"আপোনাৰ ল'ৰা নাই? তিনিজনী ছোৱালী? ইচ্, পিছলৈ কোনে চাব?"- মই জনা-বুজা হোৱাৰে পৰা দেখি অহা আৰু বেয়া পোৱা কথাটোৱেই আছিল এইটো!যেতিয়াই ঘৰলৈ নতুন আলহী আহিছিল; ক'ৰবাত উৎসৱ-পাৰ্বনলৈ গৈছিলো তেতিয়াই প্ৰায়ে মা এই প্ৰশ্নৰ সন্মুখিন হৈছিল। মা শান্ত প্ৰকৃতিৰ ব্যক্তি আছিল।সেয়ে তেওঁ নিৰৱে মিচিকিয়াইছিল মাথো(অপমানিত অনুভৱ কৰিছিল নে চাগৈ?)।ডাঙৰ হোৱাৰ পাছৰে …
Read moreযিটো কথাই মোৰ শৈশৱৰ সুখৰ সময় কাঢ়ি নিবৰ প্ৰায়ে যত্ন কৰিছিল - সেয়া হৈছে: মোৰ চেহেৰা । বাইদেউ, ভন্টি, সমনীয়া কোনো মোৰ সমান শকত নাছিল। ফলত চুবুৰীয়া, লগৰীয়া , আত্মীয় সকলোৱে মোক জোকাইছিল। স্বাভাবিকতেই মোৰ খং উঠিছিল আৰু প্ৰত্যুত্তৰবোৰো গোজোৰা মৰাই আছিল।মোৰ খঙাল উত্তৰত সকলোৱে বৰ ৰস লৈছিল! (আজিৰ তাৰিখত ভাবো এয়া আছলতে bullying আছিল!) এদিন এটা ঘটনা ঘটিল।মা ৰ পৰিয়াল…
Read moreঠিক ১৪ বছৰ মান বয়সলৈকে তোলনি নোহোৱা ছোৱালীৰ মানসিক চাপ আৰম্ভ হয়। সেই চাপ কেৱল তাইৰ হৈ নাথাকি ঘৰ খনৰ হৈ পৰে; চুবুৰিলৈ বাগৰি যায়!ঋতুমতী নোহোৱাটো ছোৱালীজনীৰ বাবে অভিশাপ হৈ পৰে! তাহানিৰ তোলনি-বিয়াত আঁয়তিসকলে ঋতুমতী ছোৱালী এজনীক হয়তু জীৱনৰ বাবে সাজু কৰিছিল- কষ্টকৰ জীৱনত নাচি বাগি তেওলোকেও ক্ষণিক আনন্দ কৰিছিল- কলগছক স্বামী সজাই ছোৱালীজনীৰ ভবিষ্যতৰ আখৰা কৰিছিল!…
Read moreএটা পৰম্পৰা- ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ ঘটনাটোক বিয়া হিচাপে আমাৰ পালন কৰা হয়- নাম টোলনী বিয়া/ সৰু বিয়া! মোৰ মনত আছে- বাৰ বছৰৰ কোনোবা এটা সন্ধিয়াত যেতিয়া মোৰ শৰীৰৰ আজৱ পৰিবৰ্তনটো ঘটিছিল ; মায়ে খবৰটো দিয়াৰ পাছতে দেউতা দৌৰ মাৰিছিল লক্ষী গোঁসাইৰ তাত চোৱাবলৈ। জন্ম-মৃত্যুৰ দৰে এই প্ৰাকৃতিক ঘটনাটোৰো হেনো বিধান আছে!মাই কান্দিছিল- "ছোৱালী ডাঙৰ হ'ল" ব…
Read moreচোতালখন বুলিলেই মনত পৰে শৈশৱৰ ধেমালীবোৰলৈ। আমি কেৱল আমি তিনিজনী বাই-ভনীয়েই নাছিলো- বাবমুনুদাহঁত, বাছা, আইমণী বা..আমি সকলোৱে বৃহৎ চোতালখনত উমলি জামলি ডাঙৰ হৈছিলো। বাৰান্দাৰ শেষ আৰু চোতালৰ আৰম্ভণিতে থকা আমাৰ ঘৰৰ বহিব পৰা সেই ঠাইখিনিতে মা আৰু কুন্তল বাইদেৱে ( সম্বোধন হ'ব লাগিছিল জেঠাই ; পিছে স্কুলৰ বাইদেউ হোৱাত কোনোদিন আৰু জেঠাই নহলগৈ!) বহি বহি কথা পাতি আ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin