কি কি কৰিছিলোতকৈ, কি কি কৰা নাছিলো - সেই প্ৰশ্নহে আজিৰ তাৰিখত বোধহয় সঠিক হ'ব! কটন কলেজৰ (তাহানিৰ!) গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ চাকৰিটো অস্থায়ী আছিল যদিও বোধহয় মোৰ /আমাৰ দায়িত্ব বহু স্থায়ী মানুহতকৈ বেছি আছিল।পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ মান বজালৈ কাম থাকিছিল। ছাত্ৰ-ছাত্ৰীৰ Practical ৰ বাবে Audio-Visual magazine দাপোন-The Mirror বা lab journal আমাৰ ম…
Read moreআমাৰ সময়ত মেট্ৰিক পৰীক্ষাত অহা সাম্ভাব্য ৰচনা এখন আছিল 'মোৰ জীৱনৰ লক্ষ্য'। হাঁহি উঠে এতিয়া; নিজৰ জীৱনৰ লক্ষ্য ঠিক নকৰাকৈয়ে আমিবোৰে পৰীক্ষাকেন্দ্ৰীক উদ্দেশ্যেৰে ৰচনা এখন বঢ়িয়াকৈ সাজু কৰি মুখস্থ কৰিছিলো। (বহুতে একেখনকে লিখিছিল আৰু আমাৰ তিনি বাই ভনিৰো ৰচনাত জীৱনৰ লক্ষ্য একেখনেই চলি থাকিল!) তাৰ আগতে অৱশ্যে লক্ষ্যধৰ চৌধুৰীদেৱৰ বিখ্যাত কবিতাটোৰ সৈতে …
Read moreঠিক টোপনিটো আৰম্ভ হৈছিলহেনে- ভঙা ঘিলাৰ বিষটোৱে অতিষ্ঠ কৰি তুলিছে। বিষ মানে প্ৰচন্ড বিষ। কান্দিবৰ মন যোৱাকৈ বিষ। দিনটোৰ ক্লান্তিত শুই পৰা কাকো জগাবলৈ সত নাই যোৱা। ইকাটি-সিকাতি কৰিলেই ঘিলাটোৱে যেন হুমকিহে দি উঠে! বুজিলো- আৰু এটা ভয়ংকৰ নিশা উজাগৰে কটাব লাগিব। অথচ উজাগৰী নিশাবোৰ মোৰ কিমান প্ৰিয় আছিল! হোষ্টলীয়া জীৱনৰ মাদকতা মানেই যেন আছিল উজাগৰি নিশা। ৰাতিটো…
Read more২৩ ডিচেম্বৰ।পুৱা ৮.২০ মিনিট। ছোৱালীক স্কুল পঠিৱাৰ বাবে দৌৰা-দৌৰি কৰাৰ সময়। সেইদিনা তাইৰ স্কুলত আছিল প্ৰি- খ্ৰীষ্টমাছ উদযাপন । আগদিনা আহি পোৱা জুৰে আগ্ৰহৰে ভনিয়েকক সাজু কৰিছে। টিফিন-স্কুলবেগ সাজু কৰি ঠিক ডাইনিং টেবুলখনৰ ওচৰ পাওটেই মই মৰণকাতৰ চিঞৰ এটা মাৰি পৰি গ'লো। মই পৰিলো আৰু আঠুত কটককৈ হোৱা শব্দটোত মই বুজিলো মোৰ আঠুত বাৰুকৈয়ে কিবা এটা ঘটিছে। তীব্ৰ য…
Read moreলাইট যোৱাৰ সৈতে সিহঁতৰ সম্পৰ্ক নাছিল( সহজকৈ সৰুতে আমি 'লাইট যোৱা' বুলিয়েই কৈছিলো। কাৰেণ্ট বা বিজুলি সৰবৰাহ বন্ধ হোৱাৰ ভাষাটো আমাৰ বাবে আছিল ৰেডিঅ'ত বজা মান্য ভাষাহে!) ইনভাৰ্টাৰ জন্মৰে পৰা দেখা হেতুকে ল'ৰা-ছোৱালী দুটাৰ আন্ধাৰ ৰ সৈতে ঘন পৰিচয় নাই। তাতে গুৱাহাটীত আমাৰ আশে পাশে থকা অট্টালিকাসমূহতো পোহৰৰ নিৰৱচ্ছিন্ন প্ৰৱাহ। কেৱল গুৱাহাটীতে নহয়, …
Read moreসকলো ঘটনা বাতৰি নহয়। ঘটনা এটা ঘটাৰে পৰা বাতৰিৰ ৰূপ পাই দৰ্শক / পঢ়ুৱৈৰ ওচৰ পোৱালৈকে -এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়াটোত, বাতৰি আৰু পঢ়ুৱৈৰ মাজৰ সংযোগ স্থাপন কৰা জনেই হৈছে সহজ অৰ্থত সাংবাদিক। শেহতীয়াকৈ সাংবাদিক আৰু সাংবাদিকতাৰ বিষয়ত বহুবোৰ বিষয় উত্থাপিত হৈছে ৷ বহু লোকে মন্তব্য কৰিছে, এতিয়া আৰু ‘ভাল’ সাংবাদিক নাই৷ সঁচা হয় জানো? গণ মাধ্যম শিক্ষ…
Read moreএটা বিজ্ঞাপনে অসমত হঠাতে ভূমিকম্পৰ সৃষ্টি কৰিলে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছদিনাই বিজেপি দলে কাকত সমূহৰ Masthead ৰ তলতে দিয়া বিজ্ঞাপনে কেৱল চমক সৃষ্টি কৰাই নহয়; ই বহু বোৰ বিষয়ো উত্থাপন কৰিলে। অৱশ্যে এনে বিজ্ঞাপন নতুন নহয়। The Hindu, Times of India আদিৰ দৰে আগশাৰীৰ কাকতসমূহেও এই ঠাই ব্যৱসায়িক প্ৰদৰ্শনৰ বাবে এৰি দিছিল। Skybus বিজ্ঞাপন নামেৰে শ্ৰেণীৱদ্ধ কৰা এ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin