আজিৰ তাৰিখত এইটো এটা খুব সাংঘাটিক ডাঙৰ প্ৰশ্ন হৈ থকা নাই। সাধাৰণভাৱেএইটো contextual ভিত্তিক প্ৰশ্নহে হৈ পৰিছে।কোনো এটা বাতৰি বা গণসংযোগৰ কোনো এটা তথ্য অনুসন্ধান কৰিবলৈ, ৰাজনৈতিক ,স্বাস্থ্য, বানিজ্য নতুবা যিকোনো সামগ্ৰীৰ জৰীপ চলোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে এইটো- আপুনি বাতৰি কাকত পঢ়েনে?
যদি পঢ়ে, কাকতৰ নাম সোধা যায়। যদি নপঢ়ে, তেনেহ'লে পিছৰ প্ৰশ্নটো হৈছে : যদি আপুনি বাতৰি কাকত নপঢ়ে তেনেহ'লে আপোনাৰ বাতৰিৰ উৎসসমূহ কি কি?লগত উত্তৰ সমূহত চাৰি বা পাচটালৈকে option দিবৰ যত্ন কৰা হয়।
অৰ্থাৎ, বাতৰি কাকত আজিৰ তাৰিখত বাতৰি বা তথ্যৰ একমাত্ৰ উৎস নহয়।
এই কথাটো পঢ়ুৱৈ, শ্ৰোতা, দৰ্শক বা গ্ৰাহক/ ক্ৰেতা (subscriber) ৰ লগতে গণ মাধ্যম সমূহে বুজি পায় বুলি আমি বিশ্বাস কৰো।
অসমৰ সন্মানীয় সাংবাদিক সুশান্ত তালুকদাৰ ডাঙৰীয়াই অলপতে এটা বিশ্লেষণাত্মক FB post আগবঢ়াইছে - তেখেতৰ এটা কথাত আমি সহমত যে আজিৰ প্ৰজন্মৰ বহুতেই বাতৰি কাকতৰ প্ৰিণ্ট কপি নপঢ়ে।কিন্তু তেওলোক সাময়িক ঘটনাৰ প্ৰতি সচেতন।
হয়। শ্ৰেণী সমূহত যদি আপুনি সোমায় বা এটা সাক্ষাৎকাৰত যদি সোধে, 'তুমি কোনখন বাতৰি কাকত নিয়মিয়াকৈ পঢ়া?' তেনেহ'লে আপুনি এটা নঞাৰ্থক উত্তৰ পাব। কিন্তু আপুনি যদি সোধে ,' অমুক বাতৰিটোৰ সম্পৰ্কত তোমাৰ মতামত কেনে?', তেনেহ'লে তেওঁলোকৰ প্ৰায় সমূহেই কেবাখনো কাকতৰ উদাহৰণসহ আপোনাক এটা সুন্দৰ উত্তৰ দি দিব পাৰে। তাৰমানে, বাতৰি কাকতৰ প্ৰিণ্ট কপিটো তথ্যৰ শেষ আধাৰ নহয়; সেয়া সত্য আছিল কেৱল আশীৰ দশকৰ বাবেহে ; কাৰণ সেই সময়ত, জনপ্ৰিয় মাধ্যম ৰেডিঅ'ৰ কথাবোৰ দুবাৰ নাবাজে আৰু টেলিভিশ্যন সকলোৰে বাবে সহজলভ্য নাছিল।
আশীৰ দশকৰ শেষৰফালৰ পৰা টি ভিৰ জনপ্ৰিয়তা, নবৈৰ দশকত ইণ্টাৰনেট আৰু একবিংশ শতিকাত ইউটিউব আৰু অন্যান্য সামাজিক মাধ্যমৰ দ্ৰুত বৃ্দ্ধিয়ে বাতৰিকাকতৰ 'বজাৰ'খন সংকোচিত কৰি পেলালে।
পঢ়ুৱৈৰ পৰিবৰ্তিত ৰুচি
পৃথিৱীজুৰি বাতৰিকাকত সমূহৰ প্ৰকাশক- সম্পাদক গোষ্ঠীসমূহে এই পৰিৱৰ্তনৰ উমান পাওতেই নিজক সলনি কৰিবৰ প্ৰয়াস কৰিলে। Online edition, digital version, app আদিৰ দৰে নতুন পৃথিৱীৰ নতুন গ্ৰাহক (যাক আমি zen Gআখ্যা দিও, )ৰ সমল সমূহক আকোৱালী লোৱাতে ক্ষান্ত নাথাকিল।আজিৰ তাৰিখত প্ৰিন্ট, ইলেক্ট্ৰনিক সকলো একাকাৰ হৈ পৰিল। আন্ত:ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত সমূহে প্ৰিণ্ট বাতৰিৰ আনুষংগিকভাৱে বাতৰিটোৰ ভিডিঅ' এটা আৰু ভিডিঅ'টোৰ কথাখিনি লগতে পৰিবেশন কৰে। ফলত বাতৰি এটাৰ আপুনি একেবাৰতে দুটা দিশ পালে । এই খৰতকীয়া, সহজ পন্থাটো নলৈ পঢ়ুৱৈয়ে পুৰণি হোৱা পিছদিনাৰ বাতৰিকাকত ল'ব নে?
ল'ব- একাংশই। আমাৰ দৰে বাতৰি কাকতৰ হাৰ্ড কপিৰ মোহ এৰিব নোৱাৰা সকলেহে পঢ়িব।
অসমৰ বাতৰি কাকতৰ পৃথিৱীখনত এই চিন্তাৰ দীনতা এতিয়াও স্পষ্ট।(কেবাটাও গণমাধ্যম গোষ্ঠীয়ে দেৰিকৈ হ'লেও নৱ মাধ্যমক আকোৱালী ল'বলৈ আৰম্ভ কৰিছেহে এতিয়া)অনলাইন বজাৰখনৰ পৰা হোৱা লাভ আৰু বজাৰ যে দুয়োটাই বিশাল সেয়া সকলোৱেই জানে। ASER 2013 ৰ ত থ্য অনুসৰি..
During the ASER 2023 survey, in sampled rural districts, close to 90% of the 14-18 age group reported having smart phone at home and more than 90% reported being able to use such device …..when the adolescent being surveyed was asked to bring a Smartphone to do the digital tasks, 67% could do so without much difficulty. [Digital Access and Digital possibilities for the future: p 13, ASER (Rural, 2023) Beyond Basics, Published in January 17, 2024]
অৰ্থাৎ, অসমৰ ভৱিষ্যত পঢ়ুৱৈৰ প্ৰায় ৬৭% ই ডিজিটেল মাধ্যম ব্যৱহাৰ কৰাৰ সম্ভাৱণা বেছি!
সাংবাদিকতা নিশ্চিতভাৱে আজি পেছা। এটা চাকৰি; সেৱাৰ ভাৱ থকা সন্মানীয় ব্যৱসায়। সেয়েহে এই 'ব্যৱসায়/পেছাতো'তো আন ব্যৱসায় বা পেছাৰ দৰেই নীতি, আদৰ্শ, মূল্যবোধৰ উপৰি ব্যৱসায় আৰু পেছাৰ বজাৰকেন্দ্ৰীক প্ৰতিযোগীতাৰ নিয়ম আৰু কৌশল জনাটো প্ৰয়োজন। পঢ়ুৱৈয়ে 'নপঢ়ে' বুলি অজুহাত দিয়াতকৈ, কিয় নপঢ়ে তাৰ বিচাৰ কৰাৰ প্ৰয়োজন।আৰু যদি পঢ়ুৱৈয়ে নপঢ়াৰ কাৰণবোৰ জনা যায়, তেনেহ'লে তাৰ প্ৰতিকাৰ কৰা দৰকাৰ। বাতৰি কাকততকৈ যে ভিডিঅ'ৰ প্ৰভাৱ আজিৰ তাৰিখত বেছি সেই কথা সংবাদ মাধ্যমসমূহে বুজক বা নুবুজক চৰকাৰৰ বোধগম্য হৈছে; সেয়েহে কেন্দ্ৰীয় চৰকাৰে Future Opinion Leader বুলি ইউ টিউবাৰক বঁটা প্ৰদান কৰিছে। অসমৰ কাকত সমূহে ভিডিঅ'ৰ ব্যৱহাৰৰ বিষয়ে ভাবি চাব পাৰে।
মুক্ত বিশ্ব , আঙুলিৰ টিপাত জগত ভ্ৰমিব পৰা ক্ষমতা থকা, AI ৰ ভাষা আয়ত্ব কৰা পঢ়ুৱৈৰ ৰুচিও সলনি হৈছে। বিশ্বৰ বিভিন্ন ঠাইত ইতিমধ্যে আৰম্ভ হোৱাৰ দৰে অসমতো AI সন্নিবিষ্ট সাংবাদিকতা অৱধাৰিত।সেই কথা অসমৰ বাতৰি কাকত সংস্থা সমূহে বাৰু বুজি পাইছেনে? সাজু হৈছেনে ?
প্ৰশ্ন হয়- পঢ়ুৱৈ এজনে খৰচ কৰা মূল্যৰ বিনিময়ত বাতৰি পঢ়ি তৃপ্তি পাইনে?
এই বিষয়ে অসমৰ বাতৰি কাকতসমূহে কেতিয়াবা ভাৱিছেনে?
অলপতে সাংবাদিক- সাহিত্যিক মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াই বাতৰিকাকতৰ বিজ্ঞাপনৰ বাবে পঢ়ুৱৈ হেৰুৱাৰ সন্দৰ্ভত দিয়া post এটাত অহা মন্তব্য সমূহ পঢ়িলে বুজা যায় পঢ়ুৱৈ এজনে কিয় নপঢ়া হৈছে!
কেৱল বিজ্ঞাপনেই নহয়, ৰাজনীতি, সমাজনীতিক বাদ দিও ভাষাৰ ব্যৱহাৰ আৰু উপস্থাপনৰ বাবেও পঢ়ুৱৈ আতৰি যায়।( এই ক্ষেত্ৰত ভাস্কৰ জ্যোতি ভূঞাৰ ১৩ দফীয়া মন্তব্য প্ৰণিধানযোগ্য।)
বানানৰ ভুল
ব্যক্তিগতভাৱে, 'আমাৰ অসম' কাকতখন মোৰ প্ৰিয় আছিল। নিজে লিখা মেলাও কৰিছিলো। কিন্ত জানুৱাৰী মাহৰ পৰা মই কাকতখন বাদ দিলো- কাৰণ- অতিমাত্ৰা বানান ভুল। পঢ়োতে বাৰে বাৰে উজুতি খাও। তদুপৰি, কাকতখন যিহেতু মোৰ ল'ৰাইও পঢ়ে সেয়েহে তাৰো বানান ভুল হ'ব। কাকতখনে যে প্ৰুফ ৰিডাৰৰ গুৰুত্ব নাইকিয়া কৰি পেলাইছে, সেয়া সুস্পষ্ট। এয়া অসমীয়া সংবাদমাধ্যমৰ বাবে দুখৰ বিষয়।
শিশু পৃষ্ঠাৰ অভাৱ
আৰু এটা সৰু(!?) কথা- আমাৰ অসমে নিয়ামিয়াকৈ শিশু পৃষ্ঠা প্ৰকাশ নকৰে। এই একেই কাৰণটোতে মই 'নিয়মীয়া বাৰ্তা'কে ধৰি কেবাখনো কাকতবাদ দি 'দৈনিক অসম' কাকতলৈ আহিছো। ল'ৰা-ছোৱালীয়ে কিয় কাকত নপঢ়ে বুলি দু:খ কৰাৰ আগেয়ে সিহঁতক আমি সেই সুবিধা দিব পাৰিছো নে নাই সেই কথাও ভাবি চোৱা প্ৰয়োজন নহয়নে?
আজিৰ পৰা আঠ বছৰ আগতে নুবুজাকৈয়ে কাকত তুলি লোৱা মোৰ আজিৰ দহবছৰীয়া ল'ৰাটো |
এইখিনি সদিচ্ছা মালিক পক্ষৰো নাই। বিজ্ঞাপনৰ দোহাই দি সুবিধাবাদীপক্ষক (সেয়া চৰকাৰ বা বণিকগোষ্ঠী যিয়েই নহওক) নিয়ন্ত্ৰক হোৱাৰ আহ্বান জনোৱাৰ সুব্যৱস্থা কৰি দিয়াহে সুচায়।
বস্তুনিষ্ঠ বাতৰিৰ কঙাল
তদুপৰি, বাতৰিবোৰ বস্তনিষ্ঠ হয়নে? বাতৰিবোৰত প্ৰয়োজনীয় সাধাৰণ অনুসন্ধান খিনিও পোৱা যায়নে?কেৱল মাত্ৰ প্ৰেছ বিজ্ঞপ্তিৰ তথ্যৰে বাতৰি হয়নে? তাৰ আঁৰৰ কথাবোৰ পঢ়ুৱৈ হিচাপে জানিবলৈ মন নায়ায় নে? পালমৰা বাতৰিত হেডলাইন পঢ়িয়েই বুজি পোৱা নাযায়নে?
পঢ়ুৱৈ, সম্পাদক আৰু মালিকপক্ষ
পঢ়ুৱৈৰ প্ৰতি অভিযোগ বহু যদিও পঢ়ুৱৈক বুজি পোৱাৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই! শিশু এটাক বুজি পাবলৈ অভিভাৱকক যিদৰে টকা নালাগে পঢ়ুৱৈক বুজিবলৈ টকা নালাগে। লাগে সংবেদনশীলতা আৰু সদিচ্ছা -সেয়া সম্পাদক আৰু মালিকপক্ষ উভয় পক্ষৰ পৰা প্ৰয়োজন। সম্পাদক হৈছে মা ক এজনী আৰু মালিকজন দেউতাকৰ দৰে। গোপন সত্য যে অৰিয়া অৰি থাকিলেও তেওলোক শেষত একমত । কাচিৎহে বিচ্চেদৰ বাতৰি পোৱা যায়!!(গৰিষ্ঠ সংখ্যক সাংবাদিকৰ এই সদিচ্ছা আৰু সংবেদনশীলতা আছে যদিও তেওলোক অসহায়; উৰ্ধতন কৰ্তৃপক্ষৰ উৰ্ধত থিয় দিবলৈ তেওলোকেও দহবাৰ ভাৱিব লাগে- কাৰণ তেওলোকৰো সংসাৰ আছে; আন দহজনৰ দৰে শিক্ষাগ্ৰহণ কৰি থকা সন্তান আৰু চিকিৎসাৰ খৰছ আছে। এই সকল নমস্য সাংবাদিকে দাঁত মুখ কৰচি নিজে বিবেক দংশনত ভোগাৰ বাদে যে একো কৰিব নোৱাৰে!)
মাক জনীয়ে দেউতাৰ সৈতে একেলগে বা আঁৰ কৰি যিদৰে সংসাৰ এখন চলোৱাৰ অৰ্হতা আহৰণ কৰে সেইদৰে কাকতৰ সম্পাদকজনেও সেইখিনী কৌশল আয়ত্ব কৰা উচিত। কেৱল মাথো পঢ়ুৱৈয়ে নপঢ়ে বুলি পঢ়ুৱৈকে দোষ দিয়া উচিত জানো ? কেৱল বিজ্ঞাপনৰ বাবেই মানুহৰ কাকত নপঢাৰ কিছু ব্যক্তিৰ ধাৰণা আংশিক শুদ্ধ হ'লেও বিজ্ঞানভিত্তিকভাৱে সম্পূৰ্ণ সত্য বুলি গণ্য কৰিব পৰা নাযায়।
আজিৰ এনে প্ৰতিযোগীতাৰ সময়ত বিজ্ঞাপন নোহোৱাকৈ সংবাদ মাধ্যম চলা সম্ভৱনে?
(ক্ৰমশ;)
0 Comments