এতিয়াৰ গণৰাজ্য দিৱস আৰু আমাৰ শৈশৱৰ গণৰাজ্য দিৱস উদযাপনৰ মাজত আকাশ- পাতালৰ পাৰ্থক্য আছে। আমাৰ সময়ত গণৰাজ্য দিৱস আছিল আনন্দ আৰু ভয়ৰ মিশ্ৰিত এটি অনুভূতি। আশীৰ দশকৰ শিশু আমিবোৰ আৰু নব্বৈত আছিল আমাৰ কৈশোৰ আৰু যৌৱন। আনন্দৰ কাৰণ অৱশ্যে বহুত আছিল। তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন। একেবাৰে সৰুতে, গণৰাজ্য দিৱসৰ দিনা , দেউতা নহ'লে মাই পুৱাই উঠি খুলি দিয়া টি ভিটোৰ দুৱ…
Read moreদুচকুত হাজাৰ সপোন লৈ উনৈশ বছৰীয়া ছোৱালীজনীয়ে আমেৰিকাত ভৰি থৈছিলহি। উচ্চ শিক্ষাৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰা, সুদূৰ ভাৰতৰ স্বাধীনচিতীয়া ছোৱালীজনীয়ে এদিন লগ পাই গ'ল জামাইকাৰ পৰা অহা প্ৰতিবাদী কৃষ্ণাংগ যুৱকজনক।মানৱ অধিকাৰৰ সংগ্ৰামৰ দিনবোৰত ক্ৰমশ: আকৰ্ষিত হ'ল দুয়ো । সপোন দেখা ছোৱালীজনীয়ে ঘৰত নজনোৱাকৈয়ে তেওঁক আকোৱালী ল'লে। আৰম্ভ হ'ল …
Read moreদ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা ক্ৰমশ: শক্তিশালী ৰূপে থিয় দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে গণতন্ত্ৰৰ সবল ৰখীয়া বুলি গৌৰৱ কৰি আহিছিল। মুক্ত চিন্তা, অগ্ৰণী ভাৱধাৰা, নতুনত্বৰ পথ প্ৰৱৰ্তক বুলি সততে দোহাৰিও আহিছিল। পক্ষপাত দুষ্ট সংবাদ মাধ্যমে পশ্চিমীয়া সভ্যতা আৰু জীৱন যাত্ৰাক শ্ৰেষ্ট বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই আছিল/ আছে। প্ৰভাৱশালী আৰু ধনী সংবাদ মাধ্যম সমূহৰ এ…
Read moreসময়বোৰ যেন ৰৈ হে গৈছিল! যোৱাবছৰৰ এই সময়খিনিত আমিবোৰে বিভাগত বহি বহি চীনত আৰম্ভ হোৱা নতুন ৰোগবিধৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে কথা পাতি আছিলো । ইমান অসুবিধাৰ মাজতো তেওলোকে শিক্ষা প্ৰচেষ্টা চলাই আছিল !আমি আচৰিত হৈছিলো, অন লাইন শিক্ষাই সকলোকে স্পৰ্শ কৰিব পাৰিছেনে?তেতিয়া আমি অৱশ্যে কল্পনাও কৰিব পৰা নাছিলো যে খুব সোনকালেই আমিও এই অভিজ্ঞতাৰ সন্মুখিন হ'ব …
Read moreগাঁওবোৰ তেতিয়া সোনকালেই শুই পৰিছিল। চাৰে ন বজা মানে বহু নিশা। আমি কুমলীয়াবোৰ তেতিয়া বিছনাত থাকো।আমাৰ বিছনাখনৰ কাষতে কাঠৰ খিৰিকিখন । শৰতকালৰ এনে সময়ত বা গ্ৰীস্মৰ উতলা গৰমৰ পৰা হাত সাৰিবলৈ কেতিয়াবা খিৰিকিখন খুলি দিও। আৰু তেতিয়াই জোনৰ পোহৰবোৰে আহি মোৰ বিছনাত খেলা আৰম্ভ কৰে। কাষতে থকা নাৰিকল গছৰ পাতবোৰ জোনৰ পোহৰত চিকমিকাই উঠে। বিদ্যুতৰ কৃত্ৰিম পোহৰ নথকা দিনবোৰ…
Read moreবিজ্ঞান সংযোগীকৰণ (science communication) ৰ শ্ৰেণীত এজন ছাত্ৰই মোক এটা প্ৰশ্ন সুধিছিল- "আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?" তেওঁৰ এই প্ৰশ্নটোত উত্তৰ দিবলৈ মই সঠিককৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা নাছিলো- যিহেতু জ্যোতিষ সম্পৰ্কে মোৰ পূৰ্বৰ সকলো অভিজ্ঞতা হয়তো হাস্যকৰ নহয়টো তিক্ততামূলক! জ্যোতিষ শব্দটোৰ সৈতে মোৰ চিনাকী অৱশ্যে খুব পুৰণি নহয়। গাৱত থকালৈকে…
Read moreভূপেন হাজৰিকাৰ নামটো সৰুতে আমাৰ বাবে আছিল কৌতুহলৰ বিষয়। কেতিয়াবা বিদ্যালয়ৰ পৰা আহিয়েই দেখিছিলো, দেউতাই স্কুটাৰখন লৈ ওলাই গৈছেগৈ। ইমান দৌৰা দৌৰিকৈ ক'লৈ গৈছে দেউতা? : দুণ্ডী বৰতাৰ ঘৰলৈ।- কোনোবা এজনে হয়তু উত্তৰ দিছিল। :ভূপেন হাজৰিকা আহিব নেকি? :ও :প্ৰায়ে নলতলীত, দুণ্ডী বৰদেউতাৰ ঘৰত (বিশিষ্ট নাট্যকৰ্মী ঁদেৱেন ভূঞাই 'চিৰাজ' চিনেমাখনত অভিনয় কৰি…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin