Books On Assamese Cinema (2)


গ্ৰন্থ: 'জয়মতীৰ জোনাকী বাট'(২০০০)

লেখক: ৰাজীৱ মহন্ত

..................

ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি কিমান জানো? কি জানো? তেওঁৰ নাটক, গীত, কৱিতাই আমাক আচ্ছন্ন কৰি ৰাখিছে; কিন্ত তেওঁৰ মানস কন্যা 'জয়মতী' ৰ নি্ৰ্মানৰ বিষয়ে আমি কিমান জানো? জানিছোনে কেতিয়াবা ৰূপকোৱঁৰৰ প্ৰথম অসমীয়া চিনেমা নিৰ্মানৰ আঁৰৰ কাহিনীসমূহ? 

 অসমীয়া চিনেমাৰ জন্ম কাহিনীৰ নজনা কথা জনাৰ বাবে এখন সুন্দৰ গ্ৰন্থ হৈছে  সাংবাদিক ৰাজীৱ মহন্তৰ 'জয়মতীৰ জোনাকী বাট'(২০০০)।মুঠ আশী পৃষ্ঠাৰ কিতাপখনত 'জয়মতী' আৰু 'ইন্দ্ৰমালতী'ৰ সম্পৰ্কীয় ফটোৰ চাৰিটা পৃষ্ঠাও সংলগ্ন কৰা হৈছে।



 বত্ৰিশ পৃষ্ঠালৈকে বিশদ বিৱৰণ দিয়া হৈছে জয়মতী নিৰ্মানৰ দু:সাহসীক যাত্ৰাৰ। অসমৰ প্ৰথম ষ্টুডিঅ' 'চিত্ৰবন' ৰ প্ৰতিষ্ঠা, 'জয়মতী' চিনেমাৰ চৰিত্ৰ বাচনিৰ বাবে তেতিয়াই কাকতত দিয়া বিজ্ঞাপন, জয়মতী চৰিত্ৰ ৰূপায়নৰ বাবে নাৰী চৰিত্ৰ বিচাৰি কৰা জ্যোতি প্ৰসাদৰ অপৰিসীম কষ্ট ("পিছলৈ তেওঁৰ গাড়ী গৈ কোনো এখন গাৱত সোমালেই আৰম্ভ হৈছিল চিঞৰ বাখৰ-'সৌৱা ছোৱালী চোৰৰ গাড়ী....'"), চৰিত্ৰবোৰ কিদৰে অভিনয় কৰিব লাগিব সেয়া কিদৰে জ্যোতিপ্ৰসাদে বুজাই দিছিল সকলোকে, চেট নিৰ্মানৰ আঁৰৰ কাহিনী, শ্বুটিঙৰ যাত্ৰা, 'জয়মতী'ৰ মুক্তি আৰু প্ৰদৰ্শন, জয়মতীৰ আখ্যান, 'জয়মতী'ৰ আঁৰৰ লোকসকলৰ তথ্য, 'জয়মতী'ৰ প্ৰদৰ্শনীৰ বিজ্ঞাপ্ৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

অসমৰ ফিল্ম শিল্প সন্দৰ্ভত জ্যোতিপ্ৰসাদে লিখা কথাখিনিক ইয়াত সংযোগ কৰা হৈছে।

'জয়মতী' মুক্তিলাভ কৰাৰ পাছত চিত্ৰ সাংবাদিক তথা ছবিখনৰ ল'ৰা ৰজাৰ চৰিত্ৰত অভিনয় কৰা নৰেণ বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি সাক্ষাৎকাৰ লৈছিল। এই সাক্ষাৎকাৰটি তাৰ ১৯ দিনৰ পাছত, ২৯ মাৰ্চত 'তিনিদিনীয়া অসমীয়া'ত প্ৰকাশ পাইছিল। এই সাক্ষাৎকাৰটিৰ পূৰ্ণ ৰূপেৰে কিতাপখনত দিয়া হৈছে।সাক্ষাৎকাৰটি গুৰুত্বপূৰ্ণ এই বাবেই যে ইয়াত বেজবৰুৱা দেৱে 'জয়মতী' চিনেমাখন সন্দৰ্ভত সোণসেৰীয়া মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে- 'জয়মতীৰ পৰিবেশ' একেবাৰে সেই কালৰ যেন লাগে! অভিনয় হলিউদৰ লেখিয়া, ...জয়মতী ফিল্ম 'with all thy faults I love thee..."...

কিতাপখনত 'ৰূপকোৱঁৰক থকা সৰকা কৰা সেই সমালোচনাটি' শীৰ্ষৰে ১৯৩৫ চনৰ এপ্ৰিল -মে সংখ্যাত 'আৱাহনৰ' পাতত উমেশ চন্দ্ৰ বৰুৱাই প্ৰকাশ কৰা 'জয়মতী ফিল্ম' সমালোচনাটি হুবহু ৰূপত তুলি দিয়া হৈছে।সমালোচনাটি সন্দৰ্ভত 'আৱাহন'ৰ সম্পাদকৰ মন্তব্যকো লেখকে যোগ কৰি দিছে।

প্ৰখ্যাত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱে জয়মতীৰ কাহিনী সম্পৰ্কত 'বুৰঞ্জীৰ অপলাপ' নামেৰে আন এটি লেখা প্ৰকাশ কৰিছিল ১৯৩৫ চনৰ মে'-জুন সংখ্যাৰ 'আৱাহনত'। এই সমলোচনাটিও হবহু উদ্ধৃতি কিতাপখনত দিয়া হৈছে।(জ্যোতিপ্ৰসাদে চলন্ত কিংবদন্তী এটিৰ ওপৰত ভিত্তি কৰিয়েই জয়মতী কুঁৱৰীৰ আখ্যান ভুলকৈ উপস্থাপন কৰিলে বুলি আক্ষেপ কৰিছিল। অৱশ্যে লক্ষ্মীনাথ বেজবৰুৱাই এই কথা খন্ডন কৰি তেওঁৰ জয়মতীৰ কাহিনীভাগেই সচঁা বুলি জ্যোতি প্ৰসাদক জনাইছিল। অৰ্থাৎ, প্ৰথম অসমীয়া চিনেমা 'জয়মতী' সোমাই পৰিছিল কাহিনী সম্পৰ্কৰ বিতৰ্কত!)

'ৰূপকোঁৱৰৰ দিনলিপিৰ পাত লুতিয়াই' লেখকে লিপিবদ্ধ কৰিছে 'জয়মতী' দ্বিতীয়বাৰৰ বাবে মুক্তি দিয়াৰ সময়ত জ্যোতিপ্ৰসাদে তথ্য টুকি থৈ যোৱা দিনলিপিৰ কিয়দাংশ...

'জ্যোতিৰ দ্বিতীয় পাহ পুস্প 'ইন্দ্ৰমালতী'ৰ বিষয়েও মহন্তদেৱে বৰ্ণনা কৰিছে। নটসূৰ্যই ইন্দ্ৰমালতীৰ স্মৃতি ৰোমন্থন কৰিছে অসম বাণীৰ পাতত। লেখকে সেয়া বুটলি আনি কিতাপখনৰ সৌষ্ঠব বৃদ্ধি কৰিছে।কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱা আজিৰ জ্যোতি ভাৰতী আছিল একালৰ বহু বাস্তৱ ইতিহাসৰ সাক্ষী 'পকী' ল 'পকীৰ পৰা জ্যোতিভাৰতীলৈ ' বুলি লেখক মহন্ত ডাঙৰীয়াই পকীৰ পৰিক্ৰমাক ধৰি ৰাখিবৰ যত্ন কৰিছে।মহাত্মা গান্ধী, ডা০ ৰাজেন্দ্ৰ প্ৰসাদ আদিকে ধৰি বিভিন্ন সময়ৰ পকীৰ আলহীসকল আৰু তেওলোক অহাৰ সময়খিনিও ইয়াত ধৰি ৰখা হৈছে।

'বাণ থিয়েটাৰ, কনচাৰ্ট পাৰ্টি, জ্যোতিপ্ৰসাদ আদি' শিৰোনামৰে লেখকে বাণ থিয়েটাৰ আৰু জ্যোতিপ্ৰসাদৰ সান্নিধ্যক সোঁৱৰণ কৰিছে।

চিনেমা নিৰ্মান কৰিলেই জানো হ'ব? চিনেমা দেখুৱাবলৈ হ'ল এটা জানো নালাগিব? সেয়েহে নিৰ্মাণ হ'ল অসমৰ প্ৰথম ছবিগৃহ 'জোনাকী'। 'জোনাকী'ৰ সৈতে জড়িত হৈ থকা অভিজ্ঞতাখিনিকো লেখকে কিতাপখনত অন্ৰভুক্ত কৰি জ্যোতিপ্ৰসাদৰ চিনেমা নিৰ্মানৰ যাত্ৰাৰ ধাৰণা এটি দিবৰ যত্ন কৰিছে।

'জয়মতীৰ জোনাকী বাট'ৰ লেখা শেষ হৈছে শতিকটোৰ অসমীয়া ছবিৰ (১৯৯৯ লৈকে) তালিকাৰে।

লেখাৰ পাছত সংলগ্ন কৰা ক'লা - বগা ছবিয়ে অৱশ্যে ফুটাই তুলিছে অসমীয়া চিনেমাৰ বৰণীয়া অভিযাত্ৰাক....

***********

Publisher: Jina Lekharu Bora, Bandana Bora, 

Published by: Mathures, Guwahati

********

কৃতজ্ঞতা: গ্ৰন্থ সংগ্ৰহ কৰি কিতাপখন পঢ়িবলৈ দিয়াৰ বাবে সংগীতা বৰাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লো।

Post a Comment

0 Comments