অপ্ৰত্যাশিতভাৱে মা ৰ কেঞ্চাৰ ধৰা পৰিছিল আৰু সলনি হৈ গৈছিল মোৰ জীৱনৰ গতিধাৰাও.... মনত আছে ...সেইদিনা কলেজৰ পৰা আমি পামহি গাৱৰ পাৰিজাত একাডেকমীলৈ গৈছিলো। তেতিয়াৰ কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা শিশুৰ মনত বিজ্ঞান মানসিকতা জন্মোৱাৰ উদ্দ্যেশ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আমি তিনিজন আছিলো সেইদিনা- প্ৰয়াত অনামিকা বাইদেউ, মই আৰু ভাতৃ প্ৰত…
Read moreপ্ৰতিদিনে বাঢিছে ধৰ্ষণৰ বাতৰিবোৰ ৷ সৰু-সুৰা নহয়- দলবদ্ধ ধৰ্ষণৰ ঘটনাও বাঢ়ি আহিছে প্ৰতিদিনে৷ অসমত জন্ম লৈছো বাবে ছোৱালী হিচাপে সুৰক্ষিত বুলি এসময়ত নিজে কৰা অহংকাৰক যেন মই নিজেই দিনে দিনে সন্দেহহে কৰিম! কিয় এনে হৈছে? এখন ক্ষয়িষ্ণু সমাজে যেন মোক ভয়াৱহ ভবিষ্যতৰ অন্ধকাৰকহে আঙুলিয়াই দিছে! অৱশ্যে তাৰমাজতো, কিছুমান সাহসী নাৰীৰ কাহিনীয়ে মোক প্ৰায়ে চমকিত কৰি তোলে। …
Read moreএতিয়াৰ গণৰাজ্য দিৱস আৰু আমাৰ শৈশৱৰ গণৰাজ্য দিৱস উদযাপনৰ মাজত আকাশ- পাতালৰ পাৰ্থক্য আছে। আমাৰ সময়ত গণৰাজ্য দিৱস আছিল আনন্দ আৰু ভয়ৰ মিশ্ৰিত এটি অনুভূতি। আশীৰ দশকৰ শিশু আমিবোৰ আৰু নব্বৈত আছিল আমাৰ কৈশোৰ আৰু যৌৱন। আনন্দৰ কাৰণ অৱশ্যে বহুত আছিল। তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন। একেবাৰে সৰুতে, গণৰাজ্য দিৱসৰ দিনা , দেউতা নহ'লে মাই পুৱাই উঠি খুলি দিয়া টি ভিটোৰ দুৱ…
Read moreদুচকুত হাজাৰ সপোন লৈ উনৈশ বছৰীয়া ছোৱালীজনীয়ে আমেৰিকাত ভৰি থৈছিলহি। উচ্চ শিক্ষাৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰা, সুদূৰ ভাৰতৰ স্বাধীনচিতীয়া ছোৱালীজনীয়ে এদিন লগ পাই গ'ল জামাইকাৰ পৰা অহা প্ৰতিবাদী কৃষ্ণাংগ যুৱকজনক।মানৱ অধিকাৰৰ সংগ্ৰামৰ দিনবোৰত ক্ৰমশ: আকৰ্ষিত হ'ল দুয়ো । সপোন দেখা ছোৱালীজনীয়ে ঘৰত নজনোৱাকৈয়ে তেওঁক আকোৱালী ল'লে। আৰম্ভ হ'ল …
Read moreদ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা ক্ৰমশ: শক্তিশালী ৰূপে থিয় দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে গণতন্ত্ৰৰ সবল ৰখীয়া বুলি গৌৰৱ কৰি আহিছিল। মুক্ত চিন্তা, অগ্ৰণী ভাৱধাৰা, নতুনত্বৰ পথ প্ৰৱৰ্তক বুলি সততে দোহাৰিও আহিছিল। পক্ষপাত দুষ্ট সংবাদ মাধ্যমে পশ্চিমীয়া সভ্যতা আৰু জীৱন যাত্ৰাক শ্ৰেষ্ট বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই আছিল/ আছে। প্ৰভাৱশালী আৰু ধনী সংবাদ মাধ্যম সমূহৰ এ…
Read moreসময়বোৰ যেন ৰৈ হে গৈছিল! যোৱাবছৰৰ এই সময়খিনিত আমিবোৰে বিভাগত বহি বহি চীনত আৰম্ভ হোৱা নতুন ৰোগবিধৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে কথা পাতি আছিলো । ইমান অসুবিধাৰ মাজতো তেওলোকে শিক্ষা প্ৰচেষ্টা চলাই আছিল !আমি আচৰিত হৈছিলো, অন লাইন শিক্ষাই সকলোকে স্পৰ্শ কৰিব পাৰিছেনে?তেতিয়া আমি অৱশ্যে কল্পনাও কৰিব পৰা নাছিলো যে খুব সোনকালেই আমিও এই অভিজ্ঞতাৰ সন্মুখিন হ'ব …
Read moreগাঁওবোৰ তেতিয়া সোনকালেই শুই পৰিছিল। চাৰে ন বজা মানে বহু নিশা। আমি কুমলীয়াবোৰ তেতিয়া বিছনাত থাকো।আমাৰ বিছনাখনৰ কাষতে কাঠৰ খিৰিকিখন । শৰতকালৰ এনে সময়ত বা গ্ৰীস্মৰ উতলা গৰমৰ পৰা হাত সাৰিবলৈ কেতিয়াবা খিৰিকিখন খুলি দিও। আৰু তেতিয়াই জোনৰ পোহৰবোৰে আহি মোৰ বিছনাত খেলা আৰম্ভ কৰে। কাষতে থকা নাৰিকল গছৰ পাতবোৰ জোনৰ পোহৰত চিকমিকাই উঠে। বিদ্যুতৰ কৃত্ৰিম পোহৰ নথকা দিনবোৰ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin