পাইছিলো!
এটা সময়ৰ পাছত এজন তাৰ্কিকে বুজি উঠে তেওৰ সবল আৰু দুৰ্বল দিশবোৰ। যি সকলে নিজৰ উত্তৰণ ঘটাব খোজে তেওলোকে নিৰন্তৰ এই সাধনা কৰি থাকে: পঢ়া শুনা কৰে; সাধাৰণ জ্ঞান বৃদ্ধি কৰে আৰু নিজৰ উপস্থাপন কৌশলৰ বিকাশৰ প্ৰয়াস কৰে।আমিও চেষ্টা চলালো!
আমাৰ সময় আৰু আজিৰ সময়ৰ তৰ্কৰ মাজত অৱশ্যে বহু তফাৎ আছে। আজিৰ পৰা প্ৰায় বিশ বছৰ আগেয়ে পুৰস্কাৰবোৰত পইছা সিমান পোৱা নগৈছিল; certificate, নাম -যশখিনি পইছাতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল। আজিৰ তাৰিখত বাকী দুটা উপাদেয়ৰ সৈতে অৰ্থও সংলগ্ন হোৱাত তৰ্ক প্ৰতিযোগিতাৰ মূল্য বাঢ়িছে যদিও কৰবাত অনুভৱ হয়: প্ৰতিযোগীসকলৰ বৌদ্ধিক সচেতনতা যেন হ্ৰাস পাইছে! সহজলভ্য ইন্টাৰনেটৰ তথ্য নিৰ্ভৰ হৈ স্বকীয় বিশ্লেষণৰ প্ৰতিভা যেন হ্ৰাস পাইছে!
বৌদ্ধিক প্ৰকৌশলৰ পৰিবৰ্তে প্ৰতিযোগীসকলে অযথা চিঞৰ বাখৰ আৰু aggressiveness ক হে যেন দৰকাৰী উপাদান বুলি ধাৰণা কৰিবলৈ লৈছে!যুক্তিৰ খাতিৰত যুক্তি হৈ তাৰ্কিকৰ সন্মোহনী ব্যক্তিসত্বা যেন নিস্তেজ হৈছে ক্ষণিক! কেতিয়াবা তেনে ভাৱ হয়!
তাৰ্কিক আছিলো; পুৰস্কাৰ বুটলিছিলো; সৌভাগ্যবশত: বিশ্ব বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিবলৈ মই, দেৱাশিষ আৰু ৰ'জী ৰানী শৰ্মাৰ সৈতে ৰাভা ছাৰৰ নেতৃত্বত চণ্ডিগড় যাবলৈ সুবিধাও পাইছিলো!
তাৰ পিছত আহিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।
জনপ্ৰিয় আলোচনী 'বিস্ময়'ৰ নিয়মীয়া লেখিকা, গান গোৱা ছোৱালী আৰু আন কিবা কিবি দৰকাৰী অৰ্হতা কেইটামান (?) থকাৰ সুবাবদ AT 3 হোষ্টেলে মোক নিৰ্বাচনত উঠোৱাৰ সিদ্ধান্ত লৈছিল। মই আত্মবিশ্বাসী নাছিলো। ভয় খাইছিলো!
সাধাৰণ গাৱৰ ছোৱালী মই! মহানগৰৰ চিকমিকনিলৈ ভয় লাগিছিল; ৰীতা চৌধুৰী বাইদেউৰ 'পপীয়া তৰাৰ সাধুৰ' নায়িকাই যেন মোক বাৰে বাৰে সোঁৱৰাই দিছিল ভয় লগা চহৰীয়া মানুহৰ আমি নিচিনা ৰংবোৰৰ কথা!
জেষ্ঠ ভাতৃ সদৃশ মণি দা আগবাঢ়ি আহিছিল। বা ৰ সৈতে কথা পাতিছিল: বা ক তেও ভৰসা দিছিল: আপুনি চিন্তা নকৰিব , মই অাছো।
কলিয়াবৰৰ ভণিয়েকজনীৰ কাষত মণি দা সকলো সময়ত থিয় দি ৰ'ল।
বিনা প্ৰতিদ্বণ্ডিতাৰে মই তৰ্ক আৰু আলোচনা সম্পাদিকা নিৰ্বাচিত হৈছিলো!তাৰ্কিকৰ পৰা তৰ্ক আৰু আলোচনা সম্পাদক। লগত আছিল হোষ্টেলৰে ছাত্ৰী জিৰণি কোঠাৰ বিজয়ী সম্পাদিকা জোনালী। সাধাৰণ সম্পাদক আছিল মোৰ একে বিভাগৰে (তেতিয়া প্ৰাণী বিজ্ঞানৰ ছাত্ৰী অাছিলো। ) বিশ্ব (এতিয়া বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান)।বিভাগীয় তত্বাৱধায়ক শ্ৰদ্ধাৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত ছাৰৰ অধীনত কাম শিকাৰ সুযোগ লাভ কৰিলো।
সম্পাদক ৰূপে😊 |
তাৰ পাছত, স্বাভাৱিকভাৱেই কত যে ঘটনা- পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল বিশ্ববিদ্যালয়ৰ গছ লতাবোৰ...কত জনে কত ধৰণেৰে যে মোক সহায় কৰিলেহি! ভূপেন, দিগন্তদা, বিমান দা হঁতৰ সহায়ৰ ঋণী হৈ থাকিলো আজীৱন। কিমানে যে ভাল পালে, কিমানে যে বেয়াও পালে!কত সম্পৰ্ক গঢ়িল আৰু কত যে হেৰাই গ'ল...বহু অৰাজনৈতিক আৰু ৰাজনৈতিক ঘটনাৰ মোট সলোৱা চেহেৰাই ৰাজনীতিৰ প্ৰতি মোৰ অনীহা সৃষ্টি কৰালে।মই বুজি উঠিলো, ৰাজনীতি মোৰ বিষয় কাহানিও নাছিল আৰু নহয়! কিতাপৰ পৃথিৱীখনে মোক দুনাই হাত বাউল দিছিল।
ক্ৰমশ: মই এই পথাৰখনৰ পৰা দূৰত্ব বজাবলৈ আৰম্ভ কৰিছিলো...আৰু জীৱনৰ সোঁতৰ তাগিদা তথা নিজা পছন্দৰে মই সানন্দে মোৰ পুৰণা পথলৈ উভতি আহিলো- বহু অভিজ্ঞতা আৰু মিঠা সোঁৱৰণিৰে সৈতে...
শিক্ষকতাৰ জীৱন আৰম্ভ কৰাৰ পাছত মাজে মাজে তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক নোহোৱা নহয় বাৰু!
বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰাৰ পাছতো মই নিৰ্লিপ্ত আৰু সুপ্ত হৈ ৰ'লো!
পিছে নিজা ক্ষেত্ৰখনে মানুহক সহজে এৰা দিয়েনে? যোৱাবছৰ তৰ্কৰ জগতখনৰ শিক্ষক সদস্য হিচাপে পুণৰ জড়িত হ'লো! আৰু অতি শেহতীয়াকৈ, বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিব ড০ জগদীশ শৰ্মা ডাঙৰীয়াৰ স্বাক্ষৰেৰে নিৰ্দেশ আহিল তৰ্ক আৰু আলোচনা বিভাগৰ শিক্ষক তত্বাৱধায়ক হোৱাৰ দায়িত্ব পালন কৰিব লাগে!
এই বছৰৰ সম্পাদিকা বৰসা আৰু বিচাৰকমণ্ডলীৰ সৈতে তত্বাৱধায়ক হিচাপে |
আৰম্ভ হৈছে বিশ্ব বিদ্যালয় সপ্তাহ ২০২৪।উগুল থুগুল পৰিৱেশ। তৰ্ক আৰু আলোচনা বিভাগৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত হৈ ৰোৱা সম্পাদক বৰষা বৰগোহাঁঞিলৈ চাই চাই ভাৱিছো মাথো-এটা যেন পৰিক্ৰমাহে মই সম্পূৰ্ণ কৰিলো!
কিন্তু এতিয়াও সেই একেই ভয়! পাৰিমনে মই? দায়িত্ব পালন কৰা সহজ হয়নে!
0 Comments